সংবিধান সংশোধনী বিধেয়ক গৃহীত সংসদত
নিয়মীয়া বাৰ্তা, ১৯ জুনঃ তিনি ভাৰতীয় ভূখণ্ডক সামৰি প্রস্তুত কৰা দেশখনৰ ৰাজনৈতিক আৰু প্রশাসনিক মানচিত্রক ন্যায্যতা দিবলৈ আজি নেপালৰ সংসদত সর্বসন্মতিক্রমে গৃহীত কৰা হয় সংবিধান সংশোধনী বিধেয়ক৷ নেপালৰ নতুন মানচিত্রক লৈ ভাৰতৰ আপত্তিক আওকাণ কৰি একপ্রকাৰ প্রত্যাহ্বান জনাই নেপালৰ সংসদত বুধবাৰে সংবিধান সংশোধনী বিধেয়কখন গৃহীত কৰা হয়৷
যোৱা শনিবাৰে নেপালৰ নিম্ন সদনত নতুন মানচিত্রখনক লৈ বিধেয়কখন গৃহীত হোৱাৰ পাছত নতুন দিল্লীয়ে কৃত্রিমভাৱে ভূমিখণ্ড বৃদ্ধি কৰা বুলি নেপালক আপত্তি জনাইছিল যদিও নতুন দিল্লীৰ এই আপত্তিক গুৰুত্ব নিদিলে চৰকাৰখনে৷ আজি নেপালৰ সংসদৰ উচ্চ সদনত বিধেয়কখন গৃহীত হয়৷ দুয়ো সদনতে সর্বসন্মতিক্রমে বিধেয়কখন গৃহীত হোৱাৰ পাছতেই কার্যতঃ ই আইনী ন্যায্যতা পোৱাটো নিশ্চিত হয়৷
তাৎপর্যপূর্ণ যে ৮ মে’ত কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী লিপুলেখ পাছ আৰু ধাৰছুলাৰ সংযোগী ৮০ কিলোমিটাৰ দূৰত্বৰ পথ এটি মুকলি কৰাৰ পাছতে নেপালে ভাৰত বিৰোধী কার্যকলাপত লিপ্ত হয় আৰু নতুন মানচিত্রত ভাৰতৰ তিনি ভূখণ্ডক সামৰি লয়৷ ভাৰতীয় ভূখণ্ড লিপুলেখ, কালাপানী আৰু লিম্পিয়াধুৰাক নিজ দেশৰ ভূমি হিচাপে লৈ নেপালে নতুন মানচিত্রখন প্রস্তুত কৰে৷ এই বিতর্ক চলি থকাৰ সময়তে নেপালে একপ্রকাৰ ভাৰতক অৱজ্ঞা কৰি সংবিধান সংশোধনী বিধেয়ক গৃহীত কৰাটো তাৎপর্যপূর্ণ৷ চুবুৰীয়া ৰাষ্ট্র চীন আৰু পাকিস্তানে ভাৰতৰ বিৰুদ্ধে আগ্রাসী ভূমিকা লৈ থকা সময়তে মৈত্রী দেশ হিচাপে পৰিচিত নেপালৰ ভূমিকাও চিন্তনীয়৷