ৰাজ্যসভা নিৰ্বাচনঃ ক’ৰোনাক্ৰান্ত বিধায়কৰ পিপিই কিট পিন্ধি ভোটদান
নিয়মীয়া বাৰ্তা, ১৯ জুনঃ আজি ৰাজ্যসভাৰ ১৯খন আসনক লৈ হোৱা ভোটদান প্ৰক্ৰিয়াত মধ্যপ্ৰদেশৰ এগৰাকী বিধায়কে ভোটদান কৰিলে পি পি ই কিট পৰিধান কৰি। বিধায়কগৰাকী কংগ্ৰেছৰ কুনাল চৌধুৰী।
মধ্য প্ৰদেশত ৩খন আসনক লৈ চলা ৰাজ্যসভাৰ সাংসদ নিৰ্বাচনৰ এই ভোটদান প্ৰক্ৰিয়াত চৌধুৰীয়ে পি পি ই কিট পৰিধান কৰাৰ কাৰণ হ’ল তেওঁ ক’ৰোনাক্ৰান্ত। কেইদিনমান আগেয়ে ক’ভিড-১৯ ধৰা পৰিছিল বিধায়কগৰাকীৰ দেহত। জন-নিৰাপত্তা আৰু গণতন্ত্ৰ ৰক্ষাৰ দায়বদ্ধতাৰ খাতিৰত পি পি ই কিট পিন্ধি হ’লেও চৌধুৰীয়ে কৰিলে ভোটদান।