যোৰহাট–গোলাঘাটৰ ৰাষ্ট্রীয় ঘাইপথ এতিয়া অবৈধ সুৰাৰ গ্রীন কৰিড’ৰ
নিয়মীয়া বাৰ্তা ২০ জুনঃ নাগালেণ্ডক কেন্দ্র কৰি অসমৰ ৰাষ্ট্রীয় ঘাইপথেৰে অৰুণাচলী সুৰাৰ অবাধ সৰবৰাহ হৈ থকাৰ পাছতো আবকাৰী বিভাগে কঠোৰ ব্যৱস্থা গ্রহণ নকৰাৰ ফলতে সুৰা মাফিয়াৰ দপদপনি দুগুণ বৃদ্ধি পোৱা বুলি সর্বত্র চর্চিত হৈছে৷ সম্প্রতি অসমৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথ, ৩৯নং ৰাষ্ট্রীয় ঘাইপথ, ৩৬নং ৰাষ্ট্রীয় ঘাইপথেৰে অৰুণাচলৰ পৰা অসম চৰকাৰৰ তথাকথিত কেইবাখনো তালাচী চকী পাৰ হৈ নাগালেণ্ডলৈ সৰবৰাহ হৈ আহিছে বছৰি ২৩০ কোটি টকাৰ অবৈধ অৰুণাচলী সুৰা৷ নাগালেণ্ডৰ সেনা ছাউনীত সুৰা যোগানৰ নামত সুৰা সম্রাট ৰূপী বীৰা সিং, পিণ্টু সিঙে বছৰি হাজাৰ হাজাৰ কার্টন সুৰা অৰুণাচলৰ পৰা নাগালেণ্ডলৈ নির্বিঘ্ণে সৰবৰাহ কৰি আহিছে৷ সেনা ছাউনীত সুৰা যোগানৰ নামত চালান কাটি অৰুণাচলী সুৰাৰ অবাধ বেহা গঢ়ি তুলিছে সুৰামুক্ত ৰাজ্য নাগালেণ্ডকে ধৰি অসমৰ সীমামূৰীয়া জিলাকেইখনক৷ যাৰ বাবে অসম চৰকাৰে হেৰুৱাইছে বছৰি কোটি কোটি টকাৰ ৰাজহ৷ অসম–নাগালেণ্ড সীমান্তৰ খটখটীত অবৈধ অৰুণাচলী সুৰা বৃহৎ গুদামত মজুত কৰি সুৰামুক্ত ৰাজ্য নাগালেণ্ডলৈ প্রেৰণ কৰাৰ উপৰি সুৰা মাফিয়া বীৰা সিং, জয়ছোৱাল আৰু পিণ্টু সিঙে অসমৰ সীমান্তৰ জিলাত অৰুণাচলী সুৰাৰ ধল বোৱাই দিছে৷ তাৰ পাছতো এই সুৰা মাফিয়াত্রয়ক আবকাৰী বিভাগে কোনো ধৰণৰ কঠোৰ ব্যৱস্থা গ্রহণ কৰাৰ বিপৰীতে ২–৩খন সুৰাৰ ড্রাক জব্দ কৰিয়েই নিজৰ দায়িত্ব সামৰিছে বুলিহে বিভিন্ন মহলত চর্চিত হৈছে৷ বিগত বর্ষত গোলাঘাট জিলা আবকাৰী বিভাগে ৭খনকৈ কণ্টেইনাৰ সুৰাভর্তি ড্রাক জব্দ কৰি বৃহৎ সফলতা লাভ কৰিছিল যদিও পৰৱর্তী সময়ত তেনে কোনো বিশেষ ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত নহ’ল৷ কিন্তু অসমৰ ৩৭নং, ৩৯নং, ৩৬নং ৰাষ্ট্রীয় ঘাইপথক অবৈধ সুৰাৰ কৰিড’ৰ হিচাপে গঢ়ি তুলি গোলাঘাটৰ মাজেৰে নাগালেণ্ড অভিমুখে প্রতিদিনে প্রায় ২–৩খন সুৰাভর্তি ড্রাক অনায়াসে চলাচল কৰি আহিছে৷ আনহাতে, অসম–নাগালেণ্ড সীমান্তৰ মেৰাপানী, গেলেকী, মৰিয়নি আদি ভিন্ন স্থানত এতিয়া এই সুৰা মাফিয়াত্রয়ে এক বৃহৎ নেটৱর্ক গঢ়ি তুলি অৰুণাচলী সুৰাৰ অবাধ প্রচলনেৰে অসমৰ ৰাজকোষত ৰামটাঙোন শোধাই আহিছে৷ এইক্ষেত্রত সুৰা মাফিয়া বীৰ সিং, জয়ছোৱাল, পিণ্টু সিঙৰ বিৰুদ্ধে ৰাজ্যৰ গৃহ বিভাগে কেৱল গোচৰ তৰিয়েই দায়িত্ব সামৰি আন কোনো ধৰণৰ কঠোৰ ব্যৱস্থা গ্রহণ কৰাৰ বিপৰীতে একপ্রকাৰৰ আত্মসমর্পণ কৰাহে পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে অসম–নাগালেণ্ড সীমান্তৰ অসমৰ জিলাসমূহত সম্প্রতি অৰুণাচলী সুৰাৰ প্রচলন বৃদ্ধি পোৱাৰ ফলত অসমৰ সুৰাৰ বিক্রী যথেষ্ট হ্রাস পাইছে৷ যাৰ ফলত অসমে সেই দিশৰ পৰাও লোকচান ভৰি আহিছে৷ পূর্বৰ কংগ্রেছ চৰকাৰৰ দিনতে আৰম্ভ হোৱা এই অবৈধ সুৰা ব্যৱসায়তবর্তমান বিজেপি নেতৃত্বাধীন চৰকাৰখনেও কোনোধৰণৰ বিশেষ গুৰুত্ব আৰোপ নকৰাৰ ফলতে ৰঘুমলাৰ দৰে বৃদ্ধি পাইছে অৰুণাচলী সুৰাৰ অবৈধ মজুতকৰণ৷
আনহাতে, ৩৭নং ৰাষ্ট্রীয় ঘাইপথেৰে ৩৯নং ৰাষ্ট্রীয় ঘাইপথ হৈ নাগালেণ্ড অভিমুখে সুৰা মাফিয়াই নির্বিঘ্নে অবৈধ সুৰা সৰবৰাহ কৰি আহিছিল যদিও গোলাঘাট আবকাৰী বিভাগে ২–৩বাৰ অভিযান চলাই ৭খনকৈ কণ্টেনাৰ বাহন জব্দ কৰাৰ পাছত ৩৬নং ৰাষ্ট্রীয় ঘাইপথেৰে কার্বি আংলং হৈ খটখটীত মজুত কৰি ৰাখিছে বুলি জানিব পৰা গৈছে৷ আনহাতে, আৰক্ষী আৰু আবকাৰী বিভাগৰ চকুত ধূলি দি বর্তমান সময়ত ব্রইলাৰৰ দানাৰ গাডী, আলু, চাউল, দাইল আদি কঢ়িওৱা বাহনত গোপনে প্রতিদিনে ২০০ৰ পৰা ২৫০ কার্টন অবৈধ অৰুণাচলী সুৰা সৰবৰাহ কৰি আহিছে যদিও বর্তমানলৈকে কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰিব পৰা নাই গৃহ বিভাগে৷ আনহাতে, সুৰা সম্রাট বীৰা সিং, পিণ্টু সিং আৰু জয়ছোৱালে অৰুণাচলী সুৰাৰ অবাধ বেহা চলোৱাৰ বিপৰীতে এইবাৰ নামি পৰিছে মেঘালয় সুৰাৰ অবৈধ ব্যৱসায়ত৷ মেঘালয়ৰ পৰা সুৰা অৰুণাচলৰ নামচাই আদি স্থানলৈ সৰবৰাহৰ চালান তৈয়াৰ কৰি তিনি মাফিয়াই উজনি অসমৰ শিৱসাগৰ, মৰিয়নি, চৰাইদেউ, ডিব্রুগড আদি জিলাৰ ভিন্ন স্থানত মজুত কৰি স্থানীয় অঞ্চলসমূহত বিক্রী কৰাৰ উপৰি নাগালেণ্ডলৈ সৰবৰাহ কৰাৰ আপ্রাণ চেষ্টা চলাই আহিছে বুলি এক গোপন সূত্রৰ পৰা জানিব পৰা গৈছে৷ উল্লেখ্য যে বিগত বর্ষৰ ২২ নৱেম্বৰৰ নিশা গোলাঘাট আবকাৰীৰ এটা দলে ৩৯নং ৰাষ্ট্রীয় ঘাইপথৰ মৰঙি অঞ্চলত অতর্কিতে অভিযান চলাই তিনিখনকৈ অবৈধ অৰুণাচলী সুৰাৰ কণ্টেনাৰ জব্দ কৰাৰ উপৰি ২৪ নৱেম্বৰৰ বিয়লিৰ ভাগত অনুৰূপ ধৰণে মৰঙি অঞ্চলৰে তেলগৰমত তিনিখনকৈ অৰুণাচলী সুৰাভর্তি ড্রাক জব্দ কৰে৷ আবকাৰী দলটোৱে অৰুণাচলৰ নাহৰ লগুণৰ পৰা নাগালেণ্ডৰ ডিমাপুৰ অভিমুখে গৈ থকা অৱস্থাত ২২ নৱেম্বৰত ইউপি–২৩ ডি–৪৮২৭, ইউ পি–২১ চিএন–৫৬২৬ আৰু ইউ পি–২১ বিএন–৯৪০৫ নম্বৰৰ তিনিখনকৈ অৰুণাচলী সুৰা পৰিবাহী কণ্টেনাৰ ড্রাক জব্দ কৰাৰ লগতে ড্রাক তিনিখনৰ চালক ক্রমে উত্তৰ প্রদেশ মুৰাদাবাদৰ মহম্মদ মতলুব, মহম্মদ চিৰাজ আহমেদ আৰু মহম্মদ নাদিমক আটক কৰি জে’ল–হাজোতলৈ প্রেৰণ কৰে৷ ২৪ নৱেম্বৰতো ঠিক সেইদৰে অভিযান চলাই এনএল–০১–৬৯৫৬, ইউপি–২১ বিএম–৯৭১৭ আৰু ডব্লিউ বি–১১ ই–২২৮৩ নম্বৰৰ তিনিখন ড্রাক জব্দ কৰাৰ লগতে ড্রাককেইখনৰ তিনিজন চালকক আটক কৰে৷ দুয়োটা দিনৰ অভিযানকালত আবকাৰী দলটোৱে উক্ত ড্রাকসমূহৰ পৰা মুঠ ৯,৬০০ কার্টন সুৰা জব্দ কৰে৷ সুৰাখিনিৰ আনুমানিক মূল্য ১ কোটি হ’ব বুলি আবকাৰী সূত্রে জানিবলৈ দিছিল৷
বর্তমানেও গোলাঘাট আবকাৰী বিভাগৰ কঠোৰ কেছ ডায়েৰীৰ ফলত আজিপর্যন্ত আদালতৰ পৰা উক্ত কণ্টেনাৰ ড্রাককেইখন মোকলাই নিবলৈ সক্ষম হোৱা নাই সুৰা মাফিয়া বীৰা সিঙে৷ চৰকাৰী তথ্য অনুসৰি নাগালেণ্ডৰ অর্ধসামৰিক বাহিনীৰ বাবে বছৰি ১৩,৯৩২ কার্টন সুৰা প্রয়োজন৷ কিন্তু সুৰা মাফিয়াই অতি কৌশলেৰে বছৰি ১৯ লক্ষাধিক কার্টন সুৰা নাগালেণ্ডলৈ চালান দি আহিছে বুলি গুৰুতৰ অভিযোগ উঠিছে৷ গোলাঘাটত এনেদৰে অৰুণাচলী সুৰা জব্দ হোৱাৰ পাছতেই অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ অর্ধসামৰিক বাহিনীৰ নামত এনেদৰে একাংশই অবৈধভাৱে অৰুণাচলী সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে৷ জানিব পৰা মতে, বৈধ পার্মিটেৰে মাহিলি ১ ড্রাক সুৰাহে নাগালেণ্ডলৈ চালান হ’ব লাগে যদিও সুৰা মাফিয়াই ইয়াতকৈ অধিক পৰিমাণৰ সুৰা সৰবৰাহ কৰি আহিছে৷ ডিমাপুৰৰ ৰাইন’ এছ’চিয়েটছ আৰু ৰেনেইছা ড্রেডার্ছ নামৰ বণ্ডেড ৱেৰহাউছ দুটাই অর্ধসামৰিক বাহিনীক দৰাচলতে সুৰা যোগান ধৰাৰ অনুমতি লাভ কৰিছে যদিও এনেদৰে অৰুণাচলী সুৰা দৈনিক সৰবৰাহ হোৱা ঘটনাই স্পষ্ট কৰে যে নাগালেণ্ডকে ধৰি অসম–নাগালেণ্ড সীমান্তৱর্তী জিলাকেইখনত অৰুণাচলী সুৰাৰ এক বৃহৎ ক’লা বজাৰ গঢ়ি উঠিছে৷ এনেদৰে অবৈধ সুৰা সৰবৰাহ হৈ থকা বিষয়টো কেৱল গোলাঘাট জিলাখনৰ বাবেই নহয় সমগ্র ৰাজ্যখনৰ বাবে উদ্বিগ্নতাৰ তাৰ কাৰণ হৈ পৰিছে৷