নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানত ৩৪ গৰাকী সাংবাদিক-আৰক্ষীৰ ছোৱাব সংগ্ৰহ

নিয়মীয়া বাৰ্তা, ২০ জুনঃ অসম লক্ষ্য প্ৰণোদিত নিৰীক্ষণ কাৰ্যসূচীৰ অধীনত ছলকটকীস্থিত দুলীয়াজান নগৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত জৰুৰীকালীন সেৱাত নিয়োজিত আৰক্ষী আৰু সংবাদকৰ্মীৰ ছোৱাব সংগ্ৰহ কৰা হয় ।

টেঙাখাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ‍্যোগত কালিৰ দিনটোত ৫৩ গৰাকী তালিকাভুক্ত আৰক্ষী আৰু সংবাদকৰ্মীৰ ভিতৰত প্ৰায় ৩৪ গৰাকীৰ ছোৱাব পৰীক্ষা কৰে ।

দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালা, ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মিনাৰ্ভা দেৱী আৰু টেঙাখাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য চিকিৎসা বিষয়া ডঃ কুলেন চন্দ্ৰ বৰগোহাঁইৰ উপস্থিতিত  এই ছোৱাব পৰীক্ষাত সহযোগ আগবঢ়াই খণ্ড আঁচনিৰ প্ৰবন্ধক অনিল মেধি, স্বাস্থ্য চিকিৎসা বিষয়া চম্পক দত্ত, নগৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ ডাঃ ৰীণা দাস, এম পি ডব্লিউ ৰূপম ৰয়, লেব’ৰেটৰী টেকনিচিয়ানদ্বয় আহচান হাডি আৰু ধনটি শইকীয়াসহ অন‍্যান‍্য স্বাস্থ্যকৰ্মীসকলে ।

You might also like