নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰঙৰ কোৱাৰেণ্টাইন কেন্দ্রত উদণ্ড আৱাসীক লাঠীচালনা

নিয়মীয়া বাৰ্তা ২০ জুনঃ দৰঙৰ দলগাঁৱত থকা আদর্শ বিদ্যালয় কোৱাৰেণ্টাইন কেন্দ্রত শুকুৰবাৰে পুৱাৰ ভাগত নিম্নমানৰ আহাৰ যোগানৰ অভিযোগ তুলি আৱাসীসকলে অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ বাবে আৰক্ষীয়ে লাঠীচালনা কৰিবলগীয়া হয়৷ ইয়াৰ পাছতে দৰঙৰ কার্যবাহী দণ্ডাধীশে এক তদন্ত ঘোষণা কৰে৷ লক্ষণীয় যে বহিঃৰাজ্যৰ পৰা পাঁচ শতাধিক লোক আহি কালিৰে পৰা কেন্দ্রটোত আছিল যদিও শুকুৰবাৰে পুৱাৰ আহাৰ এঘণ্টা পলমকৈ অহাত কেন্দ্রটোত থকা একাংশই হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে আহাৰ যোগান ধৰা ব্যক্তিসকলক অশ্লীল ভাষাৰে দুর্ব্যৱহাৰ কৰে৷ পাছত দলগাঁও থানাৰ আৰক্ষীয়ে কোৱাৰেণ্টাইন কেন্দ্রটোত উপস্থিত হৈ তাত থকা লোকসকলক বুজাবলৈ চেষ্টা কৰে যদিও একাংশ উত্তেজিত যুৱকে আৰক্ষীৰ গালৈ শিলগুটি দলিওৱাৰ লগতে অশ্লীল ভাষাৰে গালি–গালাজ কৰাত আৰক্ষীয়ে লাঠীচালনা কৰি উদ্ভণ্ডালি কৰাসকলক ভিতৰলৈ খেদি পঠিয়ায়৷ পাছত দলগাঁও ৰাজহ চক্র বিষয়াগৰাকীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে৷ ইপিনে, অভিযোগ মতে কেন্দ্রটোত খাদ্য–সামগ্রী বিতৰণ কৰিবলৈ অহা বাহনৰ পৰা একাংশই বিশৃংখলভাৱে বহু পৰিমাণৰ খাদ্য–সামগ্রী লৈ যায়, যাৰ ফলত খাদ্যৰ নাটনি হয়৷ ইয়াৰ বিপৰীতে কেন্দ্রটোৰ একাংশ যুৱকৰ অভিযোগ যে নিম্নমানৰ খাদ্য যোগান ধৰিছে নেকিবুৰ ৰহমান নামৰ ব্যক্তিজনে৷ নেকিবুৰৰ বাবেই এনে ঘটনাৰ সূত্রপাত হোৱা বুলি আৱাসীসকলে অভিযোগ আনে৷ ইপিনে, দলগাঁৱৰ লাঠীচালনাৰ ঘটনা সন্দর্ভত দণ্ডাধীশ পর্যায়ৰ তদন্তৰ ঘোষণা কৰিছে দৰং জিলা দণ্ডাধীশ দিলীপ কুমাৰ বৰাই৷ কি পৰিস্থিতিত লাঠীচালনা কৰিবলগীয়া হ’ল এই সম্পূর্ণ বিষয়টো অনুসন্ধান কৰিবলৈ জিলা উন্নয়ন আয়ুক্ত ছুইটী গগৈ কলিতাক দায়িত্ব অর্পণ কৰি ৭ দিনৰ ভিতৰত প্রতিবেদন দাখিল কৰিবলৈ নির্দেশ দিয়া হৈছে৷

You might also like