নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগৰ গর্গ চেটার্জীক গ্রেপ্তাৰৰ নির্দেশ মুখ্যমন্ত্রীৰ 

চাওলুং চুকাফাৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য

নিয়মীয়া বাৰ্তা ২০ জুনঃ   বৰ অসমৰ ভেটি গঢ়োতা স্বর্গদেউ চাওলুং চুকাফাৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত অশোভনীয় মন্তব্য কৰা পশ্চিমবংগৰ বুদ্ধিজীৱীক গ্রেপ্তাৰ কৰিবলৈ মহানগৰ আৰক্ষীক  নির্দেশ দিছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ শীঘ্রে চেটার্জীক গ্রেপ্তাৰ কৰি অসমলৈ আনিবলৈ মুখ্যমন্ত্রী সোণোৱালে মহানগৰ আৰক্ষী আয়ুক্তক নির্দেশ দিছে৷ চেটার্জীক গ্রেপ্তাৰৰ উদ্দেশ্যে আজিয়েই অসম আৰক্ষীৰ এটা দলক কলকাতালৈ ৰাওনা হ’বলৈ তেওঁ নির্দেশ দিয়ে৷ মুখ্যমন্ত্রীৰ নির্দেশৰ পাছতে অপৰাধ শাখাৰ উপ–আৰক্ষী আয়ুক্ত বৰুণ পুৰকায়স্থৰ নেতৃত্বত তিনিজনীয়া এটা দল কলকাতালৈ ৰাওনা হ’বৰ বাবে সাজু হ’বলৈ নির্দেশনা দিছে মহানগৰ আৰক্ষী আয়ুক্তই৷ ইতিমধ্যে এই দলটো কলকাতালৈ ৰাওনা হৈছে৷

উল্লেখ্য যে কিছুদিন পূর্বে টুইটাৰযোগে গর্গ চেটার্জীয়ে স্বর্গদেউ চুকাফাৰ বিৰুদ্ধে মন্তব্য কৰাৰ পাছতে জাঙুৰ খাই উঠিছিল বিভিন্ন দল–সংগঠনৰ লগতে আহোম সম্প্রদায়ৰ লোকসকল৷ ইতিমধ্যে অসম আৰক্ষীৰ অপৰাধ শাখাই চেটার্জীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে৷ তদুপৰি ৰাজ্যৰ বিভিন্ন প্রান্তত বুদ্ধিজীৱীজনৰ বিৰুদ্ধে আন চাৰিটা গোচৰ ৰুজু কৰা হৈছে৷ এক বিবৃতিত মুখ্যমন্ত্রী সোণোৱালে কয় যে চাওলুং চুকাফা হৈছে বৃহত্তৰ অসমীয়া জাতি গঢ়োতা৷ অসমীয়া জাতিৰ হিয়াৰ আমঠু তথা চিৰনমস্য এইগৰাকী মনীষীৰ বিৰুদ্ধে কটু মন্তব্য কৰাটো বিকৃত মানসিকতাৰ পৰিচায়ক আৰু অত্যন্ত গৰিহণাৰ যোগ্য৷ ইতিহাসৰ অপব্যাখ্যাৰে আহোম সম্প্রদায়ৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াৰ জৰিয়তে কৰা মন্তব্যয়ো সমানেই গৰিহণাযোগ্য৷ এনে কটু মন্তব্যই ৰাজ্যৰ বিভিন্ন ভাষা–ভাষী তথা জনগোষ্ঠীৰে পৰিপূর্ণ ৰাজ্যখনৰ সমন্বয় ব্যাহত কৰিব পাৰে বুলি উল্লেখ কৰি সোণোৱালে কয়– ‘এনে মন্তব্যই আইন–শৃংখলাৰ অৱনতি ঘটাব পাৰে৷ চেটার্জীৰ মন্তব্যই অসমৰ সকলো শ্রেণীৰ জনসাধাৰণৰ মনত আঘাত হানিছে৷ সেয়েহে এনে মন্তব্য কৰা ব্যক্তিৰ বিৰুদ্ধে আইনসংগত ব্যৱস্থা লোৱাটো অত্যন্ত জৰুৰী, যাতে ভৱিষ্যতে কোনো ব্যক্তিয়ে এনেধৰণৰ মন্তব্য কৰিব নোৱাৰে৷’

You might also like