নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বেইক্সপীয়েৰৰ ‘হেমলেট’ৰ সংলাপৰ উদ্ধৃতিৰে দুর্নীতিগ্রস্ত কৃষি বিষয়াৰ জামিন নাকচ

কৃষি সঞ্চালকৰ পত্র দেখি হতভম্ব ন্যায়াধীশ

নিয়মীয়া বাৰ্তা ২০ জুনঃ  এটাৰ পাছত আন এটা বিয়াগোম কেলেংকাৰিয়ে লগ নেৰা ৰাজ্যৰ কৃষি বিভাগত পূর্বে কেতিয়াও নোহোৱা–নোপজা ঘটনা পোহৰলৈ আহিছে৷ দুর্নীতিৰ বোকাত লুতুৰি–পুতুৰি হৈ থকা বিভাগটোৰ শীর্ষ বিষয়াই একাংশ দুর্নীতিগ্রস্ত বিষয়াক সুৰক্ষা দিবলৈ উঠিপৰি লগা কার্যই চকু কপালত তুলিছে সর্বসাধাৰণৰ৷ পাম্পছেট বিতৰণৰ নামত ব্যাপক কেলেংকাৰি সংঘটিত কৰা বিভাগটোৰ এজন কার্যবাহী অভিযন্তাক সুৰক্ষা দিবলৈ বিভাগীয় সকলো সীমা অতিক্রম কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে খোদ কৃষি সঞ্চালকৰ বিৰুদ্ধে৷ ধুবুৰীৰ গৌৰীপুৰত কার্যবাহী অভিযন্তা ৰেকিব আহমেদ নামৰ দুর্নীতিগ্রস্ত বিষয়াজনক সুৰক্ষা দিবলৈ গৈ কৃষি সঞ্চালক মনোজ কুমাৰে ধুবুৰীৰ আৰক্ষী অধীক্ষকলৈ প্রেৰণ কৰা এখন পত্রই উন্মোচিত কৰিছে বিভাগটোত চলি থকা চৰম অনিয়ম৷ যোৱা ৯ জুনত প্রেৰণ কৰা পত্রখনৰ জৰিয়তে কৃষি সঞ্চালকজনে ধুবুৰীৰ গৌৰীপুৰ আৰক্ষী থানাত ৰুজু হৈ থকা ২১৭/২০২০ নম্বৰৰ গোচৰটোত অভিযুক্ত ৰেকিব আহমেদৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ নকৰিবলৈ আৰক্ষী অধীক্ষকক আহ্বান জনাইছে৷ পাম্পছেট বিতৰণক কেন্দ্র কৰি সংঘটিত হোৱা অনিয়মৰ তদন্ত কৃষি বিভাগৰ সংশ্লিষ্ট কর্তৃপক্ষই সম্পন্ন কৰাৰ অজুহাততেই দুর্নীতিগ্রস্ত ৰেকিব আহমেদৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ নকৰিবলৈ কৃষি সঞ্চালকজনে পত্র প্রেৰণ কৰা কার্যই বিশেষ তাৎপর্য বহন কৰিছে৷ উল্লেখ্য যে গৌৰীপুৰৰ কার্যবাহী অভিযন্তাজনে পাম্পছেটসমূহ বিতৰণৰ ক্ষেত্রত পালন কৰিবলগীয়া বিভাগীয় নীতি–নির্দেশনা অনুসৰণ কৰা নাছিল৷ প্রকৃতার্থত যিকোনো আঁচনিৰ অধীনত হিতাধিকাৰীক সামগ্রী বিতৰণৰ ক্ষেত্রত অতি সামান্য ভূমিকাহে থাকে কার্যবাহী অভিযন্তাৰ৷ প্রকৃতার্থত জিলা পর্যায়ৰ বাছনি কমিটীয়ে নির্ধাৰণ কৰি দিয়া হিতাধিকাৰীকহে সামগ্রী প্রদান কৰাটো বিভাগীয় নিয়ম৷ কিন্তু গৌৰীপুৰৰ কার্যবাহী অভিযন্তা আহমেদে এই সকলো বিভাগীয় নীতি–নিয়ম জলাঞ্জলি দি ভুৱা হিতাধিকাৰীৰ নামত পাম্পছেট বিতৰণ কৰি ধন আত্মসাৎ কৰাৰ লগতে প্রকৃত হিতাধিকাৰীক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈছে৷ আহমেদৰ এই কার্যৰ বিৰুদ্ধে গৌৰীপুৰ সংমণ্ডলত কর্মৰত বিভাগৰ এগৰাকী অভিযন্তাই গৌৰীপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে৷
এই এজাহাৰৰ ভিত্তিত গৌৰীপুৰ আৰক্ষী থানাই ভাৰতীয় দণ্ডবিধিৰ১২০বি/৪২০/৪৬৮/৪০৮/৪০৯/৪০৬/৫০৬ ধাৰাৰ অধীনত ২১৭/২০২০ নম্বৰৰ গোচৰ ৰুজু কৰে৷ এই গোচৰ ৰুজু কৰাৰ পাছতে গ্রেপ্তাৰৰ ভয়ত ৰেকিব আহমেদে আগতীয়া জামিন বিচাৰি দ্বাৰস্থ হয় উচ্চ ন্যায়ালয়ৰ৷ তেওঁ দাখিল কৰা ১৩২৫/২০২০ নম্বৰৰ জামিন আবেদনৰ শুনানিৰ সময়ত বিভাগটোত সংঘটিত বিয়াগোম কেলেংকাৰিৰ তথ্য উন্মোচিত হয়৷ পাম্পছেট বিতৰণৰ নামত সংঘটিত এই বিয়াগোম কেলেংকাৰিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা বিষয়াগৰাকীক কৃষি সঞ্চালকে বদলিৰ নির্দেশ দিয়া কার্যতো আশ্চর্য প্রকাশ কৰে উচ্চ ন্যায়ালয়ে৷ কেৱল সেয়াই নহয়, একেটা দিনতে দুর্নীতিৰ অভিযোগ উত্থাপন হোৱা ৰেকিব আহমেদক গৌৰীপুৰৰ কার্যবাহী অভিযন্তাৰ দায়িত্ব প্রদান কৰা কার্যও বিভাগটোৰ বেয়া মনোভাবৰ পৰিচায়ক বুলি মন্তব্য কৰিছে উচ্চ ন্যায়ালয়ে৷ বিভাগটোৰ এই বেআইনী পদক্ষেপক বুজাবলৈ গৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে ছেইক্সপীয়েৰৰ বিখ্যাত নাটক হেমলেটৰ বিখ্যাত সংলাপ ‘ছামথিং ইজ ৰ’টেন ইন ডেনমার্ক’ উল্লেখ কৰাটোৱে ৰেকিব আহমেদক বিভাগটোৱে দিয়া সুৰক্ষাৰে দুর্নীতিৰ প্রকৃত স্বৰূপ উদঙাই দিছে৷
একেদৰে ধুবুৰীৰ আৰক্ষী অধীক্ষকক অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ নকৰিবলৈ কৃষি সঞ্চালকে প্রেৰণ কৰা পত্রই অনুসন্ধানকাৰী সংস্থাৰ স্বতন্ত্রতা আৰু ন্যায়িক পৰিসীমাক অতিক্রম কৰিছে বুলি মন্তব্য কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ এই পত্র দেখি হতভম্ভ হৈ পৰে ন্যায়াধীশো৷ লগতে কৃষি সঞ্চালকৰ এই পদক্ষেপে সঠিক তদন্তত প্রভাৱ পেলোৱাৰ লগতে বাধাগ্রস্ত কৰাৰ এক প্রচেষ্টা বুলিও উল্লেখ কৰিছে বিচাৰপীঠখনে৷ দুর্নীতিগ্রস্ত কার্যবাহী অভিযন্তাজনৰ জামিন আবেদনখন খাৰিজ কৰি ন্যায়ালয়ে কৰা এনে মন্তব্যই বিভাগটোত চলি থকা চৰম অৰাজকতাৰ ছবিখনে উদঙাই দিছে৷ প্রথমবাৰৰ বাবেই নহয়, পূর্বেও বহু গুৰুতৰ অভিযোগ উত্থাপন হৈ অহা ৰেকিব আহমেদ নামৰ অভিযন্তাজনৰ কথা মতেই বিভাগটোৰ শীর্ষ বিষয়া উঠা–বহা কৰি আহিছে নেকি বুলিও প্রশ্ণৰ উত্থাপন হৈছে৷ আনহাতে, ৰেকিব আহমেদৰ গ্রেপ্তাৰ পৰোক্ষভাৱে বন্ধ কৰি বিভাগীয় শীর্ষ বিষয়াই দুর্নীতি গাপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে৷ কৃষি বিভাগত এনে পৰম্পৰা এতিয়া নিয়মত পৰিণত হৈছে৷ উল্লেখ্য যে কংগ্রেছ আমোলত কৃষি কেলেংকাৰি গাপ দিয়াৰ স্বার্থতে গদাপাণি পাঠক নামৰ এজন সৎ বিষয়াৰ হত্যাকাণ্ড পর্যন্ত সংঘটিত হৈছিল৷ যি হত্যাকাণ্ডৰ কোনো সুবিচাৰ এইপর্যন্ত নহ’ল৷ সেয়ে এতিয়া কৃষি বিভাগৰ যিকোনো দুর্নীতিগ্রস্ত বিষয়া গ্রেপ্তাৰ হ’লেই কেঁচু খান্দোতে সাপ ওলোৱাৰ ভয় দুর্নীতিগ্রস্ত সকলোৰে৷

You might also like