নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ৰ গণ সংক্রমণৰ আশংকাত দুদিন ৰঙাপৰা বন্ধ ঘোষণা প্রশাসনৰ

নিয়মীয়া বাৰ্তা ২০ জুনঃ ৰঙাপৰাত পাঁচজন লোকৰ দেহত ক’ৰোনা ভাইৰাছ ধৰা পৰাৰ পিছতে শংকিত হৈ পৰিছে অঞ্চলবাসী৷ প্রথমগৰাকী ৰোগী কোৱাৰেণ্টাইন কেন্দ্রৰ পৰা হোম কোৱাৰেণ্টাইনত আহি থকা সময়ত ৰোগ ধৰা পৰাত তেওঁক বাটৰ পৰাই স্বাস্থ্য বিভাগে চিকিৎসালয়ত ভর্তি কৰায়৷ পৰৱর্তী সময়ত ১৩ জুনত জয়পুৰৰ পৰা বিমানযোগে অহা তনয়া আগৰৱলা গুৱাহাটী আৰু পিছত তেজপুৰ ডনবস্ক’ত ছোৱাবৰ নমুনা দি পোনে পোনে ৰঙাপৰাৰ ৩নং ৱার্ডৰ নিজ ঘৰলৈ আহে৷ পিছত যুৱতীগৰাকীৰ দেহত ক’ৰোনা স্থিতি ধৰা পৰাত চিকিৎসালয়লৈ স্বাস্থ্য বিভাগে আনিবলৈ যাওঁতেহে যুৱতীগৰাকীৰ আগমনৰ বিষয়টো পোহৰলৈ আহে৷ ইয়াৰ পিছতে আতংকিত হৈ পৰা অঞ্চলবাসীয়ে কালি লাভ কৰা খবৰে আৰু অধিক শংকিত কৰি তুলিছে৷ কিয়নো ৰঙাপৰা গেলামালৰ ব্যৱসায়ী, তনয়াৰ পিতৃ পুৰুষোত্তম আগৰৱলা আৰু ভাতৃ কুনালৰ দেহতো ক’ৰোনাৰ স্থিতি ধৰা পৰে৷ আনকি তনয়াক অনা ব্যক্তিগত বাহনখনৰ চালকজনো আক্রান্ত হোৱাত ৰাইজ আতংকিত হৈ পৰে৷ কিয়নো ব্যৱসায়ীজনে ১৪ জুনত ব্যৱসায় প্রতিষ্ঠানত নিজে জডিত হৈ থকাৰ উপৰি আন বহুজনৰ সৈতে ৱার্ডত যোগান ধৰা পানীও সংগ্রহ কৰিছিল৷ আজি ক্ষুণ্ণ হৈ পৰা ৰামকৃষ্ণ পল্লীৰ ৰাইজে ইয়াৰ তদন্ত বিচাৰি চাৰিদুৱাৰ ৰাজহচক্র বিষয়া তথা ৰঙাপৰা পৌৰসভাৰ কার্যবাহী বিষয়া ডাঃ ক্ষীৰোদ কমল হাজৰিকাক লিখিত অভিযোগ প্রদান কৰে৷ পত্রখনত উল্লেখ কৰে যে যুৱতীগৰাকী ঘৰলৈ অহাৰ খবৰ আশা কর্মী, স্থানীয় প্রশাসন আৰু স্বাস্থ্য বিভাগে কিয় অঞ্চলবাসীক অৱগত কৰা নহ’ল? একেদৰে চিপিআই এম আৰু স্থানীয় যুৱক গণেশ বসুমতাৰীয়ে সমগ্র ঘটনাৰ তদন্ত দাবী তোলাৰ লগতে গণসংক্রমণ যাতে নহয় তাৰ বাবে ছোৱাব পৰীক্ষাৰো ব্যৱস্থা গ্রহণৰ দাবী কৰে চিপিআই এমে৷ গণ সংক্রমণৰ আশংকা প্রকাশ কৰি দোকানখনৰে ব্যৱসায়িকভাৱে জডিত একাধিক ব্যক্তিও সংস্পর্শলৈ অহাৰ সন্দেহ প্রকাশ কৰে৷ ইতিমধ্যে চালক ইছলাম আলী আক্রান্ত হোৱাত নামনিগাঁৱত কণ্টেনমেণ্ট জ’ন হিচাপে ঘোষণা কৰাৰ লগতে দুদিন ৰঙাপৰা বন্ধ ঘোষণা কৰে প্রশাসনে৷

You might also like