নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সেনাত দিব নিযুক্তিঃ খুলিব ফৰেষ্ট বেটেলিয়ন

এনডিএফবি কেডাৰৰ পুনঃসংস্থাপন

নিয়মীয়া বাৰ্তা ২০ জুনঃ  বিটিআৰ চুক্তিৰ জৰিয়তে মূলসুঁতিলৈ উভতি অহা এনডিএফবিৰ চাৰিওটা গোটৰ কেডাৰসকলৰ পুনৰ সংস্থাপন আৰু গোচৰ প্রত্যাহাৰ সম্পর্কত এনডিএফবি সমন্বয়ৰক্ষী সমিতিয়ে শুকুৰবাৰে ৰাজ্য চৰকাৰৰ সৈতে এখন বৈঠকত মিলিত হয়৷ ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণী কল্যাণ বিভাগৰ মন্ত্রী চন্দন ব্রহ্ম, সাংসদ বিশ্বজিৎ দৈমাৰী, মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, বিটিচিৰ মুখ্য প্রশাসক ৰাজেশ প্রসাদ, ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণী কল্যাণ বিভাগৰ আয়ুক্ত সচিব ড০ এম অংগমুথু, গৃহ বিভাগৰ আয়ুক্ত সচিব এমএছ মণিৱন্নন, অসম আৰক্ষীৰ বিশেষ শাখাৰ আইজিপি হীৰেন চন্দ্র নাথকে ধৰি বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত বৈঠকখন এনডিএফবি সমন্বয়ৰক্ষী সমিতিয়ে তেওঁলোকৰ কেডাৰৰ তালিকা চৰকাৰক দাখিল কৰি পুনৰ সংস্থাপন আৰু গোচৰ প্রত্যাহাৰ সম্পর্কত বিস্তৃত আলোচনা কৰে৷ বৈঠকৰ অন্তত মন্ত্রী চন্দন ব্রহ্মই সংবাদ মাধ্যমৰ আগত কয় যে পুনৰ সংস্থাপন সম্পর্কত আজিৰ বৈঠকত বিস্তৃতভাৱে আলোচনা কৰা হয় আৰু সেই বিষয়ে তেওঁলোকক অৱগত কৰে৷ মূলসুঁতিলৈ উভতি অহা কেডাৰসকলক উপযুক্ত প্রশিক্ষণৰ দ্বাৰা বিভিন্ন বিভাগত চলি থকা যোজনাবোৰৰ সুবিধা প্রদান কৰাত চৰকাৰে গুৰুত্ব দিছে৷ তদুপৰি সেনাবাহিনী, চিআৰপিএফকে ধৰি বিভিন্ন অর্ধসামৰিক বাহিনীত নিযুক্তি দিয়াৰ প্রক্রিয়াও অতি সোনকালে আৰম্ভ কৰা হ’ব৷ তদুপৰি এনডিএফবিৰ কেডাৰসকলক সংস্থাপিত কৰাৰ বাবে ফৰেষ্ট বেটেলিয়ন খোলাৰ বাবেও চৰকাৰে চিন্তা–চর্চা কৰি আছে৷ সেইদৰে গোচৰ প্রত্যাহাৰৰ প্রসংগত মন্ত্রী ব্রহ্মই কয় যে বিভিন্ন থানা–আদালতত চলি থকা গোচৰৰ তালিকাও আজিৰ বৈঠকতে এনডিএফবি সমন্বয়ৰক্ষী সমিতিয়ে চৰকাৰক দাখিল কৰে৷ ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিবৰ অধ্যক্ষতাত ইতিমধ্যে এখন গোচৰ প্রত্যাহাৰ কমিটী গঠন কৰা হৈছে৷ পর্যায়ক্রমে গোচৰ প্রত্যাহাৰৰ ব্যৱস্থা গ্রহণ কৰা হ’ব৷ চৰকাৰে প্রথমতে গোচৰৰ তালিকা বিটিচিৰ আইজিপিৰ ওচৰত দাখিল কৰিব৷ তাৰ পাছত বিটিচিৰ আইজিপিয়ে গৃহ আয়ুক্তলৈ সেই তালিকা প্রেৰণ কৰিব৷ এই প্রক্রিয়াৰ পাছত চৰকাৰী অধিবক্তাৰ জৰিয়তে চৰকাৰে সংশ্লিষ্ট আদালতত গোচৰ প্রত্যাহাৰৰ বাবে আবেদন দাখিল কৰিব৷ মন্ত্রী ব্রহ্মই প্রকাশ কৰা অনুসৰি এনডিএফবি কেডাৰৰ পুনৰ সংস্থাপন আৰু গোচৰ প্রত্যাহাৰ সম্পর্কত এনডিএফবি সমন্বয়ৰক্ষী সমিতিৰ সৈতে আজি ৰাজ্য চৰকাৰে তৃতীয়বাৰৰ বাবে আলোচনাত মিলিত হয়৷ বৈঠকখনত মন্ত্রী ব্রহ্মই লগতে যোৱা ২৭ জানুৱাৰীত ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বড়ো নেতৃত্বৰ সৈতে স্বাক্ষৰিত চুক্তিত উল্লেখিত প্রতিটো দফা ৰূপায়ণৰ ক্ষেত্রত চৰকাৰ বদ্ধপৰিকৰ৷ অতি ক্ষিপ্রতাৰে চৰকাৰী বিষয়াসকলক চুক্তিৰ প্রতিটো দফা ৰূপায়ণ কৰি বড়ো জনগোষ্ঠীৰ ৰাজনৈতিক, অর্থনৈতিক আৰু সামাজিক আশা–আকাংক্ষা পূৰণ কৰিবলৈ নির্দেশ দিয়ে৷ আজিৰ বৈঠকখনত এনডিএফবিৰ হৈ ধীৰেন বড়ো, আনজানু, সুনীল ব্রহ্ম, চাওৰাগ্রাইৰ নেতৃত্বত চাৰিওটা গোটৰে মুঠ ২০গৰাকী সদস্যই অংশগ্রহণ কৰে

You might also like