নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষীপুৰত জিঞ্জিৰাম নৈত জঁপিয়ালে স্বামীয়ে অৱহেলা কৰা প্রথমা পত্নীয়ে

নিয়মীয়া বাৰ্তা ২০ জুনঃ গোৱালপাৰা জিলাৰ লক্ষীপুৰ চহৰৰ মাজমজিয়াৰ জিঞ্জিৰাম নৈৰ আইৰন দলংখনৰ পৰা জঁপিয়াই কালি আবেলি এগৰাকী মহিলাই আত্মহত্যাৰ চেষ্টা চলায়৷ উল্লেখ্য যে লক্ষীপুৰৰ সোনাউল্লা নামৰ লোক এজনে দ্বিতীয় বিবাহ কৰায়৷ কিন্তু প্রথম পত্নী আছভানৰ প্রতি যিখিনি দায়িত্ব পালন কৰিব লাগিছিল সেইখিনি দায়িত্ব পালন কৰা নাছিল৷ আছভানে বহু দিনৰে পৰাই এই অভিযোগ কৰি আহিছিল৷ স্ত্রী আছভানৰ ওচৰত স্বামী সোনাউল্লাই সময় নিদিয়া, প্রয়োজনীয় সামগ্রী যোগান নধৰা আদিক লৈ কালিও আনদিনাৰ দৰে কাজিয়া লাগে৷ কাজিয়া কৰি থাকোঁতে দুয়োটাই লক্ষীপুৰ চহৰৰ আইৰন দলং পায়৷ আছভানে স্বামীৰ ওপৰত খং কৰি আইৰন দলংখনৰ পৰা জাঁপ মাৰে৷ সোনাউল্লাই প্রথম অৱস্থাত হতভম্ব হয় যদিও পিছত পত্নীক বচোৱাৰ বাবে দলংখনৰ পৰা জাঁপ মাৰে৷ নদীৰ কোবাল সোঁতত আছভানাবহু দূৰলৈ উটি যায়৷ বহু দূৰলৈ উটি যোৱা সোনাউল্লাই পত্নী আছভানাৰ জীৱন কোনোমতে ৰক্ষা কৰিবলৈ সক্ষম হয়৷ লক্ষণীয় যে, পতি–পত্নীৰ কাজিয়াই স্থানীয় শতাধিক লোকৰো দৃষ্টি আকর্ষণ কৰে৷ এই ঘটনাই লক্ষীপুৰত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

You might also like