নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰম্ভ হ’ল HS প্ৰথম বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া

অনলাইনযোগে কৰিব পাৰিব আৱেদন

নিয়মীয়া বাৰ্তা, ২০জুনঃ আজিৰে পৰা আৰম্ভ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তি প্ৰক্ৰিয়া। অনলাইনযোগে আৰম্ভ হৈছে নামভৰ্তি। ছেবাই মুকলি কৰা http://anneswan.sebaonline.org/ পৰ্টেলটোৰ জৰিয়তে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত নামভৰ্তিৰ বাবে আবেদন কৰিব পাৰিব ছাত্ৰ-ছাত্ৰীসকলে।

প্ৰথমতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰোল নম্বৰ আৰু জন্মৰ তাৰিখেৰে লগ ইন কৰি পৰ্যায়ক্ৰমে আবেদন কৰিব পাৰিব। অনলাইন আবেদনৰ অন্তিম তাৰিখ ৩০ জুন। লগতে এগৰাকী শিক্ষাৰ্থীয়ে কেইবাখনো শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে আবেদন কৰিব পাৰিব।

১ জুলাইৰ পৰা ১০ জুলাইৰ ভিতৰত শিক্ষানুষ্ঠানসমূহে প্ৰকাশ কৰিব আবেদনকাৰীৰ তালিকা । ছাত্ৰ-ছাত্ৰীসকলে ১৫ জুলাইৰ ভিতৰত নিজৰ নামভৰ্তি নিশ্চিত কৰিব লাগিব। আনহাতে ১৬ জুলাইত বিদ্যালয়-মহাবিদ্যালয়সমূহে নামভৰ্তি নিশ্চিত কৰা শিক্ষাৰ্থীৰ তালিকা প্ৰকাশ কৰিব লাগিব।

You might also like