নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিনপিং চৰকাৰৰ মুখপত্রৰ স্বীকাৰঃ ক্ষতিগ্রস্ত হ’ব বাণিজ্যিক সম্পর্ক

নিয়মীয়া বাৰ্তা, ২১ জুনঃ গালৱান উপত্যকাৰ ৰক্তক্ষয়ী সংঘর্ষৰ প্রতিশোধকল্পে ভাৰতে ঘোষণা কৰা ‘অর্থনৈতিক যুদ্ধ’ই সংকটত পেলাব চীনক৷ বিশেষকৈ বিনিয়োগ–ৰপ্তানিৰ বজাৰত সম্ভাব্য ক্ষতিৰ সন্মুখীন হোৱাৰ বিষয়টো স্বীকাৰ কৰি লৈছে ঝি জিনপিং চৰকাৰৰ মুখপত্র ‘গ্ল’বেল টাইম্ছ’–এ৷

অকল স্বীকাৰ কৰি লোৱাই নহয়, বর্তমানৰ পৰিস্থিতিত ‘গ্ল’বেল টাইমছ’ৰ তৰফৰ পৰা চীনা বিনিয়োগকাৰীক সতর্ক কৰি দিয়া হৈছে৷ চীন চৰকাৰৰ মুখপত্রখনত শেহতীয়াকৈ প্রকাশিত এক প্রতিবেদনত স্পষ্টভাৱে কোৱা হৈছে– ‘সীমান্তৰ সংঘাতক কেন্দ্র কৰি জাতীয়তাবাদী ভাবাৱেগেৰে উদ্বুদ্ধ হৈ পৰিছে ভাৰতবাসী৷ সম্প্রতি ভাৰতত চীনবিৰোধী মনোভাব ক্রমশঃ বৃদ্ধি পাব ধৰিছে৷ এই মুহূর্তত উদ্ভৱ হোৱা পৰিস্থিতিত দুয়োখন দেশৰ দ্বিপাক্ষিক, অর্থনৈতিক আৰু বাণিজ্যিক সম্পর্ক যে ক্ষতিগ্রস্ত হ’ব, সেয়া অস্বীকাৰ কৰাৰ উপায় নাই৷ ভাৰতত চীনবিৰোধী এনে মনোভাব কিছুদিনলৈ স্থায়ী হ’ব৷

অৱশ্যে চীনা সংস্থাসমূহে হাত সাবটি বহি থাকিব নালাগে৷ পৰিস্থিতি শান্ত নোহোৱা পর্যন্ত অপেক্ষা কৰিব লাগিব৷ সম্ভৱ হ’লে এতিয়াৰে পৰা বহুমুখী বিনিয়োগক লৈ চিন্তা–ভাবনা কৰিব লাগিব বিনিয়োগকাৰীসকলে৷ বিকল্প বজাৰৰ সন্ধান কৰিব লাগিব৷’ অৱশ্যে ভাৰত আৰু চীন উভয় দেশে উত্তেজনা প্রশমনত আগ্রহ দেখুওৱাৰ কথাও ‘গ্ল’বেল টাইমছ’ত উল্লেখ কৰা হৈছে৷ এই প্রসংগত কোৱা হৈছে যে চীনা নাগৰিক আৰু সংস্থাসমূহৰ নিৰাপত্তাৰ বিষয়টোত নিজৰ দেশত ভাৰত চৰকাৰে গুৰুত্ব সহকাৰে গ্রহণ কৰা উচিত৷

সেয়া নহ’লে, বিশেষকৈ চীনবিৰোধী চিন্তা–ভাবনাত লেকাম নলগালে পৰিস্থিতিয়ে বিষম ৰূপ ধাৰণ কৰিব পাৰে৷ ফলত বিশ্ব বজাৰত ভাৰতৰ ভাবমূর্তিৰ ওপৰত পৰিব পাৰে বিৰূপ প্রভাৱ৷ পৰিণতিত বিদেশী সংস্থাসমূহে ভাৰতৰ বিকল্প হিচাপে দক্ষিণ–পূব এছিয়াত বিকল্প বজাৰৰ সন্ধান কৰিব৷ এনেধৰণৰ বিষয়ৰ ওপৰত বিবেচনা কৰিলে দুয়োখন দেশেই লাভৱান হ’ব বুলিও কোৱা হৈছে ‘গ্ল’বেল টাইম্ছ’ত৷

You might also like