নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনলাইন পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰি মেধাৱী ছাত্ৰৰ আত্মহত্যা

নিয়মীয়া বাৰ্তা, ২৩জুনঃ ক’ৰোনা ৰোগৰ সংক্ৰমণৰ আশংকাত বন্ধ হৈ থকা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ ক্ষতিপূৰণ উদ্দেশ্যে চৰকাৰে ডিজিটেল পাঠদানৰ ব্যৱস্থা কৰিছে । এই ডিজিটেল পাঠদানৰ ব্যৱস্থাই সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক  উপকৃত কৰাত সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই বুলি সময়ে সময়ে সৰব চৰ্চা চলিছে। বিশেষকৈ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে এই ব্যৱস্থাটো অভিশাপ হৈ পৰিছে ।আৰ্থিক দুৰৱস্থাৰ বাবে এনড্ৰইড মোবাইল ফোন এটা ক্ৰয় কৰিব নোৱাৰি ডিজিটেল পাঠদানৰ পৰা বঞ্চিত চিৰাং জিলাৰ এজন দশম শ্ৰেণীৰ মেধাবী ছাত্ৰই আজি চীপজৰী লৈ আত্মহত্যাৰ দৰে পথ বাচি লোৱা ঘটনাই জিলাখনত শোকৰ ছাঁ পেলাইছে।

এই অনাকাংক্ষিত শোকাবহ ঘটনাটো সংঘটিত হৈছে জিলা খনৰ ৰুণিখাতা থানাৰ অন্তৰ্গত শালবাৰী গাঁৱত ।  টুক্ৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ তথা জাপান নাৰ্জাৰীৰ পুত্ৰ ছুবোংছাৰ নাৰ্জাৰীয়ে (১৫) আজি পুৱতি নিশা এখন কাগজত আত্মহত্যাৰ কাৰণ লিখি থৈ ঘৰৰ ওচৰৰে এজোপা গছত চীপ লৈ আত্মহত্যা কৰে। এই ঘটনা পোহৰলৈ অহাৰ পিছত সমগ্ৰ অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । স্থানীয় গাঁওবুঢ়া আৰু  টুক্ৰাঝাৰ হায়াৰ চেকেণ্ডাৰী স্কুলৰ সহকাৰী শিক্ষকে জানিবলৈ দিয়া মতে লকডাউনৰ কাৰণে বিদ্যালয় বন্ধ হোৱাত ছাত্ৰ ছাত্ৰীৰ সকলৰ পাঠদানৰ কাৰণে বিদ্যালয় কত্তৃপক্ষই ডিজিটেল ক্লাচৰ ব্যৱস্থা কৰিছিল।

দৈনিক মজুৰি কৰি জীয়াই থকা ছুবোংছাৰ নাৰ্জাৰীৰ পৰিয়াল আৰ্থিক অৱস্থা অতিকৈ শোচনীয় হোৱাৰ কাৰণে পিতৃয়ে তেওঁক এনড্ৰইড মোবাইল কিনি দিব পৰা নাছিল ।  সদায় ৮০ ৰ পৰা ৯০ শতাংশ নম্বৰ পোৱা মেধাবী ছাত্ৰ ছুবোংছাৰে মোবাইল নথকাৰ কাৰণে ডিজিটেল পাঠ গ্ৰহণ কৰাৰ পৰা বঞ্চিত হৈ  কিছুদিনৰ পৰা মানসিক চাপত আছিল। তাৰ মাজতে যোৱা সপ্তাহত তেওঁৰ সহপাঠী সকলে অনলাইন ক্লাচ কৰি পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

কালি ইংৰাজী আৰু ঐচ্ছিক বিষয়ৰ পৰীক্ষা আছিল। আজি সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়ৰ পৰীক্ষা আছিল । ছুবোংছাৰে কালিৰ পৰীক্ষাত অৱতীৰ্ণ হব নোৱাৰাৰ উপৰিও আজিৰ পৰীক্ষাতো অৱতীৰ্ণ হ’ব নোৱাৰিব বাবেই  মানসিক ভাৱে ভাগি পৰিছিল। মানসিক চাপ সহ্য কৰিব নোৱাৰি ছাত্ৰ জনে আজি পুৱাৰ ভাগত চুইছাইড নোট লিখি চীপজৰী লৈ আত্মহত্যা কৰে ।  দুৰ্ভগীয়া মেধাবী ছাত্ৰ জনে মৃত্যুৰ আগমুহূৰ্তত বড়ো ভাষাতে এনেদৰে লিখি থৈ যায়  ‘মোক ক্ষমা কৰিব মোৰ মৰমৰ ককাদেউতা,  আইতা আৰু দেউতা, মই আজি নিজৰ জীৱন শেষ কৰিবলৈ ওলাইছো……… মই কিয় আজি এই সিদ্ধান্ত লৈছো সেয়া মোৰ  Jio মোবাইলত লিখি থৈছোঁ, তাতে সকলো আছে।’

উক্ত Jio মোবাইলত  অনলাইন ক্লাচৰ বাবে এনড্ৰইড মোবাইল কিনিব নোৱাৰাৰ কথাটো উল্লেখ্য কৰিছে।  দেউতাকক ভালদৰে থাকি সৰু ভাইটিক সকলো সুবিধা দি পঢ়াৰ ব্যৱস্থা কৰাৰ বাবেও ছাত্ৰ জনে লিখি থৈ গৈছে । এটা সূত্ৰই প্ৰকাশ কৰা মতে ছাত্ৰ জনৰ মাতৃ তেওঁলোকৰ লগত নাথাকে। মেধাবী ছাত্ৰ জনৰ এনেদৰে আত্মহত্যা কৰা ঘটনাত চিৰাং জিলা সমিতি নিখিল বড়ো ছাত্ৰ সন্থাই গভীৰ শোক প্ৰকাশ কৰি মৃত ছাত্ৰ জনৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰে । জিলা এবছুৰ সভাপতি খনিন্দ্ৰ বসুমতাৰী আৰু সাধাৰণ সম্পাদক দিলীপ কুমাৰ বসুমতাৰীয়ে চৰকাৰক অনলাইন শিক্ষা ব্যৱস্থাৰ এক ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে দুখীয়া ছাত্ৰ-ছাত্ৰী সকলৰ কথাও চিন্তা কৰি ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে। মেধাবী ছাত্ৰৰ জনৰ আত্মহননৰ ঘটনাত অঞ্চলটোৰ লগতে সমগ্ৰ জিলাখনত শোকৰ ছাঁ পৰে।

You might also like