নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ ‘অসম জন সম্বোধন’ ভার্চুৱেল ৰেলীত অসমৰ স্বাস্থ্যখণ্ডক প্ৰশংসা সভাপতি নাড্ডাৰ

অসমত বিজেপিৰ সদস্য সংখ্যা ৬৫ লাখ কৰাৰ লক্ষ্য ৰঞ্জিত দাসৰ

নিয়মীয়া বাৰ্তা, ২৪ জুনঃ প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰৰ দ্বিতীয় কার্যকালৰ প্রথম বর্ষপূর্তি আৰু মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰৰ চতুর্থ বর্ষপূর্তি উপলক্ষে অসম প্রদেশ বিজেপিয়ে কালি আয়োজন কৰা ‘অসম জন সম্বোধন’ ভার্চুৱেল ৰেলীত অংশগ্রহণ কৰি বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই কয় যে ধর্মীয় উৎপীড়নৰ বলি হৈ অহাসকলক সুৰক্ষা দিয়াটো আমাৰ দায়িত্ব৷

পূর্বৰ প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৰ পৰা মনমোহন সিঙেও সেই বিষয়ে কৈছিল৷ কিন্তু কামটো কৰিলে বর্তমানৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ নতুন দিল্লীৰ পৰা নাড্ডাই এই ভার্চুৱেল ৰেলীত অংশগ্রহণ কৰি কয় যে ‘কা’ আইনখন ষষ্ঠ অনুসূচীৰ অধীনস্থ অঞ্চল আৰু ইনাৰ লাইন পার্মিট থকা অঞ্চলত প্রযোজ্য নহয়৷ সেইদৰে বি টি আৰ চুক্তিৰে উগ্রবাদ নির্মূলৰ প্রসংগত তেওঁ কয় যে বড়োলেণ্ড আন্দোলনৰ নামত চাৰি হাজাৰ মানুহৰ মৃত্যু হ’ল৷ ৫০ বছৰ ধৰি চলি অহা এই আন্দোলন চুক্তিখনৰ জৰিয়তে নিষ্পত্তি কৰা হয়৷ ইয়াৰ ফলত অসমৰ অস্তিত্ব ৰক্ষা কৰাৰ লগতে বড়োসকলকো মূলসুঁতিলৈ অনা হ’ল৷

ভাষণত তেওঁ প্রধানমন্ত্রী মোদীৰ নেতৃত্বত বিগত ছয় দশকত নোহোৱা কাম ছয় বছৰতে হৈ উঠাৰ কথা উল্লেখ কৰি কয় যে সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে বিজেপিৰ পূর্বসূৰী ৰাজনৈতিক দল ভাৰতীয় জনসংঘৰ প্রতিষ্ঠাপক সভাপতি ড০ শ্যামাপ্রসাদ মুখার্জীৰ সপোন পূৰ কৰিলে৷ মুছলিম ৰাষ্ট্র পাকিস্তান, বাংলাদেশ, চিৰিয়া, ইণ্ডোনেছিয়া, মালয়েছিয়া ক’তো তিনি তালাক ব্যৱস্থা নথকা ধর্মনিৰপেক্ষ ভাৰতবর্ষত বর্তি আছিল৷ মোদীয়ে কঠোৰ স্থিতি গ্রহণ কৰি সেই তিনি তালাক ব্যৱস্থা প্রত্যাহাৰ কৰি মুছলমান মহিলাসকলক শোষণ–নির্যাতন–বঞ্চনাৰ পৰা উদ্ধাৰ কৰে৷ মোদীৰ নেতৃত্বত দেশৰ ৰাজনীতিৰ মানৰ পৰিৱর্তন ঘটিল৷ নতুন সংস্কৃতিৰে সেৱাৰ ৰাজনীতি আৰম্ভ হ’ল৷ মোদীয়ে দেশক শক্তিশালী ৰূপত উপস্থাপন কৰিলে৷

প্রধানমন্ত্রীয়ে ঘোষণা কৰা ২০ লাখ কোটি টকাৰ ‘আত্মনির্ভৰ ভাৰত’ পেকেজ ভাৰতবর্ষৰ ভৱিষ্যৎ সলনিৰ পেকেজ বুলি ভাষণত তেওঁ উল্লেখ কৰে৷ ভাৰতবর্ষৰ দৃশ্যপট সলনি কৰিব পৰা সেই পেকেজত অসমে বাঁহ, চাহ, পাট–মুগা, খনিজ সম্পদৰ জৰিয়তে আত্মনির্ভৰশীল হ’ব পাৰিব বুলি তেওঁ আশা প্রকাশ কৰে৷ আনহাতে, ক’ভিড–১৯ৰ সংক্রমণ ৰোধৰ বাবে যোৱা ২৪ মার্চত যেতিয়া লকডাউন দিয়া হৈছিল, দলৰ কাম–কাজ কেনেদৰে আগবঢ়াই নিব, তাকে লৈ চিন্তিত হোৱাৰ কথা উল্লেখ কৰি নাড্ডাই কয় যে এই সময়ছোৱাত দেশৰ ১৩৫ কোটি জনতাক কেনেদৰে সেৱা আগবঢ়াব, তাক লৈ চিন্তা হৈছিল৷

কিন্তু পিছলৈ দেখা গ’ল দলৰ লক্ষাধিক কর্মকর্তাই কোটি কোটি জনতাক সেৱা আগবঢ়ালে৷ অসমতো আজি ডিজিটেল মাধ্যমৰ জৰিয়তে ৩০ লাখ অসমবাসীৰ সৈতে সংযোগ স্থাপন কৰা হৈছে৷ অসমৰ ক্ষেত্রত আজিৰ এইখনেই প্রথম ভার্চুৱেল ৰেলী যদিও বিজেপিয়ে এতিয়ালৈ দেশত ৩৬খন ভার্চুৱেল ৰেলী সম্বোধন কৰিছে৷ সেইদৰে ক’ৰোনা যুঁজ ৰাইজৰ সহযোগত সম্ভৱ হোৱাৰ কথা উল্লেখ কৰি নাড্ডাই কয় যে তালি বজাই তালি বজাই ৰাইজে ক’ভিড যুঁজাৰুক উৎসাহ যোগায়৷ লকডাউন সম্পর্কতো প্রধানমন্ত্রীয়ে ৬বাৰ মুখ্যমন্ত্রীসকলৰ সৈতে ভিডি’ কনফাৰেঞ্চত মিলিত হয়৷ দেশত ক’ৰোনাৰ সংক্রমণ ৰোধৰ বাবে লকডাউন যে সঠিক সময়ৰ সঠিক সিদ্ধান্ত আছিল, সেয়া বিশ্ব স্বাস্থ্য সংস্থা, ৰাষ্ট্রসংঘয়ো উল্লেখ কৰিছে৷ মার্চ মাহত দেশত পি পি ই কিট উৎপাদন নাছিল৷ এতিয়া ভাৰতত দৈনিক ৪.৫ লাখ পি পি ই কিট উৎপাদন হয়৷

মার্চ মাহত দৈনিক ১,৫০০টাহে নমুনা পৰীক্ষা সম্পন্ন হৈছিল৷ এতিয়া দৈনিক ১.৫ লাখ নমুনা পৰীক্ষা সম্পন্ন হয়৷ সেই সময়ত দেশত এখনো ক’ভিড হাস্পতাল নাছিল৷ এতিয়া দেশত ১,০০০খন ক’ভিড হাস্পতাল হৈছে৷ অসমেও ক’ৰোনাবিৰোধী যুঁজত শক্তিশালীভাৱে সফলতাৰে অৱতীর্ণ হোৱাৰ বিষয়ে ভাষণত উল্লেখ কৰে৷

ক’ৰোনাবিৰোধী যুঁজত ভাষণত তেওঁ মা কামাখ্যাৰো আশীর্বাদ বিচাৰে৷ আনহাতে, কংগ্রেছৰ ভাৰপ্রাপ্ত সভানেত্রী ছোনিয়া গান্ধীকে ধৰি কংগ্রেছ আৰু বিৰোধীক সমালোচনা কৰি নাড্ডাই কয় যে মোদী চৰকাৰৰ ৰোড মেপ নথকা বুলি সমালোচনা কৰা কংগ্রেছৰ ৰোড মেপ কি? কেন্দ্রীয় চৰকাৰৰ কাম কি, ৰাজ্য চৰকাৰৰ কাম কি সেয়াও নাজানে৷ ২০১৪ চনলৈ গমেই পোৱা নগৈছিল দেশৰ প্রধানমন্ত্রী কোন, দেশ কোনে চলাইছে৷ কিন্তু মোদীৰ নেতৃত্বত এতিয়া ভাৰত শক্তিশালী৷ বিশ্বত আজি ভাৰতবর্ষ শক্তিশালী দেশ হিচাপে চিহ্ণিত হৈছে৷

গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্রত আয়োজিত এই ভার্চুৱেল ৰেলীত অংশগ্রহণ কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয় যে প্রধানমন্ত্রী মোদীয়ে সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰি ড০ শ্যামাপ্রসাদ মুখার্জীৰ সপোন পূৰণ কৰিলে৷ ইয়াৰ জৰিয়তে মোদীয়ে দেশৰ একতা, অখণ্ডতা, সার্বভৌমত্বৰ শক্তি বৃদ্ধি কৰিলে৷ ৰাজ্যৰ বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখনৰ চাৰিটা বছৰ সফলতাৰে পাৰ হোৱা সম্পর্কত সোণোৱালে কয় যে পূর্বৰ কংগ্রেছ চৰকাৰৰ দিনত অসম লোকসেৱা আয়োগত টকাৰ বিনিময়ত চাকৰিৰ যি ব্যৱস্থা চলিছিল, তাৰ বিৰুদ্ধে চৰকাৰখনে কঠোৰ ব্যৱস্থা গ্রহণ কৰে৷

অপৰাধীসকল ইতিমধ্যে শাস্তিৰ সন্মুখীন হৈছে৷ সমাজ কল্যাণ, পঞ্চায়ত আৰু গ্রামোন্নয়ন, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ দুর্নীতি নির্মূলৰ পথত৷ গঁড় হত্যা ৰোধ কৰা হৈছে৷ চোৰাং চিকাৰীক কৰায়ত্ত কৰি শাস্তি বিহা হৈছে৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যান বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰা হৈছে৷ মহিলাক অশালীন ব্যৱহাৰ কৰাসকলক ফাষ্ট ট্রেক আদালতৰ জৰিয়তে শাস্তি প্রদান কৰা হৈছে৷ এয়া সম্ভৱ হৈছে একমাত্র টীম আছাম মানসিকতাৰ বাবে৷ অসমীয়াৰ স্বাভিমান গামোচাক প্রধানমন্ত্রী মোদীয়ে বিশ্ব মঞ্চত দাঙি ধৰিছে৷ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্রদান কৰিছে৷ কংগ্রেছৰ দিনত প্রতিটো কাৰণতে আন্দোলন কৰিব লগা হৈছিল, ব্রহ্মপুত্রত এখন দলঙৰ বাবেও আন্দোলন কৰিব লগা হৈছিল৷ কিন্তু বর্তমানৰ প্রধানমন্ত্রী মোদীৰ সদিচ্ছাৰ বাবে এইমছকে ধৰিৰ বহু নতুন নতুন প্রতিষ্ঠান ৰাজ্যখনত গঢ় লৈ উঠিল৷

ইপিনে, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে ভাষণত কয় যে সোণোৱাল চৰকাৰে যোৱা বিধানসভা নির্বাচনৰ সময়ত দিয়া প্রতিশ্রুতিৰ ৮০ শতাংশই ৰূপায়ণ কৰাত সফল হৈছে৷ দলৰ প্রতিগৰাকী মন্ত্রী–বিধায়ক–সাংসদ বিষয়ববীয়াই যোৱা চাৰিটা বছৰে দলক আগুৱাই নিয়াৰ বাবেই বর্তমান কার্যকর্তাৰ সংখ্যা ৪২ লাখলৈ বৃদ্ধি পাইছে৷ ৬,০০০ৰো অধিক শক্তিকেন্দ্র স্থাপন হৈছে৷ ৰাজ্যখনত ৬৫ লাখ পৰিয়াল থকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে অনাগত দিনত অসমত বিজেপিৰ সদস্য সংখ্যা ৬৫ লাখলৈ বৃদ্ধিৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে৷

ক’ভিড–১৯ঃ ড০ হিমন্ত বিশ্ব শর্মা–পীয়ূষ হাজৰিকাক ধন্যবাদ মুখ্যমন্ত্রীৰ

বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ সন্মুখতে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকাক ধন্যবাদ জনালে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ ‘অসম জন সম্বোধন ভার্চুৱেল ৰেলী’ত মুখ্যমন্ত্রী সোণোৱালে ক’ভিড–১৯ৰ বিৰুদ্ধে চলোৱা যুঁজত স্বাস্থ্যমন্ত্রী ড০ শর্মা, ৰাজ্যিক স্বাস্থ্যমন্ত্রী হাজৰিকাই দিনে–নিশাই কৰা পৰিশ্রমৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷

সেইদৰে ক’ভিড–১৯ৰ পৰিস্থিতি তদাৰকৰ বাবে প্রতিগৰাকী মন্ত্রীক দুখনকৈ জিলাৰ দায়িত্ব দিয়াৰ কথা উল্লেখ কৰি মন্ত্রীসকলেও সেই দায়িত্ব নিষ্ঠাসহকাৰে পালন কৰাৰ বাবে ধন্যবাদ জনায়৷ স্বাস্থ্য বিভাগে কম দিনৰ ভিতৰতে আন্তঃগাঁথনি বৃদ্ধি কৰাৰ ফলত ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধি হ’লেও হতাশ হোৱা নাই বুলি প্রকাশ কৰে৷ ৰাজ্যখনত ক’ভিডৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজ দিয়া চিকিৎসক, নার্ছ, লেব’ৰেটৰী টেকনিচিয়ান, স্বাস্থ্যকর্মী, চাফাইকর্মী, আৰক্ষী, ট্রাক–মটৰৰ চালক আৰু সহযোগীসকল, জনস্বাস্থ্য কাৰিকৰী বিভাগ, অগ্নিনির্বাপক বাহিনী, যোগান বিভাগ, শক্তি বিভাগ, ভিডিপি, গাঁওবুঢ়া, পঞ্চায়ত প্রতিনিধি, বাগিচাৰ চর্দাৰসকলৰ অৱদানৰ কথা উল্লেখ কৰি তেওঁলোককো ধন্যবাদ জনায়৷

আনহাতে, ৰাজ্য চৰকাৰখনৰ চাৰি বছৰীয়া কার্যকালত গড়কাপ্ঢানী, স্বাস্থ্য, শিক্ষা বিভাগত হোৱা উন্নয়নৰ খতিয়ান দাঙি ধৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে গড়কাপ্ঢানী বিভাগে ১৪,০০০ কিলোমিটাৰ পকী পথ নির্মাণ কৰিলে৷ ১,০০০খন কাঠৰ দলং পকী দলঙলৈ ৰূপান্তৰিত কৰাৰ যি আঁচনি লোৱা হৈছিল তাৰে ৬০০খন ইতিমধ্যে সম্পূর্ণ হৈছে৷ সেইদৰে ১৯৫২ চনৰ পৰা ২০১৬ চনলৈ স্বাস্থ্য বিভাগে ৰাজ্যখনত ৬খন মেডিকেল কলেজ স্থাপনৰ বিপৰীতে যোৱা ৪ বছৰত ৰাজ্যখনত ৮খন মেডিকেল কলেজৰ কাম আৰম্ভ কৰা হৈছে৷

চিকিৎসকৰ নাটনি দূৰ কৰিবলৈ হ’লে চিকিৎসকৰ উৎপাদন বঢ়াব লাগিব৷ চিকিৎসকৰ উৎপাদন বঢ়াবলৈ হ’লে চিকিৎসালয় নির্মাণ কৰিবই লাগিব৷ এইক্ষেত্রত ৰাজ্যৰ স্বাস্থ্য বিভাগে উল্লেখ্যযোগ্য পদক্ষেপ লৈছে৷ অটল অমৃত অভিযানৰ জৰিয়তে ৰাজ্যখনৰ গৰিব ৰাইজক কেঞ্চাৰকে ধৰি জটিল ৰোগত আক্রান্ত হ’লে বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে৷ ইয়াৰ ফলত জটিল ৰোগত আক্রান্ত হাজাৰ হাজাৰ গৰিব লোক উপকৃত হৈছে৷

শিক্ষাৰ ক্ষেত্রতো প্রতিগৰাকী ছাত্র–ছাত্রীক বিনামূলীয়া নামভর্তি, পাঠ্যপুথি যোগান আৰু জলপানিৰ ব্যৱস্থা কৰা হৈছে৷ উদ্যোগ খণ্ডৰ প্রসংগত মুখ্যমন্ত্রী সোণোৱালে কয় যে ২০১৮ চনত আয়োজন কৰা এডভাণ্টেজ আছামৰ জৰিয়তে ৭৯,০০০ কোটি টকাৰ বিনিয়োগৰ প্রতিশ্রুতি লাভ কৰা হয়৷ তাৰ ভিতৰত ইতিমধ্যে ৫৫,০০০ কোটি টকাৰ কাম আৰম্ভ হৈছে আৰু ৪০,০০০ যুৱক–যুৱতীয়ে পোনপটীয়াভাৱে সংস্থাপন লাভ কৰিছে৷ যোৱা চাৰিটা বছৰত ৰাজ্যখনত ৫ লাখ পিএমএৱাইৰ গৃহ নির্মাণৰ লগতে ৩৮ লাখ শৌচাগাৰ নির্মাণ হোৱা বুলিও মুখ্যমন্ত্রী সোণোৱালে ভাষণত উল্লেখ কৰে৷

You might also like