চিচিবৰগাঁৱত বেউৰা নদীৰ মথাউৰি ছিগি জলমগ্ন বহু গাঁও
নিয়মীয়া বাৰ্তা, ২৪ জুন: বিগত তিনিটা দিনে চুবুৰীয়া ৰাজ্য অৰুনাচলৰ লগতে অসমতো অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন নৈ-উপনৈ সমূহৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ সময়তে ধেমাজি জিলাৰ চিচিবৰগাৱৰ চকুলো স্বৰূপ বেউৰা নৈৰ মথাউৰি ৰ এটা অংশ আজি বানে উটুৱাই লৈ যায়।
ফলশ্ৰুতিত চিচিবৰগাও ৰাজহচক্ৰৰ অন্তৰ্গত ভাটিচুক, গেলুৱা চুক,বৰচুক,চকামৰা,চেচুৱনী,কৈৱৰ্ত গাও,সাতুলা চুককে আদি কৰি প্ৰায় ১০-১৫ খনমান গাও জলমগ্ন হৈ পৰে।উল্লেখযোগ্য যে যোৱা ২০ জুনৰ দিনা পুৱা গাই নৈৰ দক্ষিণ পাৰৰ মথাউৰি ৰ এটা অংশ বানে উটুৱাই নিয়াৰ ফলত অঞ্চল টোত বিভীষিকা ময় পৰিবেশ সৃষ্টি হৈ থকাৰ সময়তে পুনৰ উত্তৰ দিশৰ চিচিবৰগাও উন্নয়ন খণ্ডৰ সমীপত বেউৰা নদীৰ মথাউৰি ৰ প্ৰায় ৭০ মিটাৰ উটুৱাই লৈ যোৱাত হাহাকাৰ ময় পৰিবেশৰ সূচনা হৈছে।তাৎক্ষণিক ভাৱে পানীয়ে ঘৰ বাৰী সমূহ বোৱাই পেলোৱাত খাদ্য সামগ্ৰী -আচবাব সমূহ পানীৰ মাজত সোমাই পৰাৰ লগতে পশুধন সমূহক লৈও বিপাঙত পৰিব লগা হৈছে গাও সমূহৰ ৰাইজ।
ইফালে গাওসমূহৰ পথবোৰো বিচ্ছিন্ন কৰিছে বানে।পুৱা ৯ বজাত মথাউৰি উটুৱাই লৈ যোৱাৰ বিপৰীতে বৰ্তমানে ও ফেনেফুটুকাৰে বৃদ্ধি পাইয়ে আছে বাঢ়নী পানী।আনহাতে অব্যাহত আছে দুপালপিটা বৰষুণো।তাৎপৰ্যপূৰ্ণ যে,২০১১ চনত অহা গাই নৈৰ প্ৰলংকাৰী বানৰ কবলত গাওসমূহৰ পাছ ফালে বৈ থকা বেউৰা নদী খন সম্পূৰ্ণ পুতি পেলাই গাও সমূহৰ পথসমূহ নদীলৈ পয্যবসিত কৰি গাৱৰ মাজেৰে বৈ গৈছিল বেউৰা নদী খন।
ইয়াৰ পাছতেই পথাৰৰ মাজেৰে নদীখনৰ খনন কায্য সম্পন্ন কৰিছিল যদিও গাও সমূহৰ পথ সমূহ নদী ৰূপত ৰৈ যায়।।সেয়েহে বিগত ২০১১চনৰ পৰাই প্ৰতিটো বাৰিষাই জীয়াতু ভূগি আহিব লগা হৈছে গাওবাসী।।।বাহৰ দলং,সাকো দি অব্যাহত ৰাখিব লগা হয় যাতায়ত।বহু বাৰ পথ নিৰ্মাণৰ আচনি লৈছে যদিও বেউৰা নদীৰ কোবাল সোতে মথাউৰি ভাঙি প্ৰৱেশ কৰে গাও সমূহত।ফলত সৃষ্টি হয় এক অনাকাংশিত পৰিস্থিতিৰ।
বিগত ৯ বছৰে বহুত ৰ বাবে বাৰিষা মানেই যেন হৈ পৰে আশ্ৰয় শিৱিৰৰ বাসিন্দা।তাৎপৰ্যপূৰ্ণ যে এই গাও সমূহ ৰাষ্ট্ৰীয় ঘাইপথটোৰ পৰা দূৰত্ব মাত্ৰ ১-২ কিলোমিটাৰ ৰ ভিতৰত।জোনাই বিধান সভা সমষ্টিৰ অন্তৰ্ভুক্ত এই গাও সমূহৰ দীঘদিনীয়া সমস্যা সমূহৰ স্হায়ী সমাধানৰ চেষ্টা নকৰাৰ বাবেই ৰাইজৰ জীৱন আৰু জীৱিকা বিপন্ন হৈ পৰিছে।