নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিলাপথাৰ ডিমৌত ভয়ংকৰ পথ দুৰ্ঘটনা; প্ৰাণ গ’ল ২ জনৰ

নিয়মীয়া বাৰ্তা, ২৪ জুনঃ চিলাপথাৰ ডিমৌত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত এটা পৰিয়ালৰে দুজনৰ ঘটনাস্থলীতে প্ৰাণ যোৱাৰ বিপৰীতে গুৰুতৰ ভাৱে আহত ২ জন ৷

দেশত ক’ৰোনা মহামাৰীয়ে আতংকৰ সৃষ্টি কৰাৰ সময়তে আজি চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ডিমৌ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত হোৱা ঘটনাত একেটা পৰিয়ালৰে মাতৃ আৰু ১৩ বছৰীয়া কন্য এটিৰ ঘটনাস্থলীতে থিতাতে নিহত ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

জানিব পৰা মতে তিনিজনীয়া পৰিয়ালটি ডিব্ৰুগড়ৰ মিলন নগৰৰ আৰু জোনাইৰ পৰা উভতি অহাৰ সময়তে বিয়লি ভাগত ডিমৌ চাৰিআলিৰ সমপীত গাড়ীৰ চকাফুটি নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাতিৰ এজোপা গছত খুন্দা মাৰে ইয়াৰ পিচতে এটা কালভাৰ্টত খুন্দিয়াই বাগৰি পৰে কালে ৷

বাহনখনত লিখেশ্বৰ সোনোৱাল পত্নী দিপ্তী(দিপিকা) সোনোৱাল আৰু কন্যা অন্কিতা সোনোৱাল( আৰু চালকজনৰ নাম খুলেশ্বৰ সোনোৱাল আছিল৷ ঘটনাস্থলীত থিতাতে মৃত্যু হয় মাতৃ কন্যাৰ ৷ পিতৃ আৰু চালক দুয়োগৰাকীক ৰাইজ আৰু পুলিচ প্ৰশাসনে তথাতয়াকৈ ধেমাজি জিলা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰে ৷

You might also like