এগৰাকী আচাৰ্যৰ কৰুণ জীৱন গাথা, ধনৰ অভাৱত কৰিব পৰা নাই চিকিৎসা

অতি দৰিদ্ৰ পৰিয়ালটিয়ে স্থানীয় ৰাইজ,সহকৰ্মী আচাৰ্য-আচাৰ্যা তথা কিছু অভিভাৱকৰ সহায় লৈ চিকিৎসা কৰাইছিল অতি সৰল মনৰ শিক্ষক গৰাকীৰ ৷ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰও এগৰাকী নিষ্ঠাবান কৰ্মী দিলিপৰ চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰিছে কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য মাৰ্ধুয্য ঢেকীয়াল ফুকন,বিধায়ক ডাঃ নোমল মমিন,সংঘৰ জিলা সমিতিৰ বিষয় ববীয়াসকলে। কিন্তু সেয়াই পৰ্যাপ্ত নহয় শিক্ষক গৰাকীৰ বাবে ৷ প্ৰয়োজনীয় অৰ্থৰ অভাৱত থমকি ৰৈছে শিক্ষক গৰাকী ৷ চিকিৎসাৰ বাবে প্ৰয়োজন এতিয়া বৃহৎ ধনৰাশিৰ ৷শিক্ষকতাৰ বৃত্তিত নিয়োজিত হোৱাৰ উপৰিও তেওঁক প্ৰায়েই দেখা যায় বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচীত ৷ কেতিয়াবা যদি বিহু দ’লত কেতিয়াবা আকৌ ঝুমুৰ নৃত্য দ’লত ৷ ভাওঁনাত নাৰী চৰিত্ৰত তেওঁ কৰে সাৱলীল অভিনয় ৷ শংকৰদেৱ শিশু নিকেতনত তেওঁ পাঠদান কৰাৰ উপৰিও কন কন ছাত্ৰছাত্ৰী সকলৰ শাৰীৰিক নিৰ্দেশক হিচেবেও অৱত্তীৰ্ণ হয় ৷