নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাৱধান ! ১৫–২০ দিনলৈ গুৱাহাটী মহানগৰীলৈ নাহিব-স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকা

নিয়মীয়া বাৰ্তা, ২৫ জুনঃ  ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীত ক্রমাৎ ভয়াৱহ হৈ পৰিছে পৰিস্থিতি৷ এটাৰ পাছত আন এটা অঞ্চলত ক’ভিড আক্রান্ত ৰোগী চিনাক্ত হোৱাৰ লগে লগে হাহাকাৰ লাগিছে জিলা প্রশাসনৰ৷ ক্রমাৎ অধিক ভয়াৱহতালৈ গতি কৰা পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি অন্ততঃ ১৫ৰ পৰা ২০ দিনলৈ গুৱাহাটীলৈ নাহিবলৈ ৰাজ্যৰ আন প্রান্তৰ ৰাইজক আহ্বান জনাইছে ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকাই৷

শেহতীয়াভাৱে গুৱাহাটীৰ ক’ৰোনাৰ সংক্রমণ সন্দর্ভত উদ্বিগ্ণতা প্রকাশ কৰি বুধবাৰে সংবাদ মাধ্যমৰ আগত ৰাজ্যিক স্বাস্থ্যমন্ত্রী হাজৰিকাই কয় যে গুৱাহাটীলৈ বাহিৰৰ পৰা মানুহ অহাটো বন্ধ হ’ব লাগিব৷ গুৱাহাটীবাসীও প্রয়োজনীয় কাম নহ’লে ঘৰৰ পৰা বাহিৰলৈ ওলাব নালাগে৷ সামাজিক সংক্রমণৰ প্রথম পর্যায় গুৱাহাটীত পৰিলক্ষিত হৈছে৷ এই পর্যায়ৰ পৰা যাতে অধিক ভয়াৱহতালৈ সামাজিক সংক্রমণ ঘটিব নোৱাৰে, তাৰ বাবে ৰাইজক সচেতন হ’বলৈ আহ্বান জনাই তেওঁ কয়– ‘এইটো এটা চপাই লোৱা বেমাৰ৷ বাহিৰৰ পৰা গুৱাহাটীলৈ আহি ক’ভিড চপাই লৈ পৰিয়াল আৰু সমগ্র অঞ্চলটোক বিপদত পেলোৱাতকৈ গুৱাহাটীলৈ অত্যাৱশ্যকীয় কাম নহ’লে নহাটোৱেই মংগল৷ পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি প্রাথমিকভাৱে ১১টা ৱার্ডত লকডাউন ঘোষণা কৰা হৈছে৷ কিন্তু বেলেগ ৱার্ডসমূহতো ক’ৰোনা আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পালে পৰৱর্তী সময়ত আন ৱার্ডসমূহতো দিব লাগিব লকডাউন৷

প্রয়োজন সাপেক্ষে সমগ্র গুৱাহাটীতেই লকডাউন ঘোষণা কৰিব লাগিব৷ সমগ্র গুৱাহাটীত লকডাউন ঘোষণা কৰিলে যথেষ্ট অসুবিধাৰ সন্মুখীন হয়৷ স্বাস্থ্য বিভাগৰ নীতি–নির্দেশনা মানি চলিলে এনে পর্যায় নাহিব৷ সেয়েহে মহানগৰীবাসীক সজাগ হ’বলৈ আহ্বান জনাইছোঁ, যাতে সমগ্র গুৱাহাটীতে লকডাউন দিব লগা পৰিস্থিতি সৃষ্টি নহয়৷ ৰাইজৰ দায়িত্ব এই ৰোগবিধৰ সংক্রমণ–প্রতিৰোধ কৰাত সর্বাধিক৷’ সংবাদ মাধ্যমৰ আগত ৰাজ্যিক স্বাস্থ্যমন্ত্রীগৰাকীয়্ প্রকাশ কৰা অনুসৰি শেহতীয়াকৈ ৰাজ্যৰ আন প্রান্ততকৈ গুৱাহাটীত ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে৷ সেই অনুসৰি যোৱা দেওবাৰে গুৱাহাটীত ধৰা পৰিছিল ৭৩গৰাকী ক’ৰোনা ৰোগী৷ সোমবাৰে এই সংখ্যা ৯৪গৰাকীলৈ বৃদ্ধি পালে৷ কালি ১০২গৰাকী লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিড–১৯ৰ উপস্থিতি৷ উল্লেখ্য যে মহানগৰীৰ বিভিন্ন স্থানত ভ্রমণ বৃত্তান্ত নোহোৱাকৈ একাংশ লোক ক’ৰোনাত আক্রান্ত হোৱাৰ পাছতে বিশেষ পদক্ষেপ গ্রহণ কৰিছে স্বাস্থ্য বিভাগে৷ সামাজিক সংক্রমণৰ আশংকা কৰি ইতিমধ্যে গুৱাহাটীৰ ৩১টা ৱার্ডত ক’ৰোনাৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে৷ তদুপৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু মহেন্দ্র মোহন চৌধুৰী হাস্পতালতো ক’ৰোনাৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে৷ এই স্থানসমূহত মহানগৰবাসীয়ে স্ব–ইচ্ছাই ক’ৰোনা পৰীক্ষাৰ বাবে ছোৱাবৰ নমুনা প্রদান কৰিব পাৰিব৷ অহা ৩০ জুনৰ ভিতৰত ৫০ হাজাৰ নমুনাৰ পৰীক্ষা কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে স্বাস্থ্য বিভাগে৷ ইয়াৰ অধীনত আজিৰে পৰা ৩১টা ৱার্ডত আৰম্ভ হৈছে ছোৱাব সংগ্রহৰ প্রক্রিয়া৷

ইফালে, মহানগৰীখনত ক্রমাৎ বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড আক্রান্ত লোকৰ সংখ্যা৷ চৰকাৰী–বেচৰকাৰী কার্যালয়ৰ লগতে আৰক্ষী থানাৰ পাছত এইবাৰ মহানগৰীৰ বেংকসমূহতো দেখা গৈছে ক’ৰোনাৰ আতংক৷ পাণবজাৰ, ভৰলু আৰক্ষী থানাৰ বিষয়া–কনিষ্টবল ক’ৰোনাত আক্রান্ত হোৱাৰ পাছত এইবাৰ গুৱাহাটীৰ ভিন্ন প্রান্তৰ বেংকত কেইবাজনো ব্যক্তিৰ শৰীৰত ধৰা পৰিছে ক’ৰোনা৷ প্রাপ্ত তথ্য অনুসৰি মহানগৰীৰ লখৰাস্থিত ষ্টেট বেংকৰ শাখাত ১৩গৰাকী কর্মচাৰীৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰিছে৷ তদুপৰি ফাঁচীবজাৰত থকা ষ্টেট বেংকৰ সান্ধ্য শাখাতো এজন কর্মচাৰী আক্রান্ত হোৱাৰ পাছত সাময়িকভাৱে বন্ধ কৰা হৈছে৷ ইপিনে, খানাপাৰাত থকা বেংকটোৰ শাখাৰ আন এজন কর্মচাৰী কালি ক’ভিডত আক্রান্ত হৈছিল৷ সমান্তৰালভাৱে বেলতলাৰ ছার্ভেত থকা নর্থ–ইষ্ট স্মল ফাইনেন্স বেংকৰ এগৰাকী কর্মচাৰীও আক্রান্ত হৈছে ক’ৰোনাত৷ গান্ধীবস্তিৰ শুভম এলাইট এপার্টমেণ্টৰ এজন বাসিন্দা ক’ভিডত আক্রান্ত হোৱাৰ পাছত সমগ্র অঞ্চলটোতে হাহাকাৰ সৃষ্টি হৈছে৷

You might also like