অসম আহি আছে নির্বাচনঃ কংগ্রেছৰ সভাপতি পদক লৈ ৰিপুণ বৰা–প্রদ্যুৎ বৰদলৈৰ ‘টাগ অৱ ৱাৰ’ By নিয়মীয়া বাৰ্তা On Jun 25, 2020 Share নিয়মীয়া বাৰ্তা, ২৫ জুনঃ ২০২১ চনৰ বিধানসভা নির্বাচনক লৈ শাসকীয় দল বিজেপিয়ে ভার্চুৱেল ৰেলীৰে ব্যাপক তৎপৰতা আৰম্ভ কৰাৰ সময়তে অন্তঃকন্দলত জর্জৰিত হৈ পৰিছে বিৰোধী কংগ্রেছ৷ নেতৃত্বক লৈ দলটোৰ ভিতৰত চলি থকা সংঘাত তথা খোৱা–কামোৰাই কার্যতঃ তৃণমূল কর্মীৰ পৰা আঁতৰাই নিছে ৰাজীৱ ভৱনক৷ উল্লেখ্য যে ২০০১ চনৰ পৰা ২০১৬ চনলৈ সুদীর্ঘ ১৫ বছৰ কাল ক্ষমতাত থকাৰ পাছত বিৰোধীৰ আসনত বহা দলটোৰ ভিতৰচ’ৰাত নির্বাচনৰ সময় ওচৰ চাপি অহাৰ সময়তে সৃষ্টি হৈছে কন্দল৷ প্রদেশ কংগ্রেছক কোনে নেতৃত্ব দিব, আগন্তুক নির্বাচনত কোনে সর্বাধিক প্রার্থী প্রক্ষেপ কৰিব, তাক লৈ সৃষ্টি হোৱা লবী ৰাজনীতিত এতিয়া বহুধাবিভক্ত হৈ পৰিছে বিৰোধী দলটোৰ নেতৃত্ব৷ প্রদেশ কংগ্রেছৰ সভাপতি পদটোক লৈ যোৱা দীর্ঘদিনৰ পৰা দলটোৰ নেতৃত্বৰ মাজত চলি থকা সংঘাতে শেহতীয়াকৈ নির্বাচনৰ প্রাকক্ষণত দলটোৰ বাবে বিপর্যয় নমাই অনাই নহয়, তেনে সংঘাতৰ জৰিয়তে বিজেপিক ৱাক অভাৰ দিয়াৰ প্রস্তুতি চলাবলৈ চর্চা চলিছে৷ মন কৰিবলগীয়া যে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাক স্থলাভিষিক্ত কৰি প্রাক্তন মন্ত্রী তথা নগাঁৱৰ সাংসদ প্রদ্যুৎ বৰদলৈয়ে নির্বাচনৰ পূর্বে দলটোক নেতৃত্ব দিয়াৰ প্রস্তুতি চলাইছে৷ ২০১৯ চনৰ লোকসভা নির্বাচনৰ পূর্বৰে পৰা প্রদেশ কংগ্রেছৰ সভাপতিৰ বাবে প্রস্তুতি আৰম্ভ কৰা প্রদ্যুৎ বৰদলৈয়ে আনকি এইক্ষেত্রত ৰাহুল গান্ধীক সৈমান কৰাবলৈ সক্ষম হৈছিল৷ সেইমর্মে ৰাহুল গান্ধীয়ে বৰদলৈক লোকসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰি জয়যুক্ত হৈ অহাৰ পৰামর্শ দি পৰৱর্তী পর্যায়ত বিষয়টো বিবেচনা কৰাৰ আশ্বাস দিছিল৷ লোকসভা নির্বাচনত জয়ী হোৱাৰ পাছতেই সভাপতিৰ আসনখন দখল কৰিবলৈ পুনৰ চেষ্টা চলোৱা সাংসদ বৰদলৈয়ে এইক্ষেত্রত সভানেত্রী ছোনিয়া গান্ধীক পতিয়ন নিয়াবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে৷ প্রদ্যুৎ বৰদলৈৰ এনে প্রচেষ্টাৰ বিপৰীতে বর্তমানৰ সভাপতি ৰিপুণ বৰাই নিজৰ আসনখন ধৰি ৰখাৰ বাবে শেহতীয়াকৈ ৰকিবুল হুছেইনক সংগী কৰি প্রদ্যুৎ বৰদলৈৰ বিৰুদ্ধে আৰম্ভ কৰিছে লবী ৰাজনীতি৷ দলৰ এক সূত্রই প্রকাশ কৰা আগন্তুক বিধানসভা নির্বাচনত ৰকিবুল হুছেইনৰ নিজা প্রার্থীক প্রার্থিত্ব দিয়াৰ ক্ষেত্রত বিশেষ অগ্রাধিকাৰ দিব বুলি আশ্বাস দি ৰিপুণ বৰাই ৰকিবুল হুছেইনক প্রদ্যুৎ বৰদলৈৰ বিৰুদ্ধে প্রক্ষেপ কৰাৰ পাছতে ৰাজীৱ ভৱনত দলীয় কন্দলে তীব্র ৰূপ ধাৰণ কৰিছে৷ আনকি শেহতীয়াকৈ দলৰ এক কার্যসূচীত প্রদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনৰ এই বিষয়টোক লৈয়ে উচ্চবাচ্যও চলে৷ প্রদ্যুৎ বৰদলৈক সভাপতি হোৱাৰ ক্ষেত্রত বাধা প্রদান কৰিবলৈ বিশেষ ৰণকৌশল চলোৱা ৰিপুণ বৰাই ইতিমধ্যে ৰকিবুল হুছেইনৰ জৰিয়তে সভাপতিৰ আসনখনৰ বাবে ভূপেন বৰাক প্রক্ষেপ কৰিছে৷ কংগ্রেছৰ ৰাষ্ট্রীয় সম্পাদক ৰূপে কার্যনির্বাহ কৰি থকা ভূপেন বৰাৰ ছোনিয়া গান্ধীৰ সৈতেও সু–সম্পর্ক আছে৷ সেই বিষয়টোক লক্ষ্য কৰি প্রদ্যুৎ বৰদলৈক বাধা দিবলৈ ভূপেন বৰাক আগুৱাই নিয়া ৰকিবুল হুছেইনে আনকি তেওঁৰ অনুগত একাংশ বিধায়কৰ জৰিয়তে ভূপেন বৰাক সভাপতি পাতিবলৈ কেন্দ্রীয় নেতৃত্বৰ ওচৰত প্রস্তাৱ ৰখা বুলিও জানিব পৰা গৈছে৷ ৰিপুণ বৰা আৰু ৰকিবুল হুছেইনৰ এনে লবী ৰাজনীতিৰ বিপৰীতে প্রদ্যুৎ বৰদলৈয়ে শেহতীয়াকৈ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ আৰু বিৰোধী দলপতি দেৱব্রত শইকীয়াৰ শৰণাপন্ন হৈছে৷ সূত্রটোৱে প্রকাশ কৰা মতে, দলৰ আন দুজন সাংসদ ক্রমে গৌৰৱ গগৈ আৰু আব্দুল খালেকক লগত ৰাখি সভাপতি পদৰ বাবে জোৰদাৰ প্রচেষ্টা চলাই থকা প্রদ্যুৎ বৰদলৈয়ে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ জৰিয়তেও কেন্দ্রীয় নেতৃত্বক হেঁচা দিয়াৰ চেষ্টা চলাইছিল৷ সভাপতি পদক কেন্দ্র কৰি দলৰ নেতৃত্বৰ মাজত চলা এনে লবী ৰাজনীতি তথা খোৱা–কামোৰাৰ পৰিৱেশে সম্প্রতি ৰাজীৱ ভৱনত সৃষ্টি কৰিছে অস্বস্তিকৰ বাতাৱৰণ৷ বিধানসভা নির্বাচনক লৈ বিজেপিয়ে আৰম্ভ কৰা জোৰদাৰ কুচকাৱাজৰ বিপৰীতে দলৰ নেতৃত্বৰ মাজত চলি থকা সংঘাতক লৈ এতিয়া তৃণমূল কর্মীৰ মাজতো সৃষ্টি হৈছে তীব্র অসন্তুষ্টি৷ শেহতীয়াকৈ দলীয় কার্যসূচীত তৃণমূল কর্মী তথা নেতাই এনে বিষয়বোৰক লৈ অসন্তুষ্টি প্রকাশ কৰাই নহয়, দলৰ এনে পৰিৱেশক লৈ হতাশাত ভুগিছে৷ বিশেষকৈ ২০২১ চনত দলে কাৰ নেতৃত্বত নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব, তাক লৈও তৃণমূল কর্মীসকলৰ মাজত অনিশ্চয়তাই দেখা দিছে৷ কংগ্রেছৰ একাংশ যুৱ নেতাই ২০২১ চনৰ নির্বাচনত প্রতিদ্বন্দ্বিতাৰ বাবে প্রস্তুতি আৰম্ভ কৰিছে যদিও জ্যেষ্ঠ নেতাসকলৰ সংঘাতে এই যুৱ নেতাসকলকো এখোজ পিছুৱাই দিছে৷ ক্ষুব্ধ এইসকল যুৱ নেতাই আক্ষেপ প্রকাশ কৰি এইবুলিও উল্লেখ কৰিছে যে দলৰ নেতৃত্বৰ এনে সংঘাতে বিজেপিক উৎসাহিত কৰাই নহয়, আগন্তুক নির্বাচনত পৰিস্থিতি এই অৱস্থাত থাকিলে কংগ্রেছৰ আসন ১০ৰ ভিতৰতহে থাকিব৷ ইফালে, প্রদেশ কংগ্রেছৰ ভিতৰত চলি থকা এনে সংঘাতৰ উপশম কৰাৰ বাবে দায়িত্ব প্রদান কৰা কেন্দ্রীয় পর্যবেক্ষক হৰিশ ৰাৱাটৰ ভূমিকাক লৈও সৃষ্টি হৈছে বিতর্ক৷ দলৰ ভিতৰত চলি থকা কন্দল আঁতৰোৱাৰ পৰিৱতে উত্তৰাখণ্ডৰ পৰা অহা এইজন নেতাই সুযোগ বুজি সংঘাতক উচটনি যোগাই আছে৷ আনকি হৰিশ ৰাৱাটে সময় সাপেক্ষে ৰিপুণ বৰাৰ স্থিতি গ্রহণ কৰে আৰু সময় সাপেক্ষে ৰকিবুল হুছেইন অথবা প্রদ্যুৎ বৰদলৈৰ স্থিতি গ্রহণ কৰি সংঘাত নিৰাময় কৰাৰ পৰিৱর্তে পানীহে ঘোলা কৰি আছে বুলি দলীয় একাংশ নেতাই মুকলি অভিযোগ তুলিছে৷ Share