নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁও আৰক্ষীৰ বৃহৎ সাফল্য; গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ এজন ড্ৰাগছ মাফিয়া

নিয়মীয়া বাৰ্তা, ২৫ জুন : কামৰূপ জিলাৰ ছয়গাঁও আৰক্ষী থানাৰ সহকাৰী উপ পৰিদৰ্শক গৌতম সিনহাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে আজি পুৱা গুৱাহাটীৰ ৰূপনগৰত অভিযান চলাই এটা ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে এজন ড্ৰাগছ মাফিয়া ৷

  গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰা ড্ৰাগছ মাফিয়া জন হল গৰৈমাৰীৰ ঘোৰামাৰা পথাৰৰ মহিদুল ইছলাম । ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকে জানিবলৈ দিয়া মতে আৰক্ষীৰ বাবে ম’ষ্ট ৱাণ্টেড তথা ড্ৰাগছ মাফিয়া মহিদুলক গ্ৰেপ্তাৰ কৰাৰ বাবে অনুসন্ধান অব্যাহত ৰাখিছিল ছয়গাঁও আৰক্ষীয়ে ৷ অৱশেষত ড্ৰাগছ মাফিয়া জন গুৱাহাটীত আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰাত আজি ছয়গাঁৱৰ আৰক্ষীৰ দল এটা গৈ ড্ৰাগছ মাফিয়া জনক আটক কৰি ছয়গাঁও আৰক্ষী থানালৈ লৈ আহে ৷

উল্লেখ্য যে ইতিমধ্যে ছয়গাঁও আৰক্ষীয়ে কিছুদিন পূৰ্বে গৰৈমাৰী অঞ্চলৰ পৰা ড্ৰাগছৰ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷ ছয়গাঁও থানাত ৪৫৬/২০২০ আৰু ৫৫৬/২০২০ নম্বৰত ৰুজু হৈ থকা গোচৰৰ ভিত্তিত মহিদুল ইছলামক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে সোধা পোচা অব্যাহত ৰাখিছে ৷

You might also like