নেপ’টিজম লবীঃ যাৰ বাবে পদদলিত হৈ ৰয় যোগ্যজন
- উজনি আৰু নামনি লবী
-হিমাংশুপ্রসাদ দাস
মূলতঃ এজন সাংস্কৃতিক কর্মী হিচাপে এই ক্ষেত্রখনত প্রায়ে শুনিবলৈ পোৱা দুটা শব্দ হ’ল– উজনিৰ লবী আৰু নামনিৰ লবী৷ এই বিষয়টো লৈ প্রায়ে কিছুমান ক্ষোভমিশ্রিত কথা শুনিবলৈ পোৱা যায়৷ মূলতঃ কথিত ভাষা আৰু উচ্চাৰণক লৈ থকা আমাৰ প্রথাগত কিছুমান অবিজ্ঞানসন্মত ধাৰণাৰ বাবে এই প্রভেদ আৰু বেছি স্পষ্ট হৈ পৰা দেখা যায়৷ ইয়াৰ প্রতিফলন কাম কৰিবলৈ একত্রিত হোৱা ‘টীম’ এটাত প্রায়ে দেখিবলৈ পোৱা যায়৷ যেনে অমুক পৰিচালক হ’লে অমুক–তমুকে বেছি সুযোগ পায় বা তমুক পৰিচালক হ’লে আন কিছুমানে প্রাথমিকতা পায় ইত্যাদি ইত্যাদি৷ কিন্তু এজন সাধাৰণ পৰিচালক হিচাপে মই প্রায়ে অনুভৱ কৰা কথাটো হ’ল– কাম কৰিবলৈ সকলো পৰিচালকে চাগে এটাComfortable Space বিচাৰে৷ সকলো প্রযোজক–পৰিচালক চাগে কিছুমান বিশেষ মানুহ থাকে, যাৰ লগত তেওঁলোকৰ দৃষ্টিভংগী, ৰুচি তথা কাম কৰা পদ্ধতি একেধৰণৰ৷ গতিকে কাম এটা কৰিবলৈ অৱধাৰিতভাৱে তেওঁ সদায় নিজৰ মনে মিলা মানুহবোৰকে কাষত বিচাৰিব৷ এতিয়া আমি ইয়াক লবী বুলি ক’মনে৷ মই নিজে নামনিৰ অথচ মোক জীৱনত প্রথম চিনেমা কৰিবলৈ আমন্ত্রণ জনোৱা ব্যক্তিজন উজনি অসমৰ যদুমণি দত্ত৷ ঠিক তেনেকৈ মোক ভ্রাম্যমাণত প্রথম নাটক লিখিবলৈ আমন্ত্রণ জনোৱা থিয়েটাৰখন হ’ল হেঙুল থিয়েটাৰ৷ যিখন থিয়েটাৰৰ প্রযোজক তথা আখৰা শিবিৰ উজনি অসমৰ মৰিয়নিত অৱস্থিত৷
ইয়াৰ দ্বাৰা মই লবীৰ অস্তিত্ব নুই কৰিব খোজা নাই৷ নিজৰ মনে মিলা মানুহৰ লগ হৈ কাম কৰাটো কোনোপধ্যে ভুল হ’ব নোৱাৰে৷ কিন্তু নিজৰ উন্নতিৰ স্বার্থত আন কোনো প্রতিভাক যদি সমূহীয়াভাৱে পৰিকল্পনা কৰি দমন কৰাৰ চেষ্টা কৰা হয়, নিশ্চয় সি সমালোচনাযোগ্য আৰু অনিষ্টকাৰী৷ কিছুমান সফল ব্যক্তিৰ চৌপাশে গঢ়ি উঠা স্তাৱক বাহিনীয়ে নিজৰ অস্তিত্বৰ স্বার্থতে নিজৰ ‘বছ’ৰ গাত ধূলি এচিকুটো পৰিব নিদি ‘বছ’ৰ প্রতিদ্বন্দ্বী হ’ব পৰা আন যোগ্য ব্যক্তিক সমূহীয়াভাৱে আক্রমণ কৰি দমন কৰিব খোজা ঘটনা কিছুমান আমি মন কৰি আহিছোঁ৷ স্তাৱক বাহিনীয়ে নিজৰ ভাত–দাইলৰ বাবে বছক ‘বছ’ কৰি সদায় ৰাখিব খোজে, ঠিক তেনেদৰে ‘বছে’ও নিজে সদায় ‘বছ’ হৈ থাকিবৰ বাবে সেই স্তাৱক বাহিনীক জীয়াই ৰাখিব খোজে৷ তেতিয়া ই কেৱল লবী হৈ নাথাকে, একপ্রকাৰ মাফিয়াৰাজলৈ পর্যবসিত হৈ পৰে৷
মই ব্যক্তিগতভাৱে স্বাধীন মনেৰে কাম কৰাৰ পক্ষপাতী৷ একে মনৰ মানুহ লগ পাই থকালৈ এই হেঁপাহ অটুট থাকিব৷
নেপ’টিজমঃ ভাগ্য বনাম কর্ম
-নিশা ভূঞা
কেতবোৰ কথা প্রায়ে সুপ্ত হৈ থাকে, কেতবোৰ কথা থাকে গুপ্ত ৰূপত৷ কিন্তু সময়ৰ মেৰপাকে এসময়ত যেন সেই কথাবোৰ জগাই তোলে৷ গুপ্ত কথাবোৰো উদ্ধাৰ কৰি আনে ৰহস্যৰ অতল গভীৰতাৰ পৰা৷ তেনে এক কথা বা বিষয় হৈছে নেপ’টিজম৷ নেপ’টিজম সন্দর্ভত কিছু কথা কাচিতহে শুনিবলৈ পোৱা যায় যদিও শেহতীয়াভাৱে অভিনয় শিল্পী সুশান্ত সিং ৰাজপুতৰ অকাল বিয়োগে এই বিষয়টি সন্দর্ভত বহু গোপন কথাৰ দুৱাৰ মুকলি কৰি দিছে৷বহু ক্ষেত্রত অৱদমিত হৈ থকা নেপ’টিজম সম্পর্কীয় কথাবোৰেও এতিয়া মূৰ দাঙি উঠিছে৷ ভাৰতীয় চলচ্চিত্র ক্ষেত্রখনৰ স’তে জডিত বহুকেইগৰাকী অভিনয় শিল্পীয়ে নেপ’টিজমৰ বিৰুদ্ধে মুখ খুলিছে৷ যথেষ্ট সংগ্রাম কৰি এইক্ষেত্রত নিজৰ নাম লিখিবলৈ সক্ষম হোৱা বহুজনে নেপ’টিজমৰ লগতে দলীয়কৰণৰ কথাও উত্থাপন কৰিছে৷ কিদৰে কেৱল স্বজন–তোষণৰ নামত এচাম শিল্পীয়ে আন এচাম সংগ্রামী প্রতিভাধাৰী শিল্পীক দমন কৰিবলৈ প্রয়াস কৰে, সেই কথা সকলোৰে সন্মুখত এতিয়া স্বচ্ছ হৈ পৰিছে৷ এয়া কেৱল মাথোঁ কিছু বছৰৰ কথা নহয়, যেন অতীতৰ পৰা চলি অহা অলিখিত দস্তুৰহে৷
নেপ’টিজম শব্দটি কেৱল চলচ্চিত্রৰ মোহময় জগতখনৰ লগত জডিত বুলিয়েই বহুলোকে ভাবি লয়৷ বিষয়টি সমূলি অমূলক বুলিও ক’ব নোৱাৰি৷ কিয়নো ইয়াতেই নেপ’টিজম অর্থাৎ বংশবাদ বা স্বজন–তোষণৰ পৰম্পৰা পোনপটীয়াভাৱে আমাৰ চকুত পৰে৷ কিন্তু কেৱল উক্ত নাগপাশত বন্দী হোৱা এইখনেই একমাত্র ক্ষেত্রনে? কিছু দকৈ ভাবি চালেই ইয়াৰ উত্তৰটো পোৱা যায়৷ আমি সচৰাচৰ দেখি থকা অধিকাংশ ক্ষেত্রতেই ইয়াৰ নেতিবাচক প্রভাৱ পৰিলক্ষিত হয়৷ তদুপৰি অপ্রিয় হ’লেও সত্য যে আমাৰ মাজৰে বহুতৰে পৰিয়ালৰ পৰাই স্বজন–তোষণৰ শৃংখল গঠন হয়, কালক্রমত ই পৰিৱর্ধিত ৰূপ লাভ কৰে৷
ভাৰতীয় ৰাজনীতিৰ ক্ষেত্রখনত এই ধাৰাৰ বহুল প্রয়োগৰ কথা নুই কৰিব নোৱাৰি৷ কেৱল এটি পৰিয়ালৰ অধিকাংশ সদস্যবৃন্দই সফল অথবা অসফলভাৱে এই ধাৰা আগুৱাই নিয়াটো তাৰেই অন্যতম প্রমাণ৷ ৰাষ্ট্রীয় পর্যায়ত বছৰ বছৰ ধৰি এক বিশেষ ‘ৰাজনৈতিক পৰিয়াল’ৰ ক্ষমতাক ধৰি অভিলেখমুক্তভাৱেই কথাবোৰ বুজাত সহায় কৰে৷ কেৱল ৰাষ্ট্রীয় পর্যায়তেই নহয়, বহুকেইখন ৰাজ্যত ৰাজ্যিক পর্যায়তো বংশবাদ বা স্বজন–তোষণৰ পৰম্পৰা ৰক্ষিত হৈ আছে৷ ৰজা–মহাৰজাৰ ৰাজত্বৰ কথাবোৰ আমাৰ দেশত সাধুকথা হৈ পৰিছে যদিও নেপ’টিজমৰ নামতেই তাৰ বাস্তৱ ৰূপান্তৰ বর্তমান দেখিবলৈ পোৱা যায় বুলিলে হয়তো ভুল নহ’ব৷ আনহাতে, আন্তঃৰাষ্ট্রীয় পর্যায়ত বহু দেশত বংশানুক্রমিক ৰাজত্বৰ ধাৰা মুক্তভাৱে প্রচলিত হৈ আছে৷ এই সকলো কথালৈ লক্ষ্য কৰিলে মনত প্রশ্ণ হয়– সঁচাকৈয়ে একোটা বিশেষ পৰিয়াল বা বংশৰ সদস্যৰ বাহিৰে অন্য লোকৰ এনে ক্ষেত্রত পদার্পণ কৰাৰ যোগ্যতা থাকিব নোৱাৰে নেকি? কেৱল সেই বিশেষ পৰিয়ালৰ সদস্য হোৱাটোৱেই মুখ্য যোগ্যতা নেকি?
অন্যান্য বহু ক্ষেত্রৰ লগতে ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রখনো এই পৰম্পৰাৰ হাতোৰাত বেয়াকৈ বন্দী৷ ভাৰতীয় বাণিজ্য ক্ষেত্রখনৰ বিগত ২০ বছৰৰ তথ্যত চকু ফুৰালে দেখা যায় যে দেশখনৰ ২০টা শীর্ষ কোম্পানীৰ ১৫টায়েই একক পৰিয়ালকেন্দ্রিক৷ এই বিশেষ পৰিয়ালকেইটিয়েই দেশখনৰ অর্থনীতিৰ মূল চাবিকাঠী নিয়ন্ত্রণ কৰি আছে বুলিব পাৰি৷ কিন্তু পৰিয়ালকেইটিৰ অতীত ইতিহাস মেলি ল’লে দেখা যায় যে এটি বা কেইবা প্রজন্মৰ পূর্বৰ সাফল্যকেই মূলধন ৰূপে লৈ নেপ’টিজমৰ ধাৰাটো সুচাৰুভাৱে চলি গৈ থাকে৷ পূর্বৰ সেই সাফল্য বা সাফল্য অর্জনকাৰীজনৰ তুলনাত পিছৰ বংশধৰৰ অধিকাংশই পিছে দক্ষতাৰ উপযুক্ত মাপকাঠীত অৱতীর্ণ হোৱাত ব্যর্থ হয়৷ তেওঁলোকৰ তুলনাত যথেষ্ট যোগ্য অন্য লোক আগবাঢ়ি আহিলে প্রতিযোগিতাৰ ক্ষেত্রখনত পদে পদে যেন অগ্ণিপৰীক্ষাৰ সন্মুখীন হ’বলগীয়া হয়৷ কাৰণ মাথোঁ এটাই, সকলোৱেই সোণৰ চামুচ মুখত লৈ জন্ম গ্রহণ নকৰে৷ তেনেদৰেই কোনো কোম্পানীৰ মুৰব্বীগৰাকীয়ে সদায়েই তেওঁৰ উত্তৰ প্রজন্মৰ ওপৰত ভৱিষ্যতে সকলো দায়িত্ব অর্পণ কৰাৰ কথা অহৰহ চিন্তা কৰে৷ দৰাচলতে তাৰ বিপৰীতেও যে কোনো কথা চিন্তা কৰিব পাৰি, সেই কথা মনলৈয়েই নাহে৷ তেওঁৰ উত্তৰ প্রজন্ম এইক্ষেত্রত অযোগ্য হ’লেও অথবা আগ্রহী নহ’লেও দায়িত্বভাৰ এসময়ত অর্পণ কৰে৷ কিন্তু বছৰ বছৰ ধৰি তাতেই নিয়োজিত হৈ থকা অতিকৈ উপযুক্ত এজনেও যে সকলো সুন্দৰভাৱে আগুৱাই নিব পাৰে, কোম্পানীটো অধিক সফল কৰিব পাৰে, সেই কথা কাহানিও ভবা নহয়৷ দৰাচলতে ভাগ্য আৰু কর্মৰ যুঁজখনত ভাগ্যক নেপ’টিজমেই জয়ী কৰায় প্রতিবাৰেই৷ সমীক্ষা অনুসৰি, ভাৰতবর্ষত মূলতঃ উচ্চ
শ্রেণীটোৱেই (আপাৰ ক্লাছ) এই ধাৰাৰ মূল বহনকাৰী৷
সুশান্ত সিং ৰাজপুতৰ অকাল বিয়োগৰ পিছতেই সর্বত্র নেপ’টিজমৰ বিৰুদ্ধে প্রতিবাদৰ জোৱাৰ উঠিছে৷ এই ধাৰাক নিষিদ্ধ কৰাৰ কথা বহু লোকেই কৈছে, বিশেষকৈ সামাজিক মাধ্যমত চর্চিত হৈছে৷ পিছে সৰু সৰু বহু কথাৰ মাজত খুঁটিয়াই চালে দেখা যায় যে আমাৰ মাজৰ অধিকাংশ লোকেই নেপ’টিজম অর্থাৎ বংশবাদ বা স্বজন–তোষণৰ এই ধাৰা কঢ়িয়াই নিছে৷ হয়তো জ্ঞাতসাৰে অথবা অজ্ঞাতেই৷ বহু লোকে নিজেই জডিত হৈ থকা কর্মস্থলীত নিজৰ উত্তৰ প্রজন্মক অথবা কোনো আপোনজনক জডিত কৰোৱাৰ প্রয়াস কৰে৷ সময়ত তোষামোদ কৰে অথবা প্রয়োজনত ভেটিও দিয়ে৷ বহু বিভাগ, প্রতিষ্ঠানৰ উচ্চপদস্থ বিষয়াই আপোনজনক, চিনাকিজনক অথবা তোষামোদকাৰীক জডিত কৰায়, কৰিবলৈ প্রয়াস কৰে৷ সেই বাবেই বহু পদ সময়ত কোনো বিজ্ঞাপন নিদিয়াকৈ, আবেদনৰ আদান–প্রদান নোহোৱাকৈয়ে পূর্ণ হৈ পৰে৷ এনে দিশবোৰকো একপ্রকাৰৰ নেপ’টিজম বুলিব নোৱাৰিনে স্বজন–তোষণৰ বাবেই হোৱা দলীয়কৰণ বুলিব নোৱাৰিনে যোগ্যজনক বঞ্চিত কৰি নিজৰ আপোনজনৰ লাভালাভৰ কথা ভাবি প্রতিদিনেই বিভিন্ন ক্ষেত্রত উক্ত ধাৰাৰ ব্যৱহাৰিক প্রয়োগ চলোৱা হয়৷ কথাবোৰ হয়তো দকৈ ভাবি চোৱা নহয়৷ বঞ্চনাৰ মাধমাৰ সহিব নোৱাৰি বহুজনে বাছি লয় আত্মহননৰ পথ, বহুজনৰ জীৱন বিষণ্ণতাবোধৰ গ্রাসত সোমাই পৰে৷ বহুজনে সকলো সহ্য কৰি মৌন হৈ থকাই শ্রেয় বুলি ভাবি লয়৷ গতিকে, কেৱল সামাজিক মাধ্যমত লিখি, নেপ’টিজমৰ বিৰুদ্ধে প্রতিবাদী মিছিল উলিয়াই এই সমস্যাৰ সমাধান সম্ভৱ বুলি ক’ব নোৱাৰি৷ নিজৰ মাজতো এবাৰকৈ খুঁটিয়াই চাই কেৱল যোগ্যজনক সহযোগ কৰাৰ পণ ল’লেহে এই ধাৰাৰ হয়তো গুৰিৰ পৰা পৰিৱর্তন সম্ভৱ৷ ভাগ্য আৰু কর্মৰ চিৰন্তন যুঁজখনত কর্মক জয়ী কৰাটোহে আমাৰ লক্ষ্য হওক৷ জ্যেষ্ঠজনে নিজৰ উত্তৰপুৰুষক প্রতিযোগিতা আৰু নাম জাহিৰ কৰাৰ দৌৰত আগবঢ়াই দিয়াতকৈ দক্ষতা লাভৰ উপযুক্ত পৰামর্শ দিয়া উচিত৷ সেই দক্ষতাৰ ভিত্তিতেই জীৱনক জয় কৰাৰ পথ প্রশস্ত কৰাহে অধিক যুগুত৷ কিয়নো জুয়ে পোৰা বাবেই সোণ উজ্জ্বল হয়৷
- ৰাজনীতি নাই ক’ত?
নেপ’টিজম নাই ক’ত?
-ৰংকুমণি পাঠক
স্বজন–তোষণ, পক্ষপাতিত্ব, লবী, দুর্নীতি আদিৰ সমার্থক হিচাপে আমি ‘ৰাজনীতি’ শব্দটোকে ব্যৱহাৰ কৰি আহিছোঁ৷ আজিকালি সকলোতে ৰাজনীতি বুলি কোৱা কথাষাৰে প্রমাণ কৰে যে ৰাজনীতি হৈ পৰিছে নেতিবাচকতাৰ এক মাপকাঠী৷ বর্তমান দেশত ব্যাপকভাৱে চর্চা হোৱা Nepotism’ৰ ধাৰণাটো ৰজা–মহাৰজাৰ দিনৰে পৰা বিদ্যমান৷ পঞ্চায়তৰ পৰা সংসদলৈকে স্বজন–তোষণৰ নমুনা দেধাৰ৷ এনে নীতিবহির্ভূত কাৰবাৰৰ বাবে বিভিন্ন ক্ষেত্রত বান্দৰেও সোণৰ জখলা বগাবলৈ সুযোগ লাভ কৰে আৰু পদদলিত হৈ ৰয় যোগ্যজন৷
আজিৰ তাৰিখত ‘হু ইজ সঞ্জয় গান্ধী’ বুলি সোধা মানুহ হয়তো অসংখ্য ওলাব৷ কিন্তু সঞ্জয় গান্ধীৰ নামতেই আছে দেশত চিকিৎসা বিজ্ঞান, অভিযান্ত্রিক শিক্ষা প্রদান কৰা প্রতিষ্ঠান৷ তেওঁৰ নামৰ পাছত থকা উপাধিটোৱেই সকলো প্রশ্ণৰ উত্তৰ নিশ্চয় দিয়ে৷ কিন্তু এইগৰাকী সঞ্জয় গান্ধীৰ দেশলৈ অৱদান কি আছিল? পুত্রস্নেহত অন্ধ হৈ জৰুৰীকালীন অৱস্থাত তদানীন্তন প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে সঞ্জয়ক গণতন্ত্র ধ্বংসৰ ফ্রী হেণ্ড দিছিল৷ সেয়া নেপ’টিজম নাছিল জানো? যুগে যুগে বংশবাদৰ জ্বলন্ত উদাহৰণ হৈ থকা পৰিয়ালটোৰেই সদস্য ৰাহুল গান্ধী৷ ৰাজনৈতিক পৰিপক্বতাহীন ৰাহুল গান্ধীয়ে লাভ কৰা দায়িত্বৰ বাবে কংগ্রেছ দলৰ বহু প্রতিভাৱান নেতাৰ উত্থানৰ পথ ৰুদ্ধ হোৱাৰ উদাহৰণ আছে৷ ৰাইজৰ দ্বাৰা বাৰে বাৰে প্রত্যাখ্যিত হোৱাৰ পাছতো দলটোৰ অধ্যক্ষৰ পদটো মাতৃ–পুত্রৰ বাবে মিউজিক চেয়াৰৰ দৰে হৈ থাকিল৷
একেদৰে আন কেইবাটাও বংশই দেশৰ বিভিন্ন ৰাজ্যৰ ৰাজনীতি গৰম কৰি ৰাখিছে৷ জম্মু–কাশ্মীৰৰ পৰা তামিলনাডু, মহাৰাষ্ট্র, উত্তৰ প্রদেশ, বিহাৰ, ওডিশাকে ধৰি অধিকাংশ ৰাজ্যৰ ৰাজনীতিতে নির্দিষ্ট কিছুসংখ্যক পৰিয়ালে দপদপনি বর্তাই ৰাখিছে৷ তেনে পৰিয়াল অসমৰ ৰাজনীতিতো নোহোৱা নহয়৷ কিন্তু এইখন অসমৰে শৰৎ চন্দ্র সিংহ, সোণেশ্বৰ বৰাৰ দৰে নেতাই মূল্যবোধৰ অতুলনীয় দৃষ্টান্ত দেখুৱাই থৈ গৈছে৷
ৰাজনৈতিক নেতাৰ সতি–সন্তানে ৰাজনীতি কৰিব নোৱাৰে বুলি কথা নাই৷ কিন্তু তেওঁলোকৰ যোগ্যতা, সততা আৰু দায়বদ্ধতাক লৈহে প্রশ্ণৰ অৱকাশ থাকে৷ উত্তৰাধিকাৰ সূত্রে প্রভাৱশালী পদ দখল কৰা এনে বহু ৰাজনৈতিক নেতাৰ নাম দুর্নীতি– কেলেংকাৰি আৰু ক্ষমতাৰ অপব্যৱহাৰৰ সৈতে সাঙোৰ খাই আছে৷
ভাৰতৰ প্রাক্তন গৃহমন্ত্রী পি চিদাম্বৰম আৰু বর্তমানৰ গৃহমন্ত্রী অমিত শ্বাহৰ পুত্রৰ বিৰুদ্ধেও অনুৰূপ অভিযোগ আছে৷
অসমত সংঘটিত লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰিক নেপ’টিজমৰ আওতাতে ধৰিব পাৰি৷ ৰাজনৈতিক নেতা বা প্রভাৱশালী লোকৰ ঘনিষ্ঠ হোৱাৰ বাবে টকাৰ বলত বহু মেধাৱী প্রার্থীক বঞ্চিত কৰাই মূৰত দুর্নীতিৰ পোকৰ বাদে আন চিন্তা নথকাসকলেই হৈ পৰিছিল ৰাজপত্রিত বিষয়া৷ ৰাজ্যত সংঘটিত বহুকেইটা কেলেংকাৰিৰ আঁৰত আছে ৰাজনৈতিক ছত্রছায়া আৰু স্বজনপ্রীতি৷
লেখাটোত ৰাজনৈতিক দালালসকলৰ কথা উল্লেখ নকৰিলে নিশ্চয় আধৰুৱা হৈ ৰ’ব৷ প্রতিখন চৰকাৰৰ দিনতে ৰাজনৈতিক নেতাৰ সোঁৱে–বাঁৱে থকা, তৈলমর্দন কৰাসকলৰ উৎপাতৰ মাত্রা বৃদ্ধি পায়৷ অমুকৰ ঘনিষ্ঠ, তমুকৰ লগত ভাল বুলি সকলো সা–সুবিধা এইসকলেই উপভোগ কৰে৷ বহু চৰকাৰ আৰু জনপ্রতিনিধিৰ পতনৰ কাৰণ তেওঁলোকে ঘনিষ্ঠ বুলি লাই দিয়া এইসকল লোকেই৷
ৰাজনীতিৰ তৃণমূল পর্যায়ত স্বজনপ্রীতিক শেহতীয়াকৈ প্রধানমন্ত্রী কিষাণ সন্মান নিধিত হোৱা কেলেংকাৰিয়ে স্পষ্ট কৰে৷ পঞ্চায়ত পর্যায়ত বিভিন্ন আঁচনিৰ হিতাধিকাৰী নির্বাচনত যিধৰণৰ পক্ষপাতিত্ব আৰু স্বজন–তোষণ চলে, সেয়া সমাজখনৰ প্রতি অতিশয় বিপজ্জনক৷
ৰাজনৈতিক দলসমূহেই নহয়, একাংশ বিপ্লৱী আৰু জাতীয় সংগঠনসমূহো এনেবোৰ অভিযোগৰ পৰা মুক্ত জানো? বহু ৰাজনৈতিক ইছ্যুক লৈ যুগে যুগে চলি থকা স্থিতাৱস্থাই মনত এনে কিছুমান প্রশ্নৰেই উদ্রেক ঘটায়৷