কিছুদিনৰ আগৰ কথা৷ চানমাৰিলৈ গৈছিলোঁ৷ শিলপুখুৰী পাওঁতে মহর্ষি বিদ্যা মন্দিৰৰ ওচৰত হঠাৎ মোৰ চকুত পৰিল অসম আর্হিৰ এটা ঘৰ৷ ঘৰটো বহুখিনি মাটিৰ তললৈ সোমাই গৈছে৷ ঘৰটো দেখি অজান এক বিষাদগ্রস্ততাই মোৰ দেহ–মন অৱশ কৰি পেলালে৷ এসময়ত এই ঘৰটো আছিল প্রজা ছ’চিয়েলিষ্ট দলৰ কার্যালয়৷ পিছলৈ হৈছিলগৈ জনতা দলৰ৷ কিমান যে স্মৃতি মোৰ মনৰ মাজৰ পৰা উজাৰি আহিব ধৰিলে৷ সেই কথাবোৰকে ভাবি ভাবি ঘৰ পালোঁহি৷ গা–পা ধুই আমন–জিমনকৈ চ’ৰাঘৰত বহিলোঁ৷
হোমেন বৰগোহাঞি ছাৰৰ এষাৰ কথা মনত পৰিল– ‘কেতিয়াবা যদি মন বেয়া লাগে কিতাপ পঢ়িবা৷’ পৰিবাৰে ৰাতিপুৱা নিকুমণি হুছেইনৰ ‘যোৰহাট ইঞ্জিনিয়াৰিং কলেজ’ নামৰ কিতাপ এখন পঢ়ি থকা দেখিছিলোঁ৷ সেইখনকে আনি পঢ়িবলৈ ধৰিলোঁ৷ নিশা চাৰে দহ মান বজাত কিতাপখন পঢ়ি শেষ কৰিলোঁ৷ পৰিবাৰে ভাত খাবলৈ কেইবাবাৰো মাতিবলৈ আহিছিল৷ বহু দেৰিলৈকে খাবলৈ নোযোৱা দেখি মোৰ ওচৰলৈ আহি ক’লে– ‘ভাত খাই উঠি পঢ়ি থাকিবা৷ এনেকৈ একান্তমনে পঢ়াহেঁতেন, মেট্রিকত অসমৰ ভিতৰত প্রথম দহজনৰ ভিতৰত থাকিব পাৰিলাহেঁতেন৷’ ভাত খাই পুনৰ কিতাপখন পঢ়ি শেষ কৰিলোঁ৷ জীৱনৰ কিছুমান কঠিন মুহূর্তত নিকুমণি হুছেইন ভাঙি নপৰি দৃঢ় মনোবলেৰে অন্ধকাৰ জগতখনৰ পৰা ধীৰে ধীৰে উঠি আহি পৃথিৱীখনৰ লগত সাহসেৰে মুখামুখি হৈছে৷ প্রচণ্ড মনোবল৷ বোধহয় এই মনোবল আৰু নিষ্ঠাৰ বাবেই জন্ম হ’ল এগৰাকী সাহসী মহিলাৰ৷ গদ্যত থকা কাব্যিকতাৰ বাবেই কিতাপখন পঢ়ি উঠি এখন সুন্দৰ উপন্যাস পঢ়া যেন লাগিল৷ প্রবল বতাহ–বৰষুণৰ শেষত আকাশত কেতিয়াবা ৰামধেনু ওলালে মন যেনেকৈ ফৰকাল হৈ যায়, কিতাপখন পঢ়ি মাৰ ঠিক তেনেকুৱাই লাগিল৷ ডেকা বন্ধু মানৱজ্যোতি দাসক দেউতা (লক্ষ্যধৰ চৌধুৰী)হঁতৰ শিলপুখুৰীৰ প্রজা ছ’চিয়েলিষ্ট দলৰ কার্যালয়ৰ বর্তমানৰ অৱস্থাৰ কথাটো ক’লোঁ৷
মানৱজ্যোতিৰ কথাবোৰে মানুহক যোগাত্মক ভাবনাৰে সকলো ক্ষেত্রতে আগবাঢ়ি যোৱাৰ বাবে প্রেৰণা যোগায়৷ তেওঁ ক’লে– ‘দাদা, আপুনি দুখ কৰি কি লাভ?’ তাহানিৰ দেউতাহঁতে যে সকলো ত্যাগ কৰি দেশৰ বাবে জীৱন আহুতি দিবলৈও কুণ্ঠাবোধ কৰা নাছিল, সেই কথাবোৰ লিখক৷ নতুন প্রজন্মই সেই কথাবোৰ জনা উচিত৷ মানৱৰ কথাই মোক লিখিবলৈ প্রেৰণ যোগালে৷ সৰুতে দেউতাহঁতৰ এই পার্টী অফিচলৈ দেউতাৰ লগত বহুবাৰ গৈছোঁ৷ প্রায়েই শনিবাৰে দেউতাই মোক ফুৰাবলৈ পাণবজাৰলৈ লৈ যায় আৰু তাৰ পৰা বাহিৰে বাহিৰে পার্টী অফিচলৈ লৈ আহে৷ মই ভোজনবিলাসী আছিলোঁ বাবে মোক চিংৰা–জিলাপি খাবলৈ দি দেউতাই দলীয় কাম–কাজ কৰি থাকে৷ সতীর্থসকলৰ সৈতে আলোচনাত মিলিত হয়৷ এই পার্টী অফিচৰ পৰা কুৰি শতিকাৰ ষাঠিৰ পৰা প্রায় তিনি দশকত পৰিচালিত হৈছিল সমাজবাদী সমাজ প্রতিষ্ঠাৰ সংগ্রাম৷ দলৰ মানুহখিনি আছিল একো একোজন সৎ আৰু নিষ্ঠাৱান কর্মী৷ জয়প্রকাশ নাৰায়ণ, বিনোৱা ভাবে, ৰামমনোহৰ লোহিয়া আছিল তেওঁলোকৰ নেতা৷ গুৱাহাটী তেল শোধনাগাৰ স্থাপনৰ বাবে হোৱা আন্দোলনত ছ’চিয়েলিষ্ট দলৰ সদস্যসকলে দেহে–কেহে খাটিছিল৷ হেম বৰুৱা, লক্ষ্যধৰ চৌধুৰী, বিশ্ব গোস্বামী, প্রমোদ বর্মন, বিপিন পাল দাস, ডাঃ তাৰিণী বৰুৱা, ধীৰেন বৰুৱা আদিয়ে সেই সময়ত দলৰ কার্যালয়ত দিনে–নিশাই থাকি আন্দোলন তীব্রতৰ কৰি তুলিছিল৷ বিশিষ্ট সমাজবাদী নেতা বিশ্ব গোস্বামীয়ে পার্টী অফিচকে নিজৰ ঘৰ কৰি লৈছিল৷
ৰাজনীতিত লক্ষ্যধৰ চৌধুৰীৰ প্রথম খোজৰ বিষয়ে জানিবলৈ আৰু পিছলৈ উভতি চালোঁ৷ তেওঁৰ ‘ৰাজনীতিৰ ক খ শিকোঁতে’ কিতাপখন উলিয়াই পঢ়িলোঁ৷ তেওঁৰ ভাষাতেই কিতাপখন আমাৰ স্বাধীনতা আন্দোলনৰ অলিখিত বুৰঞ্জী৷ ১৯৪২ চনৰ জুলাই মাহত ভাৰতীয় কংগ্রেছ ৱর্কিং কমিটীয়ে ইংৰাজক ভাৰত ত্যাগ কৰিবলৈ দাবী জনাই এটি প্রস্তাৱ লৈছিল৷ প্রস্তাৱটো আছিল এনে ধৰণৰ– ‘একমাত্র পূর্ণ স্বাধীনতাতহে ভাৰতবাসী সন্তুষ্ট হ’ব৷ ইংৰাজ ভাৰত ত্যাগ কৰা৷’ মহাত্মা গান্ধীয়ে কৈছিল– ‘কৰিম কিম্বা মৰিম৷’ বোম্বাই চহৰত ‘ভাৰত ত্যাগ’ প্রস্তাৱ গ্রহণৰ লগে লগে ৯ আগষ্টৰ পুৱতিনিশা মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু প্রমুখ্যে প্রায়বোৰ নেতাকে ব্রিটিছ চৰকাৰে গ্রেপ্তাৰ কৰিছিল৷ অৰুণা আচফ আলীয়ে পূর্বনির্ধাৰিত কার্যসূচী মতেই ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰি ‘কৰেংগে য়া মৰেংগে’ ধ্বনি দি ইংৰাজৰ চকুত ধূলি মাৰি জনসমুদ্রৰ মাজত মিলি গৈছিল৷ সেই সময়তে ইংৰাজ চৰকাৰে গান্ধী, নেহৰুৰ উপৰি কস্তুৰবা, সৰোজিনী নাইডু, মহাদেৱ দেশাই, চর্দাৰ বল্লভভাই পেটেল, মৌলানা কালাম আজাদ, গোবিন্দ বল্লভ পণ্ট, আচার্য কৃপালনী, ডাঃ প্রফুল্ল ঘোষকে ধৰি প্রায় পঞ্চাশজন নেতাক গ্রেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছিল৷ যিসকল সমাজবাদী নেতা কাৰাৰুদ্ধ হোৱা নাছিল, তেওঁলোকে আত্মগোপন কৰিয়েই স্বাধীনতা সংগ্রামত অংশ লৈছিল৷ বিপ্লবী বীৰ জয়প্রকাশ নাৰায়ণে আন তিনিজন স্বাধীনতা যুঁজাৰুৰ সৈতে জে’ল ভাঙি পলাই গৈ অৰুণা আচফ আলী, ৰামমনোহৰ লোহিয়া, অচ্যুত পটবর্ধন আদি নেতাসকলে আত্মগোপন কৰি চলাই নিয়া আন্দোলনত যোগ দিছিল৷ ’৪২ৰ ১১ আগষ্টৰ দিনা অসমতো লক্ষ্যধৰ চৌধুৰীয়ে উত্তৰ গুৱাহাটীৰ কমলদেৱ হাইস্কুলৰ শিক্ষকতা বাদ দি আন্দোলনত নামি পৰিছিল৷ শিক্ষকতা এৰি তেওঁ কংগ্রেছৰ সংগঠনৰ কামত লাগি গ’ল৷ উত্তৰ গুৱাহাটীৰ ভিতৰুৱা অঞ্চলবোৰত গান্ধীজীৰ আহ্বানৰ কথা সভা–সমিতি পাতি সহজ–সৰল ভাষাত সকলোকে বুজাই দিছিল৷ ছাত্র, যুৱক, মহিলা, কৃষক–বনুৱা সকলোকে একগোট কৰি কংগ্রেছৰ ভেটি সুদৃঢ় কৰি তুলিলে৷ সেই সময়তে অসম কংগ্রেছৰ এগৰাকী শক্তিশালী নেতা আৰু ইংৰাজবিৰোধী আন্দোলনৰ এজন অগ্রণী নেতা ত্যাগবীৰ হেম বৰুৱাই লক্ষ্যধৰ চৌধুৰীক এদিন তেওঁৰ ওচৰলৈ মাতি নিলে৷ সেই সময়ত বৰুৱা ডাঙৰীয়া যথেষ্ট অসুস্থ আছিল আৰু ভালদৰে খোজকাঢ়ি অহা–যোৱা কৰিব নোৱৰাৰ দৰে হৈছিল৷ কিন্তু নৰিয়া পাটীৰ পৰা অতি বিচক্ষণতাৰে আন্দোলনৰ কাম নিয়াৰিকৈ কৰি গৈছিল৷ ত্যাগবীৰে খবৰ দিয়াৰ লগে লগেই চৌধুৰী তেখেতৰ ওচৰলৈ গ’ল৷ তেখেতক দেখিয়েই ত্যাগবীৰে সুধিলে– লক্ষ্য, তুমি এতিয়া কি কৰি আছা? লক্ষ্যধৰ চৌধুৰীয়ে উত্তৰ দিলে– ‘এতিয়া সংগঠনৰ কাম কৰি আছোঁ৷ সভা–সমিতি পাতি ৰাইজক বুজাই আছোঁ, যাতে কোনেও ইংৰাজক সহায় নকৰে৷ মহিলাসকলক স্বাৱলম্বী হ’বৰ বাবে সূতা কটাৰ কাম শিকোৱা হৈছে৷ হিন্দী ভাষাটোও শিকোৱাৰ ব্যৱস্থা কৰিছোঁ৷’ কথাখিনি শুনি বৰুৱাই ক’লে– ‘তুমি সেইবোৰ নকৰিলেও, বত্তৃণতা নিদিলেও আন্দোলন চলি থাকিব৷ বত্তৃণতা দিবলৈ বহু মানুহ আছে৷ তুমি নাটকৰ মানুহ, দেশৰ কামত এইবাৰ তুমি দোকানীৰ অভিনয় কৰিব লাগিব৷ পাণবজাৰত খদ্দৰ কাপোৰৰ দোকান এখনৰ ব্যৱস্থা কৰা হৈছে৷ কাপোৰ কিনাৰ ছলেৰে অসমৰ বিভিন্ন অঞ্চলৰ পৰা দোকানলৈ মানুহ আহিব৷ আচলতে তেওঁলোক কংগ্রেছ কর্মী৷ সেই কংগ্রেছ কর্মীসকলে যি বাতৰি দিয়ে বা চিঠি–পত্র দিয়ে, সেইখিনি সন্ধিয়া মোৰ ঘৰত দি যাবাহি৷ দোকানৰ নাম দিলে ‘অমলালয়…’৷ নিষ্ঠাৰে দোকানীৰ ভাও দি যোৱাৰ বাবে তেওঁ ত্যাগবীৰৰ আস্থাভাজন হৈ পৰিল৷ সেয়ে পিছলৈ তেওঁক অসমৰ লগতে ভাৰতৰ বিভিন্ন প্রান্তৰ বিপ্লৱী বীৰসকলক লগ ধৰি আন্দোলনৰ ভেটি দৃঢ় কৰিবলৈ সুযোগো দিব ধৰিলে৷ বিশিষ্ট সমাজবাদী নেতা সুবোধ হাজৰিকাই কথাশিল্পী ৰত্ন ওজাক হেনো কৈছিল – ‘ত্যাগবীৰৰ দৰে নেতাৰ আস্থাভাজন হোৱাটো এলাপেচা কথা নাছিল৷ বিপ্লৱৰ স্বার্থত গোপনীয়তা ৰক্ষা কৰাত তেওঁ সিদ্ধহস্ত হৈ উঠিছিল৷ ‘বিপ্লৱৰ সময়ত তোমাৰ সোঁহাতে কি কৰিছে, বাঁওহাতে গম পাব নালাগিব’ বুলি গোপনীয়তা ৰক্ষাৰ ক্ষেত্রত ত্যাগবীৰে দিয়া উপদেশ লক্ষ্যধৰ চৌধুৰীয়ে আখৰে আখৰে পালন কৰিছিল৷’
এদিন হেম বৰুৱাই লক্ষ্যধৰ চৌধুৰীক ক’লে– ‘বহুদিন শংকৰৰ খবৰ পোৱা নাই৷ চৰকাৰে তেওঁক ধৰিবলৈ বহু ফান্দ পাতিছে৷ ধৰা পৰিলে আন্দোলন সেমেকি যাব৷ তুমি যোৰহাটলৈ গৈ শংকৰৰ বা–বাতৰি লৈ আহাগৈ৷ খুব সাৱধানে থাকিবা৷ যোৰহাটত দেৱেশ্বৰ শর্মাৰ ঘৰত উপেন ৰাজখোৱাক পাবা৷ ৰাজখোৱাক পালেই বৰুৱাৰ খবৰ পাই যাবা৷ শংকৰ বৰুৱাক দিবলৈ এটা লেফাফা দিলে৷ লেফাফাত ইংৰাজী S’ আখৰ এটা লিখা আছে৷’ আকৌ ক’লে– ‘শংকৰক লগ নাপালে এইখন ঘূৰাই লৈ আহিবা৷ বেলেগৰ হাতত নিদিবা৷’ ৰাজখোৱালৈ সৰু কাগজৰ টুকুৰাত লিখিলে– ‘এওঁক পঠিয়ালোঁ– হেম বৰুৱা’ ইমান সৰু চিঠি দেখি চৌধুৰীয়ে ত্যাগবীৰৰ ফালে চালে৷ ত্যাগবীৰে ক’লে– ‘বিপ্লৱৰ সময়ত সকলো থোৰতে হ’ব লাগে৷ ‘বাহুল্য বিপ্লৱৰ বিঘিনি’ বুলি সদায় মনত ৰাখিবা৷’ যথা সময়ত তেওঁ গৈ অসমৰ আটাইতকৈ শীর্ষস্থানীয় বিপ্লৱী বীৰ শংকৰ বৰুৱাক লগ ধৰি কুশল–বাতৰি লৈ গুৱাহাটী আহি ত্যাগবীৰক তেখেতৰ লগত হোৱা আলোচনাৰ আদিগুৰি সকলো বিৱৰি ক’লে৷
আকৌ এদিন ত্যাগবীৰে চৌধুৰীক ঘৰলৈ মাতি নি ক’লে– ‘বৰ জৰুৰী কাম এটাত তুমি কলিকতালৈ যাব লাগে৷ আগতে গৈ পাইছানে?’ তেখেতে ক’লে– ‘এবাৰ নহয়, বহুবাৰ গৈছোঁ৷ এবাৰ শিক্ষকতা কৰাৰ সময়ত ভূগোল শিক্ষাৰ প্রশিক্ষণ ল’বলৈ গৈ প্রায় এবছৰ মানেই আছিলোঁ৷ কলিকতাৰ অলি–গলি সকলো চিনাকি৷’ ত্যাগবীৰে হাঁহি মাৰি ক’লে– ‘ভূগোল এৰিলা যেতিয়া এতিয়া এনে কাম কৰা, যাতে তোমাৰ নাম বুৰঞ্জীত থাকি যায়৷ কলিকতা পায়েই প্রভুদয়াল হিমৎসিংকাৰ ওচৰলৈ যাবা৷ জ্যোতিপ্রসাদ আগৰৱালাৰ শৰীৰৰ খা–খবৰো লৈ আহিবা৷’ ত্যাগবীৰৰ আদেশ পালি লক্ষ্যধৰ চৌধুৰী কলিকতা পালেগৈ৷ টালিগঞ্জ এলেকাত থকা হিমৎসিংকাৰ ঘৰ ওলালগৈ৷ দাৰোৱান এজনে অসমৰ পৰা যোৱা বুলি কওঁতে আথে–বেথে ভিতৰলৈ লৈ গ’ল৷ হিমৎসিংকাৰ হাতত ত্যাগবীৰে দিয়া চিঠিখন দিলে৷ চিঠিখন পঢ়ি তেখেত ঘৰৰ ভিতৰলৈ গৈ এটা লেফাফা আনি চৌধুৰীৰ হাতত দিলে৷ লেফাফাটোৰ ওপৰত ৰঙা চিয়াঁহীৰে তিনি (৩) এটা লিখা আছিল৷ ভিতৰত থকা ত্রিশখন এশটকীয়া নোট গণি চাব দিলে৷ তিনি হাজাৰ টকা আছে৷ চৌধুৰী থিয় হৈ তেওঁৰ ফালে চাই থকা দেখি আৰু কিবা কথা আছে নেকি সুধিলে৷ তেখেতে ক’লে– ‘বগা কাগজ এখন পালে টকাখিনি পালোঁ বুলি ৰচিদ এখন দি যাওঁ৷’ হিমৎসিংকাই এটা অর্থপূর্ণ হাঁহি মাৰি ক’লে– ‘বিপ্লৱ ৰচিদ দি নহয়, বিশ্বাসৰ ওপৰতহে হয়৷’ তেখেতৰ পৰা বিদায় লৈ চৌধুৰী প্রথমে যাদৱ চলিহা আৰু পিছত ভোলা ভূঞাৰ ঘৰলৈ গ’ল৷ দুমহলীয়া ঘৰটোৰ তলত সাহিত্যিক হৰেন কলিতা আৰু তেওঁৰ ওপৰত থকা এটা কোঠালিত ভূঞা আৰু আনটোত জ্যোতিপ্রসাদ আগৰৱালা থাকে৷ জ্যোতিপ্রসাদৰ ওচৰলৈ গৈ ত্যাগবীৰে তেখেতৰ শৰীৰৰ খবৰ লৈ যাবলৈ দিয়া বুলি কোৱাত ক’লে– ‘পুৰণি টাপলি মৰা চাইকেলৰ টিউবৰ দৰে জোৰা–টাপলি মাৰি চলি আছোঁ৷’ জ্যোতিপ্রসাদে কথা ক’লে মৌ বৰষে৷ তেওঁ সংগ্রামৰ বাবে বাছি লৈছিল কলমটো৷ অগ্ণি বৰুৱা কবিতা, সমাজ পৰিৱর্তনত সহায় কৰা নাট, প্রবন্ধ লিখি তেওঁ জাতিটোক স্বদেশপ্রেমেৰে উদ্বুদ্ধ কৰি তুলিবলৈ সক্ষম হৈছিল৷
এবাৰ কলিকতাত যাদৱ চলিহাৰ ঘৰত জয়প্রকাশ নাৰায়ণ, অৰুণা আচফ আলী, অচ্যুত পটবর্ধন, অসমৰ জ্যোতিপ্রসাদ আগৰৱালা, শংকৰ বৰুৱা, লক্ষীপ্রসাদ গোস্বামী, সুবোধ হাজৰিকা আৰু লক্ষ্যধৰ চৌধুৰীৰ মাজত আন্দোলনৰ গুপুত মেল বহিছিল৷ তাতেই এগৰাকী নেতাই কথা প্রসংগত শংকৰ বৰুৱাক ধুতী–পাঞ্জাবী পিন্ধিবলৈ এৰি বেলেগ ধৰণৰ সাজপাৰ পিন্ধিবলৈ পৰামর্শ দিছিল৷ কাৰণ ধুতী–পাঞ্জাবী পিন্ধি থাকিলে তেওঁক ব্রিটিছৰ সৈন্যই সহজে চিনি পাব আৰু ধৰা পৰাৰ সম্ভাৱনা বেছি থাকে৷ তেতিয়া শংকৰ বৰুৱাই ক’লে– ‘গান্ধীজীৰ সৈনিক হৈ মই গান্ধীজীৰ সাজপাৰ কেনেকৈ এৰি দিম?’ তেতিয়া জয়প্রকাশ নাৰায়ণে তেওঁক সাবটি ধৰি কৈছিল–‘আপুনি সঁচাকৈয়ে অসমৰ বাঘ, বনৰজা৷’ অসমৰ এইজন বিপ্লৱী বীৰৰ নেতৃত্বতেই গঠন কৰা হৈছিল ‘মৃত্যু বাহিনী’৷
বিশিষ্ট লেখক বিপুল চন্দ্র কলিতাই লিখিছিল– ‘দেশৰ স্বাধীনতা সংগ্রামত লক্ষ্যধৰ চৌধুৰীয়ে আত্মগোপন কৰি অত্যন্ত কৌশল আৰু চাতুর্যতাৰে কিছুমান গোপন কাম সম্পাদন কৰি, দেশৰ আগশাৰীৰ জননেতাৰ লগত তৃণমূল সংগ্রামীৰ সংস্পর্শ ৰক্ষা কৰি বহুতো গোপন আঁচনি সফল কৰি তুলিবলৈ সক্ষম হৈছিল৷ অতি অজ্ঞাতসাৰে ইংৰাজ চৰকাৰে গম নোপোৱাকৈ, চোৰাংচোৱাৰ চকুত ধূলি মাৰি এইগৰাকী স্বাধীনতা সংগ্রামীয়ে মুক্তিযুঁজৰ বহুতো গোপন বা–বাতৰি যথাস্থানত দি সংগ্রামক গতিশীল কৰি তুলিছিল৷ দেশৰ স্বাধীনতা বিচাৰি লক্ষ্যধৰ চৌধুৰীৰ ভয়াৱহ অজ্ঞাতবাসৰ দিন অতিবাহিত হ’ল৷ অজ্ঞাতবাসৰ এন্ধাৰে এন্ধাৰে মুক্তিৰ আলোক বিচাৰি কৰা এই বিপদসংকুল যাত্রা লক্ষ্যধৰ চৌধুৰীৰ জীৱনৰ এক চমৎকাৰ অধ্যায়, এক বৈচিত্র্যপূর্ণ পৰিক্রমা৷’
’৪২ৰ গণ আন্দোলনে ব্রিটিছ শাসনৰ ভেটি থৰক–বৰক কৰি তুলিলে৷ দেশ স্বাধীন হ’ল৷ ইমান দিনে কংগ্রেছৰ হৈ দেশৰ স্বাধীনতাৰ বাবে দেহে–কেহে খটা বহু দেশপ্রেমী ছ’চিয়েলিষ্ট হ’লগৈ৷ কংগ্রেছৰ বগা টুপী এৰি ছ’চিয়েলিষ্টৰ ৰঙা টুপী পিন্ধিবলৈ ল’লে৷ ১৯৬৭ চনত টংলাত অনুষ্ঠিত এখন সভাত প্রজা ছ’চিয়েলিষ্ট দলৰ সাংসদ হেম বৰুৱা আৰু বিধায়ক লক্ষ্যধৰ চৌধুৰীৰ লগতে দলৰ এজন সাধাৰণ সভ্য ফটিক মেম্বৰো উপস্থিত আছিল৷ সভা আৰম্ভ হোৱাৰ অলপ পিছতে এজন বয়সিয়াল লোকে ‘ছয়চল্লিশ’ মানে কি আৰু ছয়চল্লিশ এজনে কি কৰা উচিত বুলি এটা প্রশ্ণ কৰিলে৷ ফটিক মেম্বৰে লগে লগে মাত দিলে– ‘ছয়চল্লিশ নহয়, ছ’চিয়েলিষ্ট প্রজা ছ’চিয়েলিষ্ট৷ ছ’চিয়েলিষ্টৰ লক্ষ্য এটাই– দেশৰ সকলো মানুহ লগ হৈ এটা জাতি হ’ব লাগে৷ আমাৰ দেশত এতিয়া দুটা ডাঙৰ জাতি আছে৷ এই দুটা জাতি কি আপোনালোকে ক’ব পাৰিবনে?’ সভাত থকা বহুতেই চিঞৰিলে– ‘হিন্দু আৰু মুছলমান৷’ মেম্বৰে ক’লে– ‘মই সেই জাতিৰ কথা কোৱা নাই৷ আমাৰ দেশৰ প্রধান জাতি দুটা হ’ল– এটা খাই মৰা জাতি আৰু আনটো নাখাই মৰা জাতি৷ এজনে খাই খাই হজম কৰিব নোৱাৰি বমি কৰি মৰে আৰু আনজনে ভালকৈ খাবলৈ নাপাই পিত–পানী বতিয়াই মৰে৷ আমাৰ দলে সমাজক এটা ভাল বাট দেখুৱাইছে৷ আমাৰ দলৰ মতে খাই মৰাসকলে অলপ কমাই খাওক আৰু ৰাহি হোৱাখিনি বাকীসকলক ভগাই দিয়ক৷ তেতিয়া সকলোৱে লগাখিনি খাবলৈ পাই ভালদৰে জীয়াই থাকিব পাৰিব৷’ ফটিক মেম্বৰৰ এই সহজ–সৰল ব্যাখ্যা শুনি সাংসদ হেম বৰুৱা মুগ্ধ হৈছিল আৰু কৈছিল– ‘বিশ্বৰ বহু গুণী–জ্ঞানী লোকে সমাজবাদৰ ব্যাখ্যা দাঙি ধৰিছে৷ সেইবোৰ কথা সাধাৰণ মানুহে বুজি পোৱা টান৷ কিন্তু ফটিক ম্বেৰৰ এই ব্যাখ্যা সাধাৰণ হোজা লোকেও বুজি পাব৷’
মোৰ ভাইটি ড০ অৰূপজ্যোতি চৌধুৰীৰ ভাষাত– ‘পাণবজাৰৰ অমলালয় আৰু এতিয়া নাই৷ শিলপুখুৰীৰ পার্টী অফিচৰ অৱস্থাও জৰাজীর্ণ৷ ছ’চিয়েলিষ্ট পার্টীটো সৰু হ’লেও পার্টীৰ মানুহখিনি আছিল নিষ্ঠাৱান, সৎ আৰু অক্লান্ত কর্মী৷ সেইসকল নেতা–কর্মীয়ে এসময়ত পার্টী অফিচক কৰি তুলিছিল সমাজ পৰিৱর্তনৰ এক চালিকাশক্তি৷’
(লেখাটো প্রস্তুত কৰোঁতে লক্ষ্যধৰ চৌধুৰীৰ ‘মানুহ বিচাৰি’ আৰু ‘উভটি চাওঁ–ৰাজনীতিৰ ক খ শিকোঁতে’ কিতাপ দুখনৰ সহায় লোৱা হৈছে)