নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বান পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে; উদ্ধাৰ–সাহায্য অভিযান তীব্র কৰাৰ নির্দেশ

নিয়মীয়া বাৰ্তা, ২৬ জুন: মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বৃহস্পতিবাৰে ৰাজ্যখনৰ শেহতীয়া বান পৰিস্থিতি আৰু এইক্ষেত্রত জিলা প্রশাসনে গ্রহণ কৰা ব্যৱস্থাৱলী ভিডিঅ’ কনফাৰেন্সীংযোগে বুজ লয়৷ ধেমাজি, লখিমপুৰ, যোৰহাট, মাজুলী, শিৱসাগৰ, ডিব্রুগড, তিনিচুকীয়া, বৰপেটা, চিৰাং আৰু বাগসা জিলাৰ উপায়ুক্তসকলৰ লগতে আৰক্ষী অধীক্ষক, জলসম্পদ বিভাগ, খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু এপিডিচিএলৰ জিলা পর্যায়ৰ শীর্ষ বিষয়াসকলৰ সৈতে বিভাগসমূহে গ্রহণ কৰা পদক্ষেপসমূহৰো বুজ লয়৷ মুখ্যমন্ত্রীয়ে সাহায্য শিবিৰসমূহত থকা লোকসকলক প্রয়োজনীয় খাদ্য যোগান ধৰাৰ উপৰি গুণগত খাদ্য লাভ কৰাটো সুনিশ্চিত কৰিবলৈও উপায়ুক্তসকলক নির্দেশ দিয়ে৷ ক’ভিড–১৯ প্রট’কলসমূহ যাতে সাহায্য শিবিৰসমূহত কঠোৰভাৱে মানি চলে সেইটো নিশ্চিত কৰাৰ পদক্ষেপ ল’বলৈও মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷

    মুখ্যমন্ত্রীয়ে লগতে শিবিৰসমূহত পর্যাপ্ত চিকিৎসা ব্যৱস্থা ৰখাৰ বাবেও নির্দেশ দিয়ে৷ মুখ্যমন্ত্রীয়ে তিনিচুকীয়া জিলাৰ উপায়ুক্তগৰাকীৰ পৰা বাঘজান সংযোগী ৰূপাই দলং ভঙা বিষয়টোৰ বুজ লয়৷ মুখ্যমন্ত্রীয়ে বাঘজানৰ অগ্ণিনির্বাপনৰ বাবে অহা–যোৱা গাডীৰ ক্ষেত্রত কোনো ধৰণৰ সমস্যাৰ মুখামুখি হ’বলগীয়া নহয়, তাক সুনিশ্চিত কৰাৰ বাবেও উপায়ুক্তগৰাকীক নির্দেশ দিয়ে৷ এইক্ষেত্রত এখন ব্রেইলী দলং তাৎক্ষণিকভাৱে নির্মাণৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্রহণ কৰিবলৈ উপায়ুক্তগৰাকীক মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷ আনহাতে লখিমপুৰ জিলাৰ উপায়ুক্তগৰাকীক ৰঙানদীৰ পানী নীপ্কোৱে এৰি দিয়া সম্পর্কত আগজাননী প্রদানৰ ব্যৱস্থাৰো বুজ লয়৷ ভূটানে এৰি দিয়া পানীৰ ফলত বৰপেটা, চিৰাং আৰু বাগসা জিলাত হ’ব পৰা বানপানী আৰু এই সম্পর্কত গ্রহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উপায়ুক্ত কেইগৰাকীৰ পৰা বুজ লয়৷ মুখ্যমন্ত্রীয়ে বানপানীৰ সুযোগ লৈ কোনো দুষৃকতিকাৰীয়ে যাতে চুৰি কার্যৰ দৰে ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে নিৰীক্ষণ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবেও আৰক্ষী অধীক্ষকসকলক নির্দেশ দিয়ে৷

 মুখ্যমন্ত্রীয়ে বানপানীৰ সময়ত যাতে বিদ্যুৎস্পৃষ্টৰ দৰে কোনো দুর্ঘটনা সংঘটিত হ’ব নোৱাৰে তাৰ বাবে বিদ্যুতৰ তাঁৰ, ট্ৰেনফর্মাৰ, বিদ্যুতৰ খুঁটা ইত্যাদি উপযুক্ত পর্যবেক্ষণ কৰি প্রয়োজনসাপেক্ষে তৎকালে মেৰামতিৰ ব্যৱস্থা লোৱাৰ বাবেও মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷ মুখ্যমন্ত্রীয়ে জিলাসমূহৰ উপায়ুক্তসকলক চেম্বার্ছ অৱ কমার্চৰ প্রতিনিধিসকলক লৈ বৈঠক অনুষ্ঠিত কৰাৰ বাবে নির্দেশ দিয়ে, যাতে অত্যাৱশ্যকীয় সামগ্রীৰ সৰবৰাহ অটুট থকাৰ উপৰি বয়–বস্তুৰ মূল্যবৃদ্ধি তথা কৃত্রিম নাটনিৰ সৃষ্টি নহয়৷ মুখ্যমন্ত্রীয়ে লগতে বাৰিষা কালৰ সময়ছোৱাত অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ সৈতে সঘনাই যোগাযোগ ৰক্ষা কৰাৰ বাবেও নির্দেশ দিয়ে যাতে দুর্যোগৰ সময়সাপেক্ষ ব্যৱস্থা ল’ব পৰা যায়৷ সম্প্রতি ৰাজ্যখনত ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত ক’ভিড–১৯ প্রট’কল জিলাসমূহত কঠোৰভাৱে পালন কৰাৰ পদক্ষেপ ল’বলৈও জিলা উপায়ুক্তসকলক মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷ এইক্ষেত্রত সামাজিক দূৰত্ব তথা ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰা নীতি–নিয়মসমূহ কঠোৰভাৱে বলৱৎ কৰাৰ বাবেও মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷

বৃহস্পতিবাৰে এই ভিডিঅ’ কনফাৰেন্সীং যোগে জিলা উপায়ুক্ত তথা আৰক্ষী অধীক্ষকসকলৰ লগত মত বিনিময় কৰাৰ সময়ত মুখ্যমন্ত্রীৰ সৈতে ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক মন্ত্রী যোগেন মোহন, মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত, মুখ্যমন্ত্রীৰ প্রধান সচিব সঞ্জয় লোহিয়া, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা, খাদ্য আৰু অসামৰিক যোগান, ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণ, এপিডিচিএল আদি বিভাগৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে৷

You might also like