নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভৰলুমুখত অট্টালিকাৰ পৰা জঁপিওৱাৰ চেষ্টা যুৱতীৰ

নিয়মীয়া বার্তা, ২৬ জুনঃ মহানগৰীৰ ভৰলুমুখ থানাৰ অন্তর্গত এ টি ৰোডৰ বি কে টাৱাৰৰ পৰা আজি পুৱা এগৰাকী যুৱতীয়ে জঁপিওৱাৰ চেষ্টা কৰা ঘটনাক লৈ অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি হয়৷ অৱশ্যে আৰক্ষীয়ে যুৱতীগৰাকীক স্থানীয় লোকৰ সহযোগত সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

আৰক্ষী সূত্রে জনোৱা মতে, বি কে টাৱাৰত নিৰাপত্তাৰক্ষী হিচাপে কর্মৰত সন্তোষ ৰাণা (২৪) নামৰ যুৱকজনৰ সৈতে বিষ্ণুপুৰৰ চৌধুৰী গলিৰ এগৰাকী ১৯ বছৰীয়া যুৱতীৰ প্রেমৰ সম্পর্ক গঢ়ি উঠে৷ দীর্ঘদিনীয়া সম্পর্কৰ অন্তত যুৱকজনে যুৱতীগৰাকীক বিয়া কৰোৱাত অমান্তি হোৱাৰ অভিযোগত আজি যুৱতীগৰাকীয়ে ছমহলীয়া অট্টালিকাৰ পৰা জঁপিওৱাৰ চেষ্টা চলায়৷

আৰক্ষীয়ে পাছত যুৱতীগৰাকীক উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষাৰ অন্তত পৰিয়ালৰ লোকক গতাই দিয়ে৷ উল্লেখ্য যে এই ঘটনাক কেন্দ্র কৰি কালি দিনৰ প্রায় ১০ বজাত ঘটনাস্থলীত বহু লোকৰ সমাগম হয়৷ ইপিনে, অভিযুক্ত যুৱকজনক আৰক্ষীয়ে সোধা–পোছাৰ অন্তত যুৱতীগৰাকীক পৰিয়ালক চমজাই দিয়া বুলি জানিব পৰা গৈছে৷

You might also like