নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বুঢ়ীদিহিঙৰ গৰাখহনীয়া:যুৱ ছাত্ৰ পৰিষদৰ মানৱ শৃংখল

নিয়মীয়া বাৰ্তা, ২৬ জুনঃ তিনিচুকীয়া জিলাৰ ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টি তথা পেঙেৰী থানাৰ অন্তৰ্গত মুংগং পথাৰ অঞ্চলত বুঢ়ীদিহিং নৈৰ গৰাখহনীয়া নতুন নহয়। গৰাখহনীয়া প্ৰতিৰোধৰ বাবে স্থানীয় ৰাইজ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন সংগঠনে দীৰ্ঘদিনে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে যদিও চৰকাৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে।

 

আজিও অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মুংগং শাখাৰ উদ্যোগত বুঢ়ীদিহিঙৰ গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত মানৱ শৃংখলৰ কাৰ্যসূচী ৰূপায়ণ কৰে। কাৰ্যসূচীত পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উপদেষ্টা সঞ্জীৱ উলুপ, সাধাৰণ সম্পাদক কাঞ্চন বৰা আৰু যুটীয়া সম্পাদক দেৱজিৎ সোণাৰে অংশ লয়।

You might also like