ক’ৰোনাৰ দ্বিতীয় প্ৰৱাহত হ’ব পাৰে লক্ষাধিকৰ মৃত্যুঃ WHO
নিয়মীয়া বাৰ্তা, ২৭ জুনঃ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে বিশ্বত আৰম্ভ হ’ব পাৰে ক’ৰোনা ভাইৰাছৰ দ্বিতীয়টো প্ৰৱাহ। কালি সংস্থাটোৰ উপ সঞ্চালকপ্ৰধান ৰনীৰী গুৱেৰাই সদৰী কৰে এক উদ্বেগজনক তথ্য।
গুৱেৰাই সদৰী কৰা মতে, ক’ৰোনা ভাইৰাছৰ এই দ্বিতীয়টো প্ৰৱাহত লাখৰো অধিক লোকৰ প্ৰাণনাশ হ’ব পাৰে। উপ সঞ্চালকপ্ৰধানগৰাকীয়ে স্পেনিছ ফ্লুৰ প্ৰসংগ উত্থাপন কৰি কয় যে ছেপ্টেম্বৰ-অক্টোবৰৰ শীতকালীন সময়ত স্পেনিছ ফ্লুৰ প্ৰকোপ বৃদ্ধি হৈছিল।
ইটালীৰ এটা টিভি ছেনেলৰে পতা কথা-বাৰ্তাত তেওঁ ১০০ বছৰ আগৰ মহামাৰী স্পেনিছ ফ্লুৰ দ্বিতীয়টো প্ৰৱাহত প্ৰায় কোটিৰ হিচাপত মানুহৰ মৃত্যু হোৱা বুলি উল্লেখ কৰে। তেওঁ পুনৰ কয় যে এতিয়াৰ মহামাৰী ক’ৰোনায়ো স্পেনিছ ফ্লুৰ দৰে চৰিত্ৰ প্ৰকাশ কৰি আছে। আগৰ মহামাৰীৰ প্ৰকোপো গৰমৰ দিনত কিছু কমিছিল যদিও শীতত পুনৰ বৃদ্ধি হৈছিল।
উল্লেখ্য যে ইউৰোপিয়ান চেণ্ট্ৰেল বেংকৰ মুৰব্বী ক্ৰিষ্টিন লগাণ্ডেয়ো কালি এটা সাক্ষাৎকাৰত কৈছিল যে ১৯১৮-১৯ৰ স্পেনিছ ফ্লুৰ পৰা যদি আমি কিবা শিকিব পাৰিছোঁ, তেন্তে এয়া নিশ্চিত যে ক’ৰোনাৰ দ্বিতীয়টো প্ৰৱাহ আহিব। ইয়াৰ বাহিৰেও কিছু অধ্যয়নত প্ৰকাশ পাইছিল যে গৰমত ক’ৰোনাৰ প্ৰকোপ কিছু কমে যদিও সংক্ৰমণ বন্ধ নহয়।
অৱশ্যে বিশেষজ্ঞসকলে মহামাৰীৰ দ্বিতীয় লহৰৰ কোনো নিশ্চিত সংজ্ঞা নাই বুলি ক’ব খোজে যদিও যোৱা ২০ জুনত বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকপ্ৰধান টেড্ৰোছ আডানামে বিশ্ব বিপজ্জনক দিশলৈ গতি কৰি থকাৰ বিষয়ে উল্লেখ কৰি দেশসমূহে প্ৰবল হাৰত ক’ৰোনাক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ দৰে ঘটনাৰ সন্মুখীন হ’বলৈ সাজু থাকিবলৈ সাৱধানবাণী শুনাইছিল। উল্লেখনীয় যে এতিয়ালৈ বিশ্বজুৰি ক’ৰোনা ভাইৰাছত ৯৭.৭ লাখ লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ৪.৯ লাখ লোক মৃত্যুমুখত পৰিছে।