অসম বাঘজান ব্ল’-আউটৰ বাবে প্ৰতি দিনে প্ৰায় ৮০ হাজাৰ ঘন মিটাৰ প্ৰাকৃতিক গেছৰ উৎপাদন লোকচান চতুৰ্থ ত্ৰৈমাসিকত অইলৰ মুঠ আয় ২,৫৮৪.০৬ কোটি টকা By নিয়মীয়া বাৰ্তা On Jun 27, 2020 Share নিয়মীয়া বাৰ্তা, ২৭ জুন : যোৱা ২৬ জুনত অনুষ্ঠিত অইল ইণ্ডিয়া লিমিটেডৰ ৫১৩ সংখ্যক সঞ্চালকমণ্ডলীৰ বৈঠকত ২০১৯-২০ বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকৰ বিত্তীয় ফলাফল ঘোষণা কৰা হয় । এই সন্দৰ্ভত অইল ইণ্ডিয়া জনপৰিক্ৰমা বিভাগে প্ৰেৰণ কৰা বিবৃতি অনুসৰি বৈঠকৰ ফলাফলত উল্লেখিত যে ক’ভিড-১৯ আৰু OPEC আৰু ৰাছিয়াৰ মাজত উৎপাদন কৰ্তন অব্যাহত ৰখাক লৈ হোৱা বুজাবুজিৰ অৱনতিৰ ফলত খাৰুৱা তেলৰ মূল্য আন্তঃৰাষ্ট্ৰীয়ভাৱে অৱনমিত হয় যাৰ প্ৰভাৱ ব্যাপকভাৱে ২০১৯-২০ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকৰ খাৰুৱা তেলৰ মূল্য প্ৰাপ্তিৰ ওপৰত পোনপটীয়াকৈ পৰে । গড় হিচাপত ২০১৯-২০ বিত্তীয় বৰ্ষত খাৰুৱা তেলৰ মূল্য প্ৰাপ্তি ১১.৩১% অৱনমিত হৈ বেৰেলে প্ৰতি ৬০.৭৫ মাৰ্কিন ডলাৰ হয় । ২০১৮-১৯ বিত্তীয় বৰ্ষত এই পৰিমাণ ৬৮.৫০ মাৰ্কিন ডলাৰ আছিল । ২০১৯-২০ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকৰ সময়ত খাৰুৱা তেলৰ মূল্য প্ৰাপ্তি ২০১৮-১৯ বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকৰ তুলনাত ১৫.৫১% অৱনমিত হৈ বেৰেলে প্ৰতি ৫২.১৮ আমেৰিকান ডলাৰ হয় । ২০১৮-১৯ বৰ্ষত এই পৰিমাণ ৬১.৭৬ আমেৰিকান ডলাৰ আছিল । ২০১৯-২০ বিত্তীয় বৰ্ষত প্ৰাকৃতিক গেছৰ মূল্য প্ৰাপ্তি পূৰ্বৰ বৰ্ষৰ তুলনাত বৃদ্ধি হৈ প্ৰতি নিযুত মেট্ৰিক আমেৰিকান থাৰ্মেল ইউনিটত ৩.৪৬ মাৰ্কিন ডলাৰ হৈছে । ২০১৮-১৯ বিত্তীয় বৰ্ষত এই পৰিমাণ আছিল প্ৰতি নিযুত মেট্ৰিক আমেৰিকান থাৰ্মেল ইউনিটত ৩.২১ মাৰ্কিন ডলাৰ। ২০১৯-২০ বিত্তীয় বৰ্ষৰ খাৰুৱা তেলৰ উৎপাদন ২০১৮-১৯ বৰ্ষৰ ৩.৩২৩ নিযুত মেট্ৰিক টনতকৈ ৫.৬৯% হ্ৰাস পাই ৩.১৩৪ নিযুত মেট্ৰিক টন হৈছে । অৱশ্যে ২০১৯-২০ বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকৰ ০৭৪৭ নিযুত মেট্ৰিক টনৰ তুলনাত ২০১৯-২০ বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত ১.৪৮% বৃদ্ধি হৈ ০.৭৫৮ নিযুত মেট্ৰিক টন হৈছে । চলিত বিত্তীয় বৰ্ষৰ প্ৰাকৃতিক গেছৰ উৎপাদন ২০১৮-১৯ বৰ্ষৰ ২৮৬৫ নিযুত মেট্ৰিক ঘন মিটাৰৰ তুলনাত সামান্য হ্ৰাস পাই ২৮০১ নিযুত মেট্ৰিক ঘন মিটাৰ হৈছে । ইফালে ২০১৯-২০ বৰ্ষৰ কৰপশ্চাদ লাভ হয় ২,৫৮৪.০৬ কোটি টকা আৰু যোৱাটো বিত্তীয় বৰ্ষত এই পৰিমাণ আছিল ২,৫৯০.১৪ কোটি টকা । অইলে ২০১৯-২০ বৰ্ষৰ বাবে ফাইনেল ডিভিডেণ্ড ১৬ শতাংশ অৰ্থাৎ শ্বেয়াৰে প্ৰতি ১.৬০ টকা ঘোষণা কৰে । অইল ইণ্ডিয়া লিমিটেডে ২০১৯-২০ বিত্তীয় বৰ্ষৰ বাবে ১৯৬১ চনৰ আয় কৰ আইনত উল্লেখিত ১১৫বিএএ ধাৰাৰ নতুন ৰেহাই কৰ পদ্ধতি অনুসৰণ কৰে । এই নতুন কৰ পদ্ধতি অনুসৰি প্ৰযোজ্য কৰৰ পৰিমাণ হৈছে ২৫.১৭% । ইয়াৰ ফলত ২০১৯-২০ বৰ্ষৰ উভতাবলগীয়া স্থগিত কৰ দেনাৰ (reversal of deferred tax liability) পৰিমাণ হয় ৮২১.০১ কোটি টকা । মনোনীত কৰ্তৃপক্ষৰ অনুমোদনৰ বাবে অমিমাংক্ষিত আয় কৰ বিবাদ সমাধাৰ বাবে অইলে Direct Tax Vivad se Viswas Scheme, 2020 (“DTVsVS”) বিকল্প মুকলি কৰি দিয়ে । উল্লেখ্য যে বিগত ২৭ জুনত বাঘজান বিজিআৰ-৫ত ৱৰ্ক অভাৰ চলি থকাৰ সময়তে বাঘজান ক্ষেত্ৰৰ এটা গেছ কূপ হঠাতে অধিক সক্ৰিয় হৈ পৰে। আজি এমাহ পৰ্যন্ত অব্যাহত থকা গেছ কূপৰ এই দূৰ্ঘটনাৰ বাবে প্ৰতি দিনে প্ৰায় ৮০,০০০ ঘন মিটাৰ প্ৰাকৃতিক গেছৰ উৎপাদন লোকচান হোৱা বুলি অইলৰ বিবৃতিত প্ৰকাশ । অৰ্থাৎ অইলৰ প্ৰতিদিনে উৎপাদিত প্ৰাকৃতিক গেছৰ পৰিমাণ ১ শতাংশকৈ নষ্ট হৈছে । Featured Share