নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূমিস্খলন–বানঃ মুখ্যমন্ত্রী-বিত্তমন্ত্রীলৈ ফোন কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ

নিয়মীয়া বাৰ্তা, ২৯ জুনঃ ৰাজ্যৰ সাম্প্রতিক বান পৰিস্থিতি, খহনীয়া আৰু গুৱাহাটী মহানগৰীকে ধৰি বিভিন্ন স্থানত হোৱা ভূমিস্খলনৰ সম্পর্কত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি
সর্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে টেলিফোনযোগে পৰিস্থিতিৰ বুজ লোৱাৰ লগতে পর্যালোচনা কৰে৷ কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে ব্রহ্মপুত্রকে ধৰি বিভিন্ন নৈৰ জলপৃষ্ঠ বৃদ্ধি আৰু ইয়াৰ ফলত হোৱা বানপানী, ধাৰাবাহিকভাৱে হৈ থকা বৰষুণৰ ফলত হোৱা ভূমিস্খলন আৰু এই দুর্যোগত ক্ষতিগ্রস্ত লোকসকলৰ উদ্ধাৰ আৰু সাহায্য অভিযান সম্পর্কতো বুজ লয়৷

টেলিফোনযোগে কৰা আলোচনাকালত কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে কয় যে বান আৰু খহনীয়া সমস্যাৰ মোকাবিলা কৰাৰ বাবে কেন্দ্রীয় চৰকাৰে সকলোধৰণৰ সহায় আৰু সহযোগিতা আগবঢ়াব৷ এই বিপদৰ সময়তে কেন্দ্রীয় চৰকাৰ অসমৰ জনসাধাৰণৰ লগত আছে বুলিও শ্বাহে প্রকাশ কৰে৷ তেওঁ লগতে বানপানী আৰু ভূমিস্খলনত প্রাণ হেৰুওৱাসকলৰ পৰিয়াললৈও গভীৰ সমবেদনা জ্ঞাপন কৰে৷ ইপিনে কেন্দ্রীয় গৃহমন্ত্রীৰ সৈতে টেলিফোনযোগে হোৱা বার্তালাপৰ সময়ত মুখ্যমন্ত্রী সোণোৱালে কয় যে ৰাজ্যখনৰ বান পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে ৰাজ্য চৰকাৰে সকলোধৰণৰ পদক্ষেপ গ্রহণ কৰিছে৷

উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে ভিডি’ কনফাৰেঞ্চৰ জৰিয়তে বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে উদ্ধাৰ আৰু সাহায্য অভিযান তীব্রতৰ কৰি তোলাৰ বাবে নির্দেশ দিয়া হৈছে৷ সাহায্য শিবিৰসমূহত প্রয়োজনীয় খাদ্য যোগান, গুণগত খাদ্য প্রদান, ক’ভিড–১৯ৰ প্রট’কল মানি চলা, চিকিৎসা ব্যৱস্থা পর্যাপ্ত কৰি ৰখাৰ বাবেও জিলা প্রশাসনসমূহক নির্দেশ দিয়া হৈছে৷ উদ্ধাৰ অভিযানত প্রয়োজনসাপেক্ষে এনডিআৰএফ আৰু এছডিআৰএফক নিয়োগ কৰাৰ লগতে প্রতিখন জিলাতে এনডিআৰএফ আৰু এছডিআৰএফৰ পর্যাপ্ত বেটেলিয়ন মজুত কৰি ৰখা হৈছে৷

এই সময়ছোৱাত বিদ্যুৎস্পৃষ্টজনিত কোনো ঘটনা যাতে সংঘটিত হ’ব নোৱাৰে, তাৰ বাবে শক্তি বিভাগকো প্রয়োজনীয় সাৱধানতা অৱলম্বন কৰাৰ নির্দেশ দিয়া হৈছে৷ বানপানীৰ সুযোগ লৈ যাতে অত্যাৱশ্যকীয় সামগ্রীৰ নাটনি আৰু মূল্যবৃদ্ধি নহয়, তাৰ বাবেও যোগান বিভাগক নির্দেশ দিয়া হৈছে বুলি মুখ্যমন্ত্রীয়ে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীক অৱগত কৰে৷ সেইদৰে বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে কৰা টেলিফোনিক বার্তালাপত কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে ৰাজ্যখনৰ এই দুর্যোগকালত কেন্দ্রীয় চৰকাৰে এনডিআৰএফকে ধৰি সকলো ধৰণৰ সহায়–সহযোগিতা আগবঢ়োৱাৰ প্রতিশ্রুতি দিয়ে৷

You might also like