নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলিয়াবৰৰ চিআৰপিএফৰ বিষয়া আনন্দ বসুমতাৰীৰ ক’ৰোনাত মৃত্যু

চিকিৎসাধীন হৈ আছিল হাৰিয়ানা এইমছত

নিয়মীয়া বার্তা, ২৯ জুনঃ ক’ভিড–১৯বিৰোধী যুঁজখনৰ প্রথম শাৰীৰ এজন সৈনিক হিচাপে দিল্লীত কর্তব্যৰত অৱস্থাতে ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱা নগাঁও জিলাৰ কলিয়াবৰৰ উলুৱনিৰ বেঙেনাআটী গাঁও নিৱাসী তথা চি আৰ পি এফৰ ৯ নম্বৰ বেটেলিয়নৰ উপ–পৰিদর্শক আনন্দ বসুমতাৰীৰ কালি পুৱা হাৰিয়ানাৰ এইমছত চিকিৎসাধীন অৱস্থাতে পৰলোকপ্রাপ্তি ঘটে৷

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫২ বছৰ৷ তেওঁ হাৰিয়ানাৰ জাৰঝাৰস্থিত চি আৰ পি এফৰ ৯ নম্বৰ বেটেলিয়নৰ উপ–পৰিদর্শক হিচাপে কর্মৰত অৱস্থাত আছিল৷ কলিয়াবৰ ব্লক কংগ্রেছৰ প্রাক্তন সভাপতি প্রয়াত বীৰমন বসুমতাৰীৰ পুত্র আনন্দ বসুমতাৰীয়ে কিছুদিন পূর্বলৈকে দিল্লীৰ ক’ৰোনা সংক্রমিত এলেকাত কর্তব্যৰত অৱস্থাত আছিল৷ চি আৰ পি এফৰ এক সূত্রৰ লগতে বিষয়াজনৰ পৰিয়ালৰ তৰফৰ পৰা জানিব পৰা মতে, আনন্দ বসুমতাৰীয়ে দিল্লীত কর্মৰত অৱস্থাতে যোৱা ১৩ জুনত কিছু অসুস্থতা অনুভৱ কৰাত ছোৱাব সংগ্রহৰ লগতে তেওঁক চি আৰ পি এফৰ চিকিৎসালয়ত কোৱাৰেণ্টাইন কৰা হৈছিল৷

১৯ জুনত তেওঁৰ ছোৱাব পৰীক্ষাৰ ফলাফল প্রকাশ হোৱাত তেওঁৰ শৰীৰত ক’ভিড–১৯ পোৱাটো নিশ্চিত হয়৷লগে লগেই চি আৰ পি এফৰ বিষয়াজনক হাৰিয়ানাৰ এইমছত ভর্তি কৰোৱা হয়৷ যোৱা ২৩ জুনত তেওঁৰ স্বাস্থ্যৰ দ্রুত অৱনতি ঘটে আৰু শ্বাস–প্রশ্বাসত কষ্ট অনুভৱ কৰে৷ লগে লগে তেওঁক চিকিৎসালয়খনৰ আই চি ইউত ভর্তি কৰাই ভেণ্টিলেচনত ৰাখে৷ হাৰিয়ানাৰ এইমছত চিকিৎসাধীন অৱস্থাত ক’ভিড–১৯ আক্রান্ত চি আৰ পি এফৰ বিষয়াজনৰ কালি পুৱা প্রায় ১০.৩০ বজাত মৃত্যু হয়৷ কালি পুৱা প্রায় ১০.৪৫ বজাত চি আৰ পি এফ কর্তৃপক্ষই বিষয়াজনৰ মৃত্যুৰ বিষয়ে তেওঁৰ একমাত্র পুত্র বিশ্বজিৎ বসুমতাৰীক ফোনযোগে অৱগত কৰে৷

স্মর্তব্য যে ক’ৰোনাত অকাল বিয়োগ ঘটা চি আৰ পি এফৰ বিষয়া আনন্দ বসুমতাৰীৰ পত্নী জানকী বসুমতাৰী কলিয়াবৰৰ উলুৱনি চিকিৎসালয়ৰ এগৰাকী নার্ছ৷ তেৱোঁ ক’ভিড–১৯বিৰোধী যুঁজখনৰ এগৰাকী প্রথম শাৰীৰ সৈনিক৷ এটি পুত্র আৰু এগৰাকী কন্যা সন্তানসহ তেওঁলোকৰ এখন সুখৰ সংসাৰ আছিল৷ কালি পুৱা আনন্দ বসুমতাৰীৰ বিয়োগৰ বাতৰিটোৱে সমগ্র কলিয়াবৰ অঞ্চলতে শোকৰ ছাঁ পেলাইছে৷ কান্দোনৰ ৰোল উঠে তেওঁৰ বেঙেনাআটীৰ বাসগৃহত৷

আনন্দ বসুমতাৰীৰ পুত্র বিশ্বজিৎ বসুমতাৰীয়ে জনোৱা মতে, তেওঁলোকে গঞা ৰাইজৰ পৰামর্শ মতেই পিতৃৰ মৃতদেহটো অনাৰ ব্যৱস্থা নকৰে আৰু পিতৃৰ শেষকৃত্য সম্পন্ন কৰা অনুষ্ঠানতো অংশ নলয়৷ উল্লেখ্য যে আনন্দ বসুমতাৰী ক’ৰোনাত মৃত্যু হোৱা কলিয়াবৰৰ প্রথমগৰাকী ব্যক্তি৷ গাঁওখনৰ সকলোৰে আদৰৰ আনন্দ বসুমতাৰীক লৈ গাঁওবাসীয়ে বহু আশা কৰিছিল৷ গাঁৱৰ ৰাইজে তেওঁক গাঁওখনৰ সম্পদ হিচাপে গণ্য কৰিছিল৷

You might also like