লাকুৱাত ব্যভিচাৰী মৌলবীৰ কাণ্ড, মছজিদতে মহিলাক যৌন নির্যাতন
নিয়মীয়া বার্তা, ২৯ জুনঃ এটা মছজিদৰ মৌলবীৰ অপকর্মক কেন্দ্র কৰি উত্তপ্ত হৈ পৰিছে উজনি অসমৰ তৈলনগৰী লাকুৱা৷ সভ্য সমাজক লজ্জিত কৰি মুছলমান সমাজৰ উপাসনাস্থলী মছজিদতে এজন মৌলবীয়ে এগৰাকী হিন্দু মহিলাক চিকিৎসা বিধান দিয়াৰ নামত শালীনতা হানি কৰাক লৈ সমগ্র লাকুৱাতে উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়৷
ইতিমধ্যে উত্তেজিত স্থানীয় ৰাইজে আটকাধীন মৌলবীজনক ৰাইজৰ হাতত গতাই দিয়াৰ দাবীৰে লাকুৱা আৰক্ষী চকী ঘেৰাও কৰে৷ ইয়াৰ ফলত উত্তাল হৈ পৰা পৰিস্থিতি নিয়ন্ত্রণৰ বাবে প্রশাসনে অঞ্চলটোত বৃহৎসংখ্যক অর্ধসামৰিক বাহিনী মোতায়েন কৰিছে৷ ঘটনা অনুসৰি কালি পুৱা অঞ্চলটোৰে লাকুৱা দিহিঙীয়া কোঁৱৰ গাঁৱত থকা মছজিদটোৰ মৌলবী আব্দুৰ ৰহমানৰ ওচৰলৈ স্থানীয় এগৰাকী মহিলা গৈছিল৷
ইতিপূর্বে বিভিন্ন ৰোগৰ চিকিৎসাৰ নিদান দিয়া মৌলবীজনৰ ওচৰলৈ পেটৰ অসুখত ভোগাৰ বাবে স্থানীয় মহিলাগৰাকী মৌলবীৰ ওচৰলৈ গৈছিল৷ কিন্তু মৌলবী আব্দুৰ ৰহমানে কোনো ব্যক্তি নথকাৰ সুযোগ লৈ মছজিদৰ ভিতৰতে লাকুৱা লাখমনিঘাটৰ মহিলাগৰাকীৰ শালীনতা হানি কৰে৷ এই সমগ্র ঘটনা মহিলাগৰাকীয়ে স্থানীয় ৰাইজক অৱগত কৰাৰ লগতে ঘটনা সন্দর্ভত লাকুৱা আৰক্ষী চকীতো অভিযোগ দাখিল কৰে৷ ইয়াৰ পাছত আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা মৌলবী আব্দুৰ ৰহমানক আটক কৰি অনাৰ পাছতে অঞ্চলটোৰ পৰিস্থিতি উত্তেজনাপূর্ণ হৈ পৰে৷
স্থানীয় ৰাইজে মৌলবীজনক প্রহাৰ কৰিবলৈ উদ্যত হৈ লাকুৱা আৰক্ষী চকী ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে৷ উত্তেজিত ৰাইজক নিয়ন্ত্রণ কৰিবলৈ অর্ধসামৰিক বাহিনী মোতায়েন কৰি ৰাখিছে যদিও পৰিস্থিতি বর্তমানেও উত্তেজিত হৈ আছে৷