গুৱাহাটীৰ ৬ স্থানত ভয়ংকৰ ভূমিস্খলন
নিয়মীয়া বাৰ্তা, ২৯ জুনঃ কালি মহানগৰীৰ খাৰঘুলিৰ হিড়িম্বাপুৰ, কৈলাসপুৰ, শিলপুখুৰীৰ নৱগ্রহ মন্দিৰ, গীতামন্দিৰৰ ভগদত্ত পথ, ধীৰেনপাৰাৰ ৰত্নগিৰি পথ, নুনমাটিৰ নেপালী চ’ক আৰু পাণ্ডুৰ হিলটপত ভূমিস্খলনৰ ঘটনা সংঘটিত হয়৷ গীতামন্দিৰৰ ভগদত্ত পথটোৰ এছোৱা খহি পৰে৷ পথটো খহি আৰতি তালুকদাৰ নামৰ মহিলাগৰাকীৰ বাসগৃহৰ ওপৰত পৰে৷ সৌভাগ্যক্রমে এই ভূমিস্খলনত কোনো লোক হতাহত নহ’ল৷
বিগত কেইবাদিনো হোৱা বৰষুণৰ ফলত পাহাৰৰ ওপৰৰ পৰা নামি অহা পানীৰ ধলৰ বাবেই পথটো খহি পৰে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে৷ উক্ত পথটোত প্রায় ১০০ ঘৰ লোকে বসবাস কৰে৷ পথটোৰে এই ঘটনাৰ পাছত যাতায়াত সম্পূর্ণৰূপে বন্ধ হৈ পৰে৷ আনহাতে, পাণ্ডুৰ হিলটপত সংঘটিত ভূমিস্খলনৰ ফলত গার্ড ৱাল খহি প্রদীপ ৰয় নামৰ লোকজনৰ বাসগৃহত পৰে৷ এই ভূমিস্খলনত এগৰাকী বৃদ্ধা সামান্য পৰিমাণে আহত হয় যদিও পৰিয়ালটো সৌভাগ্যক্রমে ৰক্ষা পৰে৷
স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, অঞ্চলটোৰ পাণ্ডুনাথস্থিত অনুকূল মন্দিৰৰ প্রকাণ্ড অট্টালিকা আৰু গার্ড ৱালো যিকোনো মুহূর্ততে খহি পৰাৰ সম্ভাৱনা আছে৷ মন্দিৰৰ তলত প্রায় ১৫টা পৰিয়ালে বসবাস কৰে৷ সেয়েহে অঞ্চলটোৰ ৰাইজে জিলা প্রশাসনক বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনাইছে৷ একেদৰে ধীৰেনপাৰাৰ ৰত্নগিৰি পথতো ভূমিস্খলনৰ ঘটনা সংঘটিত হয়৷ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জিলা উপায়ুক্তক ভূমিস্খলনপ্রৱণ এলেকাৰ পৰা লোকসকলক স্থানান্তৰিত কৰিবলৈ নির্দেশ দিছিল৷
এই নির্দেশৰ পাছতে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ভূমিস্খলনপ্রৱণ অঞ্চলত বসবাস কৰা লোকসকলক সুৰক্ষিত স্থানলৈ যাবলৈ আহ্বান জনাইছিল৷ ভূমিস্খলনপ্রৱণ অঞ্চলত বসবাস কৰা লোকসকলক জিলা প্রশাসনে অস্থায়ীভাৱে থকা–খোৱাৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিছে৷