নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমান্তত উত্তেজনাৰ মাজতে আহিছে সুখবৰ, ২৭ জুলাইৰ ভিতৰত ভাৰত পাবহি ৬ খনকৈ ৰাফেল

নিয়মীয়া বাৰ্তা, ২৯জুনঃ ভাৰত-চীন সীমান্তত উত্তেজনা অব্যাহত থকাৰ মাজতে ৬ খনকৈ ৰাফেল যুদ্ধ বিমান ২৭ জুলাইৰ ভিতৰত ভাৰত পাবহি । এই যুদ্ধ বিমান কেইখন পূৰ্বতে মে’ মাহত ভাৰত আহি পোৱাৰ কথা আছিল যদিও ক’ৰোনা ভাইৰাছৰ প্ৰতিকূলতাৰ বাবে সময় মতে ভাৰতত আহি নাপালে ।

সূত্ৰৰ মতে, ফ্ৰান্সৰ পৰা উৰণ লোৱাৰ পাছত ভাৰতৰ আম্বালা চহৰস্থিত বায়ু সেনা ঘাতিত অৱতৰণ কৰিব । প্ৰথমতে ৪ খন ৰাফেল অহাৰ কথা আছিল যদিও বৰ্তমান ৬ খন বিমান ভাৰতলৈ অনা হ’ব ।

ইপিনে সীমান্তত আগ্ৰাসী চীনক প্ৰতিৰোধৰ বাবে ভাৰতৰ প্ৰতিৰক্ষাৰ দিশটোলৈ এয়া এক আশাৰ বতৰা বুলিব পাৰি ।

উল্লেখ্য যে প্ৰায় ৪৫ বছৰৰ পাছত পুনৰ উত্তপ্ত হৈছে চীন-ভাৰত সীমান্ত। ১৫ জুনৰ নিশা গলৱালত নিয়মিত টহলৰ সময়ত ভাৰতীয় ভূখণ্ডলৈ সোমাই অহা চীনৰ পিপলছ লিবাৰেচন আর্মীৰ এটা সশস্ত্র দলে অতর্কিতে আক্রমণ চলায় ভাৰতীয় সেনাৰ ওপৰত ৷ য’ত ভাৰতৰ প্ৰায় ২০ জনকৈ সেনা জোৱান ছহীদ হৈছিল ।

You might also like