নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ত মৃত্যু বাংলাদেশৰ প্রতিৰক্ষা সচিবৰ

নিয়মীয়া বাৰ্তা, ৩০ জুনঃ মহামাৰী ক’ভিড–১৯ত আক্রান্ত হৈ বাংলাদেশৰ প্রতিৰক্ষা সচিব আব্দুলা অল মহছিন চৌধুৰীৰ কালি পুৱা মৃত্যু হৈছে৷ ৰাজধানী ঢ়াকাৰ কম্বাইন্ড মিলিটাৰী হাস্পতালত (চিএনএইচ) চিকিৎসাধীন হৈ থকা অৱস্থাতে প্রতিৰক্ষা সচিবগৰাকীৰ মৃত্যু হোৱা বুলি চৰকাৰী সূত্রই প্রকাশ কৰিছে৷

উল্লেখ্য যে যোৱা ২৯ মে’ত চিকিৎসাধীন হৈ থকা অৱস্থাতেই পৰীক্ষাত ৬ জুনত ক’ভিড–১৯ত আক্রান্ত হোৱাটো নিশ্চিত হয়৷ যোৱা ১৮ জুনত প্রতিৰক্ষা সচিবগৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত আই চি ইউত ভর্তি কৰা হয়৷ উক্ত দিনাৰে পৰা আই চি ইউত ভর্তি হৈ থকা প্রতিৰক্ষা সচিবগৰাকীৰ  পুৱা ৯.৩০ বজাত হূদৰোগত আক্রান্ত হৈ মৃত্যু ঘটে৷ মৃত্যুৰ সময়ত ৫৭ বছৰীয়া চৌধুৰীয়ে পত্নী আৰু কন্যা–পুত্রক এই সংসাৰত এৰি থৈ যায়৷

You might also like