হুৰিয়ত কনফাৰেঞ্চ এৰিলে চৈয়দ শ্বাহ গিলানীয়ে
নিয়মীয়া বাৰ্তা, ৩০ জুনঃ অল পার্টী হুৰিয়ত কনফাৰেঞ্চৰ অধ্যক্ষ পদ এৰিলে বিচ্ছিন্নতাবাদী বর্ষীয়ান নেতা চৈয়দ আলী গিলানীয়ে৷ ২০১৯ চনৰ আগষ্টৰ পৰাই গৃহবন্দী হৈ থকা ৯০ বছৰীয়া বিচ্ছিন্নতাবাদী চৈয়দ আলী গিলানীয়ে বিভিন্ন কাৰণত অল পার্টী হুৰিয়ত কনফাৰেঞ্চৰ সৈতে সম্পর্ক এৰাই চলি পিছত অৱশেষত আনুষ্ঠানিকভাৱে অধ্যক্ষ পদ ত্যাগ কৰিলে৷
কালি এক বিবৃতিত বিচ্ছিন্নতাবাদী গিলানীয়ে প্রকাশ কৰা মতে, অল পার্টী হুৰিয়ত কনফাৰেঞ্চৰ অধ্যক্ষ পদৰ লগতে সকলো সম্পর্ক ত্যাগ কৰিলে৷ এই সন্দর্ভত বিতং তথ্য হুৰিয়তৰ সদস্যৰ মঞ্চলৈ প্রেৰণ কৰিছে৷ সাম্প্রতিক সময়ত হুৰিয়ত কনফাৰেঞ্চৰ স্থিতি সন্তোষজনক নহয় বুলি বিবৃতিত উল্লেখ কৰিছে৷
উল্লেখ্য যে অল পার্টী হুৰিয়ত কনফাৰেঞ্চ হৈছে কাশ্মীৰৰ বিচ্ছিন্নতাবাদী সংগঠনসমূহৰ সন্মিলিত মঞ্চ৷ ১৯৯০ চনৰ পৰাই কাশ্মীৰৰ বিচ্ছিন্নতাবাদী আন্দোলনৰ সৈতে জড়িত গিলানী হুৰিয়তৰ আজীৱন সভাপতি৷