নিয়মীয়া বাৰ্তা,১ জুলাইঃ শ্রীকান্ত মাধৱ বৈদ্যই আজি ভাৰতীয় তেল নিগমৰ অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। ভাৰতীয় তেল নিগমৰ মুখ্য মহাপ্ৰৱন্ধক(চি চি) জন প্ৰসাদ কেই আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে এই কথা সদৰি কৰিছে। একে সময়তে বৈদ্যই চেন্নাই পেট্ৰ’লিয়াম কৰ্পোৰেশ্যনৰ অধ্যক্ষ হিচাবেও কাৰ্যনিৰ্বাহ কৰিব।ইয়াৰোপৰি বৰ্তমানে ৰত্নগিৰি ৰিফাইনেৰী এণ্ড পেট্ৰ’কেমিকেলছৰ ব’ৰ্ডত থকা বৈদ্য ইয়াৰ অধ্যক্ষ আৰু মেচাৰ্ছ পেট্ৰ’নেট এল এন জি লিমিটেডৰ সঞ্চালক হিচাবেও কাৰ্যনিৰ্বাহ কৰিব। ইয়াৰ পূৰ্বে নৱনিযুক্ত অধ্যক্ষ শ্ৰীকান্ত মাধৱ বৈদ্য ভাৰতীয় তেল ব’ৰ্ড( ৰিফাইনেৰী)ৰ ২০১৯ ৰ অক্টোবৰ মাহৰ পৰা সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। উল্লেখ্য যে ৰুৰকিলাৰ এন আই টি ৰ কেমিকেল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰীধাৰী বৈদ্যৰ ৰিফাইনেৰী আৰু পেট্ৰ’কেমিকেল অপাৰেশ্যনত ৩৪ বছৰৰো অধিক কাল দক্ষতাৰে কাৰ্য সম্পাদন কৰাৰ অভিজ্ঞতা আছে। আনহাতে ভাৰতৰ বৃহত্তম ক্ৰেকাৰ প্লেণ্ট পাণিপথ নেপথা ক্ৰেকাৰ প্লেণ্টৰ লগতো তেওঁৰ দশকজোৰা অভিজ্ঞতা জৰিত হৈ আছে। ৰিফাইনেৰীৰ সঞ্চালক তথা ভাৰতীয় তেল নিগমৰ কাৰ্যবাহী সঞ্চালক( ৰিফাইনেৰী অপাৰেশ্যন) হিচাবে কাৰ্যনিৰ্বাহ কৰি থকা অৱস্থাত তেওঁ ভালেকেইটা ৰিফাইনেৰীৰ সম্প্ৰসাৰণ আৰু পেট্ৰ’কেমিকেল প্ৰকল্পৰ সভাপতিত্ব কৰিছিল।প্ৰযুক্তিগত দক্ষতা, দূৰদৰ্শী ব্যৱসায়িক দক্ষতা আৰু জনকেন্দ্ৰিক নেতৃত্ব শৈলীৰ অধিকাৰী শ্ৰীকান্ত মাধৱ বৈদ্যৰ সফল নেতৃত্বত তেলনিগমৰ বিকাশ আৰু দেশৰ আৱশ্যকীয় ইন্ধনৰ আহৰণৰ ক্ষেত্ৰত নতুন মাত্ৰা লাভ কৰিব বুলি প্ৰেছ বিজ্ঞপ্তিত আশা ব্যক্ত কৰা হৈছে।।