নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধেমাজিৰ আৰক্ষীৰ বিষয়াৰ বদান্যতাঃ নামঘৰলৈ অৰ্পণ কৰিল জয়- বিজয় মূৰ্তি

নিয়মীয়া বাৰ্তা ২ জুলাইঃ কেইমাহমানৰ পূৰ্বে মৰিধল বৰ নামঘৰৰ ভাঙি নষ্ট কৰা জয়- বিজয় মূৰ্তি আজি দান কৰি মহানতাৰ পৰিচয় দিলে ধেমাজি আৰক্ষী থানাৰ উপ- পৰিদৰ্শক পদ্মেশ্বৰ বৰকটকীয়ে। বিৱৰণী অনুসৰি, যোৱা ৩ এপ্ৰিলৰ নিশা মৰিধলৰ পেৰাভাৰী গাঁৱৰ ভাইকণ চুতীয়া নামৰ এজন মানসিক ৰোগীয়ে মৰিধলৰ বৰ নামঘৰত প্ৰৱেশ কৰি জয়-বিজয় মূৰ্তি ভাঙি সম্পূৰ্ণৰূপে নষ্ট কৰে। ইয়াৰ পিছতে নামঘৰ পৰিচালনা কমিটিয়ে দিয়া এজাহাৰৰ ভিত্তিত ধেমাজি আৰক্ষীয়ে এটা গোচৰ ৰূজু কৰি ভাইকণ চুতীয়াক আটক কৰি তেজপুৰ মানসিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। সমগ্ৰ ঘটনাটোক কেন্দ্ৰ কৰি ধেমাজি জিলাৰ আধ্যাত্মিক দিশত আগৰণুৱা বুলি সততে চৰ্চা থকা মৰিধলবাসী ৰাইজৰ মাজত এক শোকাকূল পৰিৱেশৰ সৃষ্টি হৈছিল।
উল্লেখযোগ্য যে, সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্বত থকা ধেমাজি আৰক্ষী থানাৰ উপ- পৰিদৰ্শক পদ্মেশ্বৰ বৰকটকীয়ে তদন্তৰ খাতিৰত নামঘৰত উপস্থিত হৈ সেৱা জনাই মূৰ্তি দুভাগ নামঘৰলৈ আগবঢ়াম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। তাৰেই পৰিপ্ৰেক্ষিতত এচ আই তথা লখিমপুৰ হাৱাজানৰ নিৱাসী বৰকটকীয়ে দুই কন্যা কৰৱী বৰকটকী আৰু স্বপ্নালী বৰকটকী, পুত্ৰ লক্ষ্যজিত বৰকটকী আৰু আত্মীয় ভাস্কৰ বৰুৱাৰ সৈতে আজি নামঘৰত অনুষ্ঠিত হোৱা বাৰ্ষিক অনুষ্ঠানত উপস্থিত হৈ জয়- বিজয় মূৰ্তি নামঘৰৰ বাবে উচৰ্গা কৰে। স্মৰ্তব্য যে, ধেমাজি আৰক্ষী বিষয়াসকলৰ ভিতৰত এগৰাকী দক্ষ আৰু নিষ্ঠাবান আৰক্ষী বিষয়া হিচাপে সততে পৰিচিতি লাভ কৰা বৰকটকীৰ এই বদান্যতাক বৃহত্তৰ মৰিধল অঞ্চলৰ ৰাইজৰ লগতে পৰিচালনা সমিতিৰ সভাপতি- সম্পাদকক্ৰমে বীৰেন দত্ত আৰু হেমধৰ কোঁৱৰে পৰিয়ালক এজোলোকা আশীৰ্বাদ প্ৰদান কৰি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে সু- স্বাস্থ্য কামনা কৰিছে।

You might also like