নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমচৈ চাহ বাগিচাত আছাৰ মৰিগাঁও জিলা সমিতিৰ ২৪ সংখ্যক প্রতিষ্ঠা দিৱস পালন

নিয়মীয়া বাৰ্তা, ২ জুলাইঃ আমচৈ চাহ বাগিচাৰ খেল পথাৰত ২ জুলাইত আছাৰ আমচৈ আঞ্চলিক সমিতিৰ সৌজন্যত আছাৰ মৰিগাঁও জিলা সমিতিৰ দ্বাৰা আছাৰ ২৪ সংখ্যক প্রতিষ্ঠা দিৱস অনাৰম্বৰভাবে পালন কৰা হয়। আছাৰ পতাকা উত্তোলনেৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। পতাকা উত্তোলন আৰু শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে আছাৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি ভৰত গৌড়ে। ইয়াৰ পিছত আছাৰ প্রতিষ্ঠাপক জাষ্টিন লাক্রাৰ প্রতি গভীৰ শ্ৰদ্ধা নিবেদন কৰা হয়। ইয়াৰ পিছতেই লাডাখৰ গালৱান উপত্যকাত দেশৰ বাবে প্রাণ আহুতি দিয়া কুৰি গৰাকী শ্বহীদৰ প্রতি এক মিনিট সময় মৌন থাকি শ্ৰদ্ধা নিবেদন কৰা হয়। আছাৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি ভৰত গৌড়ৰ সভাপতিত্বত ইয়াৰ পিছতেই আৰম্ভ হয় মুকলি সভা। মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আছাৰ আমচৈ আঞ্চলিক সমিতিৰ সভাপতি ধ্রুব তেলীয়ে। এই মুকলি সভাত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে তিৱা স্বায়ত্ত পাৰিষদৰ উপ মুখ্য কাৰ্যবাহী সদস্য মোহন সেনাপতি, মনোনীত সদস্য লখীন তাঁতী, আছাৰ মৰিগাঁও জিলা সমিতিৰ প্ৰাক্তন সভাপতি ৰামলাল গৌড়, আছাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক নাৰায়ণ নাগ আৰু আমছাৰ সভাপতি লক্ষীকান্ত গোৱালাই। এই মুকলি সভাত অসমৰ চাহ জনগোষ্ঠীয়ে বৰ্তমান সময়ত সন্মুখীন হোৱা সমস্যা, শিক্ষাৰ উৎকর্ষ সাধন এইবোৰ বিষয় বিশেষ গুৰুত্ব পায়। সভাত অহা বছৰ অনুষ্ঠিত হবলগীয়া ৰূপালী জয়ন্তী প্রতিষ্ঠা দিৱসৰ বিষয়েও আলোকপাত কৰা হয়।

You might also like