নিয়মীয়া বাৰ্তা,২ জুলাইঃ বঙাইগাঁও শোধনাগাৰৰ উদ্যোগত কালিৰে পৰা আৰম্ভ হৈছে ‘স্বচ্ছতা পষেক, ২০২০’। ক’ভিড-১৯ ৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত অনুষ্টুপীয়াকৈ আয়োজন কৰা এক উদ্ধোধনী অনুষ্ঠানৰ মাজেৰে চৰকাৰী নিৰ্দেশনা তথা সকলো নীতি নিয়ম মানি সামাজিক দূৰত্ব বজাই ৰাখি ‘স্বচ্ছতা পষেকীয়া,২০২০’ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। শীৰ্ষ বিষয়াৰ উপস্থিতিত শোধনাগাৰ সভা কক্ষত আয়োজন কৰা অনুষ্ঠানটিত স্বচ্ছতাৰ শপত বাক্য পাঠ কৰোৱায় বঙাইগাঁও শোধনাগাৰৰ কাৰ্যবাহী সঞ্চালক তথা শোধনাগাৰ প্ৰধান অমৰেন্দ্ৰ কলিতাই । বাকী কৰ্মচাৰী সকলে অন লাইনৰ জৰিয়তে অনুষ্ঠানটিত অংশগ্ৰহণ কৰে। অমৰেন্দ্ৰ কলিতাই নিজৰ ভাষণত কয় যে ‘স্বচ্ছতা প্ৰদৰ্শনধৰ্মীৰ পৰিৱৰ্তে প্ৰত্যাহিক জীৱনৰ অভ্যাসত পৰিণত কৰিব লাগে।’ বঙাইগাঁও শোধনাগাৰত পৰিষ্কাৰ পৰিচ্ছন্নতা সম্পৰ্কে লোৱা সচেতনতাৰ পদক্ষেপ সমূহ অঞ্চলটোৰ অন্যান্য উদ্যোগৰ বাবে আদৰ্শনীয় বুলিও তেওঁ ভাষণত উল্লেখ কৰে। মুখ্য মহাপ্ৰৱন্ধক এছ পি বৰুৱাই স্বচ্ছতা পষেকৰ তাৎপৰ্য ব্যাখ্যা কৰি স্বচ্ছতাৰ ধাৰণাটো বাহ্যিকভাবে আৰোপিত হোৱাৰ পৰিৱৰ্তে অন্তঃকৰণেৰে গ্ৰহণ কৰা উচিত বুলি মন্তব্য কৰে। অনুষ্ঠানটিত অসম ইঞ্জিনিয়াৰিং কলেজৰ সহকাৰী অধ্যাপক তথা স্বচ্ছ ভাৰত অভিযানৰ অসম চৰকাৰৰ বিশেষজ্ঞমণ্ডলীৰ সদস্য ড° প্ৰদীপ বৈশ্যই অন লাইন যোগে “এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱস্থাপনা” সম্পৰ্কীয় বক্তব্য উপস্থাপন কৰে।বি জি আৰৰ ভাৰপ্ৰাপ্ত মহাপ্ৰৱন্ধক( মানৱ সম্পদ) ভাস্কৰ হাজৰিকাই শলাগৰ শৰাই আগবঢ়ায়।