নিয়মীয়া বাৰ্তা ২ জুলাইঃ চৰকাৰে শিশু শ্ৰমিক প্ৰথা নিষিদ্ধ কৰিছে যদিওঁ এতিয়াও একাংশ লোকে ইয়াক অৱমাননা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। নগাঁৱত এতিয়া শিশু শ্ৰমিক সুৰক্ষা আইন ধোঁৱাচাঙত। নগাঁৱৰ মাজমজিয়াত এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ীয়ে শিশুক মাটি কঢিওৱা কামত নিয়োজিত কৰাত জিলা খনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিব পৰা মতে, নগাঁও চহৰৰ জয়শ্ৰী চিনেমা হ’ল চাৰিআলিত অৱস্থিত ক’ৱ নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠান খনৰ স্বত্বাধিকাৰীয়ে প্ৰতিষ্ঠান খনৰ মাটি পেলুৱাৰ কামত নিয়োজিত কৰিলে দুজনকৈ শিশু শ্ৰমিকক।
প্ৰাপ্ত তথ্য মতে ব্যৱসায়ীক প্ৰতিষ্ঠানটোৰ স্বতাধিকাৰি মনোজ পাৰিকে প্ৰতিষ্ঠানখনৰ সন্মুখৰ পথটোত মাটি পেলাবৰ বাবে দুজন কম বয়সীয়া শিশুক কামত নিয়োজিত কৰিছিল। ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ সন্মুখৰ পথটো যথেষ্ট খলাবমা গাঁত সদৃশ অংশ আছে যাৰ বাবে গ্ৰাহক সকলে অহা যোৱা কৰাত যথেষ্ট সমস্যাৰ সন্মুখীন হয়। এই সন্দৰ্ভত সাংবাদিকৰ আগত পাৰিকৰ সদম্ভ ঘোষণা তেওঁলোকক ময়েই কামত লগাইছোঁ। শিশু কেইটাই সদায়ে ডেনড্ৰাইট সেৱন কৰি থাকে আৰু মোক টকা বিচাৰি থাকে। তেওঁলোকক মই কামত লগাইছোঁ আৰু কামৰ বিনিময়ত মই এশ টকা দিছো। ব্যৱসায়িক জনৰ এনে ঘোষণাই স্পষ্ট কৰিছে যে নগাঁৱত এতিয়া শিশু শ্ৰমিক আইন প্ৰহসনত পৰিণত হৈছে। নগাঁৱত শিশু সুৰক্ষাৰ হকে কাম কৰা বহু কেইটা সংগঠনৰ লগতে চাইল্ড লাইন নামৰ এক সংস্থা আছে। সময়ে সময়ে শিশু শ্ৰমিক বন্ধ কৰাৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা এই স্বেচ্ছাসেৱী অনুষ্ঠান সমূহৰ দুৰ্বলতাৰ সুযোগ গ্ৰহন কৰি একাংশ লোকে বহু শিশুক শ্ৰমিক হিচাপে নিয়োজিত কৰি আহিছে। যদি সচাকৈয়ে শিশু কেইটাই ডেনড্ৰাইট সেৱন কৰে আৰু পইছা বিচাৰে তেন্তে এজন সচেতন লোক হিচাপে শিশুটিক সংস্কাৰৰ ব্যৱস্থা বা আইনৰ সহায় নলৈ কিয় কম খৰচৰ স্বাৰ্থত মাটি কঢিওৱা কামত লগালে তাক লৈ নগাঁও সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে।
এই সন্দৰ্ভত আজি অসম জাতীয়তাবাদী যুৱ পৰিষদৰ নগাওঁ জিলা সমিতিয়ে এক বিবৃতিত ব্যৱসায়ী জনৰ এনে কাৰ্যক তীব্ৰ গৰিহনা দিছে। পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি ভবেন বৰা আৰু সাধাৰণ সম্পাদক বুদ্ধেশ্বৰ দাসে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় – শিশুক শ্ৰমিক হিচাপে নিয়োজিত কৰাটো অতি গৰিহনাৰ যোগ্য। এই কাৰ্য কেতিয়াও সমৰ্থন কৰিব নোৱাৰি। শিশুক শ্ৰমিক হিচাপে নিয়োগ কৰা ব্যৱসায়ী জনৰ বিৰুদ্ধে কঠোৰ শান্তি বিহিবলৈ পৰিষদে চৰকাৰ তথা প্ৰশাসনক দাবী জনাইছে।