নিশা শালবাৰীৰ সৰুগাতিত দুর্বৃত্তৰ গুলীচালনাত আহত এজন
বিটিচি নির্বাচনৰ পূর্বে বড়োভূমিত হিংসাত্মক ঘটনা
নিয়মীয়া বাৰ্তা ৪ জুলাইঃ বিটিচি নির্বাচনক কেন্দ্র কৰি ব্যাপক ৰাজনৈতিক তৎপৰতা অব্যাহত থকাৰ সময়তে বড়ো ভূমিত সংঘটিত হৈছে নির্বাচনকেন্দ্রিক হিংসা৷ বাগ্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তর্গত সৰুগাতিত কালি নিশা প্রাণজিৎ দাস (৪০) নামৰ এজন লোকক অচিনাক্ত দুর্বৃত্তই হত্যাৰ পৰিকল্পনাৰে গুলীচালনা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ তথ্য অনুসৰি, সৰুগাতিৰ প্রাণজিৎ দাস নামৰ লোকজনে নিশা প্রায় ৯ বজাত নিজ বাসগৃহৰ ভিতৰত পৰিয়ালৰ সৈতে টিভি চাই থকা অৱস্থাত ঘৰৰ বাহিৰৰ পৰা দুর্বৃত্তই এজাঁই গুলী নিক্ষেপ কৰাত দাসৰ মূৰত গুলী লাগে যদিও কথমপি প্রাণৰক্ষা পৰে৷ তৎমুহূর্ততে ঘটনাস্থলীত বাগ্সা জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক লামচাও দংগল, শালবৰী মহকুমা আৰক্ষী বিষয়া ছফিকুল ইছলাম, আনন্দ বজাৰ আৰক্ষী চকীৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া ওৱাজ আলীয়ে উপস্থিত হৈ ঘটনাস্থলীৰ পৰা পইণ্ট ৩২ পিষ্টলৰ খালী কার্টিজ উদ্ধাৰ কৰে৷ দুষৃকতিকাৰীক কৰায়ত্ত কৰাৰ বাবে আৰক্ষীয়ে জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে৷ সমগ্র ঘটনা ৰহস্যৰ আৱর্তত যদিও গুলীবিদ্ধ লোকজন সম্প্রতি বিপদমুক্ত বুলি পৰিয়ালে জানিবলৈ দিয়ে৷
ইফালে, নিশাই কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই ঘটনাস্থলীত উপস্থিত হৈ বিটিচিত অস্ত্রৰ ঝনঝননি চলি থকাটো প্রমাণিত হোৱা বুলি উল্লেখ কৰি কয় যে প্রাণজিৎ দাসৰ ভতিজা পুলকেশ দাস গণ সুৰক্ষা পার্টীৰ এজন সক্রিয় কর্মী৷ যাৰ কাৰণে এই আক্রমণৰ ঘটনা সংঘটিত হ’ল৷ প্রাণজিৎ দাসক হত্যাৰ পৰিকল্পনা এক ৰাজনৈতিক ষডযন্ত্র বুলি অভিহিত কৰি তেওঁ ঘটনাৰ উচিত তদন্তৰ দাবী কৰে৷ আজি লাভ কৰা তথ্য অনুসৰি, দুষৃকতিকাৰীৰ গুলীচালনাত আহত প্রাণজিৎ দাস বিপিএফ দলৰ গাতি বুথ কমিটীৰ সভাপতি আছিল আৰু তেওঁ বৰফেনা ভিচিডিচিৰ এজন সক্রিয় কর্মী৷ আজি দিনৰ ভাগত প্রাণজিৎ দাসৰ বাসগৃহত উপস্থিত হয় মন্ত্রী প্রমীলাৰাণী ব্রহ্ম আৰু বিধায়ক থানেশ্বৰ দাস৷ বিপিএফৰ কর্মীক আতংকিত কৰাৰ উদ্দেশ্যে এনে ধৰণৰ ঘটনা সংঘটিত হ’ব পাৰে বুলি উল্লেখ কৰে৷
ইয়াৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় সদৌ বিটিচি সংখ্যালঘু ছাত্র সন্থাৰ কেন্দ্রীয় সাধাৰণ সম্পাদক তাইছন হুছেইন৷ ইফালে, বিটিএডিত ৰাজ্যপালৰ শাসন চলি থকাৰ মাজতে সংঘটিত এই হিংসাত্মক ঘটনাক গৰিহণা দিয়াৰ লগতে ঘটনাত জডিত দোষীক শীঘ্রে কৰায়ত্ত কৰি উচিত শাস্তি বিহাৰ দাবী জনাইছে বিপিএফৰ শালবাৰী সমষ্টিৰ প্রার্থী জয় মুছাহাৰী, বৰফেনা ভিচিডিচিৰ অধ্যক্ষ দ্বিজেন দাস, অবডো সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক মাধৱ ৰাজবংশী, সদৌ আদিবাসী ছাত্র সন্থাৰ কেন্দ্রীয় প্রচাৰ সম্পাদক মানছুখ চাংখাৰিকা, সদৌ বাগ্সা জিলা ছাত্র সন্থাৰ সভাপতি অমৰ পাঠক, সংগ্রামী যুৱ–ছাত্র মঞ্চ, অসমৰ সভাপতি উদ্দীপ্ত মহন্ত, সাংগঠনিক সম্পাদক গুণজিৎ পাটগিৰি, পপুলাৰ ফ্রণ্ট অৱ ইণ্ডিয়াৰ ৰাজ্যিক কার্যনির্বাহক জাকিৰ হুছেইন, বাগ্সা জিলা কোচ ৰাজবংশী ছাত্র সন্থাৰ সভাপতি কপিল দেৱ সিংহ, বডো সাহিত্য সভাৰ বিষয়ববীয়াৰ লগতে বিভিন্ন দল–সংগঠনে৷