তেতেলীয়াত গো–মাংস বিক্রী তিনিজনক আটক
নিয়মীয়া বাৰ্তা ৪ জুলাইঃ জালুকবাৰী আৰক্ষী চকীৰ অন্তর্গত বৰাগাঁৱৰ তেতেলীয়াত মিলিজুলি পথত অবৈধভাৱে গো–মাংস বিক্রী কৰি থকা তিনিজন লোকক আৰক্ষীয়ে আটক কৰে৷ ধৃত তিনিজন হ’ল আমিনৰ আলী, আজাহাৰ আলী আৰু আজনুৰ আলী৷ প্রাপ্ত তথ্য মতে লকডাউন চলি থকাৰ সময়তে ধৃত তিনিজনে গো–মাংস বিক্রী কৰি থকা বুলি স্থানীয় ব্রজেন দাস, ৰিংকু কলিতা, দীপক ৰাজবংশী, চবিন ৰাজবংশীয়ে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে গৈ আটাইকেইজনকে হাতে–লোটে আটক কৰে৷ স্থানীয় লোকে কৰা অভিযোগ অনুসৰি ধৃত তিনিওজন গৰু চোৰচক্রৰ লগতো জড়িত৷ এই সন্দর্ভত তেতেলীয়াৰ ব্রজেন দাস আৰু দীপক ৰাজবংশীয়ে জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৭৯/৪২৯/৪৪ ধাৰাৰ অধীনত ৮১৮/২০২০ নম্বৰৰ এটি গোচৰ ৰুজু কৰে৷ আৰক্ষীয়ে আজি ধৃত তিনিওজনকে আদালতত হাজিৰ কৰোৱাত আদালতে তিনিওকে জে’ল–হাজোতলৈ প্রেৰণ কৰে৷