ৰামধন দিখাৰীৰ বানপীড়িত উলুৱনী, জামুগুৰী ৰাইজে নিৰ্মাণ কৰিলে চৈধ্যখনকৈ বাঁহৰ দলং
নিয়মীয়া বাৰ্তা, ৪ জুলাইঃ চৰকাৰৰ জলসম্পদৰ লগতে কোনো বিভাগে জোনাই ৰাজহ চক্ৰৰ দিখাৰী নদীৰ বান নিয়ন্ত্ৰণৰ স্থায়ী ব্যৱস্থা হাতত নোলোৱাৰ ফলত নদীখনে সূঁতি সলনি কৰি কেবাবছৰ ধৰি ৰামধন দিখাৰী গাওঁ পঞ্চায়তৰ অধিকাংশ অঞ্চলত তাণ্ডৱ চলাই আহিছে । প্ৰতিবছৰে হোৱা দিখাৰী নদীৰ বাঢ়নী পানীয়ে ৰামধন দিখাৰী গাওঁ পঞ্চায়তৰ অধিকাংশ গাঁও জলমগ্ন কৰি পলোৱাৰ লগতে বানপীড়িত অঞ্চলৰ বাট পথ সমূহৰ ছিন্ন ভিন্ন কৰি আহিছে ।এই বছৰৰ প্ৰথমটো বানত দিখাৰী নদীৰ বাঢ়নী পানীয়ে বিধ্বস্ত কৰা ৰামধন দিখাৰীৰ উলুৱনী, জামুগুৰী গাঁৱৰ পথ সমূহৰ ছিঙা অংশত স্থানীয় ৰাইজে বাঁহৰ দলং নিৰ্মাণ কৰি উলিয়াইছে। অঞ্চলৰ ১ নং জামুগুৰীৰ পৰা ২ নং উলুৱনী গাঁও সংযোগী পথৰ ছিঙা অংশত আঠখনকৈ বাঁহৰ দলং ২ নং উলুৱনী, উলুৱনী জয়পুৰ, উলুৱনী মাজগাওঁ আদি গাঁৱৰ ৰাইজে নিৰ্মাণ কৰি উলিয়াইছে।আনহাতে ১ নং জামুগুৰীৰ পৰা ৩ নং জামুগুৰী গাওঁ সংযোগী পথৰ মাজত ছখনকৈ বাঁহৰ দলং স্থানীয় বানপীড়িত ৰাইজে নিৰ্মাণ কৰি উলিয়াইছে। বাঁহৰ দলং নিৰ্মাণত বানাক্ৰান্ত ৰাইজৰ লগতে গাওঁ পঞ্চায়তৰ প্ৰতিনিধি সকলো সহযোগ আগবঢ়ায় ।