নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত গণ সংক্ৰমণৰ আশংকা; মৰিগাঁৱত আজি ৩৪ গৰাকী কোভিড পজিটিভ চিনাক্ত

নিয়মীয়া বাৰ্তা, ৪ জুলাইঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলাতো আজি অৱনতি ঘটিছে কোভিড পৰিস্থিতিৰ। বিশেষকৈ আজি মৰিগাঁও জিলাত একেদিনাই ৩৪ গৰাকী লোক কোভিড ত আক্ৰান্ত হোৱাৰ পিছতে জিলাখনত যথেষ্ট আতংকৰ পৰিবেশ সৃষ্টি হৈছে কিয়নো চিনাক্ত হোৱা ব্যক্তি সকলৰ ভিতৰত মায়ং ৰাজহ চক্ৰত কৰ্মৰত এগৰাকী মণ্ডল আৰু ৮ গৰাকী স্বাস্থ্য কৰ্মীও আছে।

আজি ঘোষিত ফলাফলত মৰিগাঁও জিলাৰ মায়ং ৰাজহ চক্ৰত কৰ্মৰত মণ্ডল দীপক দাস কৰণা আক্ৰান্ত ৰূপে চিহ্নিত হোৱাৰ পিছতে তেওঁক কাজয়লৰ পৰাই স্বাস্থ্য বিভাগৰ দলে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে বিগত সময় চোৱাত মণ্ডল দীপক দাসে কোভিড ৰ কৰ্তব্য পালন কৰি থকাৰ সময়তে সংক্ৰমিত হোৱা বুলি আশংকা কৰা হৈছে। আনহাতে আজি মৰিগাঁও জিলাৰ বৈদ্যবড়িত কৰ্মৰত নাৰ্ছ, এম এছ ডব্লিউ
ফাৰ্মাচিচিত ক্ৰমে গীতা দাস, ৰঞ্জু কাকতি, মানবেন্দ্ৰ দত্ত, ৰূপম বৰা, আইকণ বড়ো, ৰূপামণি দেৱী , ৰাহুল আমীন সেইখ আৰু যমুনা দাস।

উল্লেখ্য ভয়ংকৰ দিশ এইটো যে আক্ৰান্ত স্বাস্থ্য কৰ্মী ৰূপম বৰাই মৰিগাঁও চহৰৰ ফুলবাৰী স্থিত নিজ বাসভৱনত নিজে পৰিচালনা কৰা দিক দৰ্শন নামৰ এক টিউচন চেণ্টাৰ ত কালিলৈকে কেবাটাও গ্ৰুপ টিউচন কৰিছিল। তেওঁৰ সহযোগী আছিল আন দুজন শিক্ষক। অনতিপলমে উক্ত ছাত্ৰ ছাত্ৰী সকলক হোম কুৰাণ্টিন নকৰিলে যিকোনো সময়তে সামাজিক সংক্ৰমণৰ আশংকা প্ৰবল হৈ পৰিছে। আনহাতে গুৱাহাটীৰ পৰা অহা প্ৰতিগৰাকী লোকক নিলগীকৰণ কৰাৰ দাবী জনাইছে সচেতন মৰিগাঁও বাসীয়ে।

You might also like