নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পি পি ই কীট পিন্ধি চিকিৎসালয়ত ক’ভিড ৰোগীৰ স্বাস্থ্যৰ বুজ ল’লে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

নিয়মীয়া বাৰ্তা, ৪ জুলাইঃ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ৰ কোভিড-১৯ ৱাৰ্ড আই চি ইউলৈ পি পি ই কীট পৰিধান কৰি গৈ তাত চিকিৎসাধীন হৈ থকা ৰোগীসকলৰ স্বাস্থ্যৰ বুজ লয় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷আনহাতে চিকিৎসকসকলে তাত চিকিৎসাধীন ৰোগীসকললৈ ডায়েলাইছিছ আদিকে ধৰি বিভিন্ন সেৱা প্ৰশংসনীয়ভাৱে আগবঢ়াই আছে ৷ইপিনে ৰোগীসকলেও লাভ কৰা চিকিৎসাসেৱাত সন্তুষ্টি ব্যক্ত কৰি চিকিৎসাব্যৱস্থাৰ ওপৰত আস্থা প্ৰকাশ কৰিছে বুলি জনায় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷

You might also like