নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ পাছত এইবাৰ চীনলৈ আহিছে ‘বুব’নিক প্লেগ’

নিয়মীয়া বাৰ্তা, ৭ জুলাই: চীনৰ ৱুহানত ঘাতক ক’ভিড–১৯ৰ উৎপত্তি ঘটাৰ পাছত বিশ্বজুৰি মাৰাত্মক ভাইৰাছবিধৰ তাণ্ডৱ অব্যাহত আছে৷ ক’ভিড–১৯ৰ সংহাৰত সমগ্র বিশ্ব ত্রস্তমান হৈ থকাৰ সময়তে চীনত এইবাৰ অন্য এক মাৰাত্মক ৰোগ ‘বুব’নিক প্লেগ’ৰ প্রাদুর্ভাৱ ঘটিছে৷ দেশখনৰ ইনাৰ মংগোলীয়া স্বায়ত্তশাসিত অঞ্চলত ইতিমধ্যে এই ৰোগত এজন লোক আক্রান্ত হোৱা বুলি প্রশাসনে নিশ্চিত কৰিছে৷

কোৱাৰেণ্টাইনত বর্তমান সুস্থিৰ অৱস্থাতে লোকজন আছে বুলি প্রশাসনে ঘোষণা কৰিছে৷ পেছাত পশুপালক এই লোকজন বুব’নিক প্লেগত আক্রান্ত হোৱাৰ উপৰি ৰোগবিধত অন্য এজন আক্রান্ত হোৱা বুলি সন্দেহ কৰিছে স্বাস্থ্য বিভাগে৷ গ্ল’বেল টাইমছৰ প্রতিবেদনত আজি এই তথ্য সদৰী হোৱাৰ পাছতে বিষয়টোক লৈ বিশ্বজুৰি ব্যাপক চর্চা চলিছে৷ এসময়ত বুব’নিক প্লেগ আছিল বিশ্বৰ অতি মাৰাত্মক ৰোগ৷ কিন্তু বর্তমান সময়ত ইয়াৰ চিকিৎসা যথেষ্ট উজু হৈছে৷

উল্লেখনীয় যে বুব’নিক প্লেগ হৈছে বেক্টেৰিয়াৰ দ্বাৰা সংক্রমিত এবিধ ৰোগ৷ এসময়ত মানৱ ইতিহাসত ইয়াক ‘ব্লেক ডেথ’ মহামাৰী হিচাপে চিহ্ণিত কৰা হৈছিল৷ চতুর্দশ শতিকাত আফ্রিকা, ইউৰোপ আৰু এছিয়াত এই ৰোগত ১৪ নিযুত লোকৰ মৃত্যু হৈছিল৷

You might also like