আৰক্ষীৰ নৈশ পার্টী; আৰক্ষী বিষয়াক শাস্তিমূলক বদলি
নিয়মীয়া বাৰ্তা, ৯ জুলাই : গুৱাহাটী মহানগৰীত কঠোৰ লকডাউন–সান্ধ্য আইন বলৱৎ হৈ থকাৰ মাজতে জন্মদিনৰ পার্টীৰ আয়োজন কৰি শাস্তিৰ সন্মুখীন হ’ল কেইবাজনো শীর্ষ আৰক্ষী বিষয়া৷ আৰক্ষীৰ নৈশ পার্টীৰ ঘটনাক কেন্দ্র কৰি অসম আৰক্ষীতো ব্যাপক সালসলনি ঘটোৱা হৈছে৷
উল্লেখ্য যে মহানগৰ আৰক্ষীৰ সহকাৰী আৰক্ষী আয়ুক্ত লৱ কুমাৰ ডেকাৰ জন্মদিন উপলক্ষে যোৱা দেওবাৰে এক পার্টীৰ আয়োজন কৰা হৈছিল৷ লাচিতঘাটৰ এখন নাৱত আয়োজন কৰা এই পার্টীত আৰক্ষীৰ কেইবাজনো জ্যেষ্ঠ–কনিষ্ঠ বিষয়াই ভাগ লৈছিল৷ লকডাউন–সান্ধ্য আইনৰ বিধি উলংঘা কৰি আৰক্ষী বিষয়াই সদলবলে জন্মদিন উদ্যাপন কৰাৰ বাতৰিয়ে ৰাজ্য প্রশাসনত ব্যাপক খলকনি সৃষ্টি কৰে৷ ইয়াৰ পাছতে মুখ্য সচিবে মহানগৰ আৰক্ষী আয়ুক্তক বিষয়টো সন্দর্ভত তদন্তৰ নির্দেশ দিয়ে৷ এই ঘটনাত ক্ষুণ্ণ হৈ পৰে খোদ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল৷ ইয়াৰ পাছতে আজি পাণবজাৰৰ এচিপি লৱ কুমাৰ ডেকাক চতুর্থ অসম আৰক্ষী বেটেলিয়নৰ সহঃ অধিনায়ক হিচাপে বদলি কৰা হয়৷
ইফালে, পার্টীত উপস্থিত থকা ডিচিপি (চেণ্ড্রেল) লংনিট তেৰাঙক অর্থনৈতিক অপৰাধ অনুসন্ধান শাখাৰ আৰক্ষী অধীক্ষক পদলৈ বদলি কৰা হৈছে৷ বিআইই’ৰ বর্তমানৰ এছ পি স্বপ্ণনীল ডেকাক শদিয়াৰ আৰক্ষী অধীক্ষক হিচাপে, শদিয়াৰ এছপি বিএল মীনাক কাছাৰৰ আৰক্ষী অধীক্ষক পদলৈ, কাছাৰৰ এছপি মানৱেন্দ্র দেৱৰয়ক দশম অসম আৰক্ষী বেটেলিয়নৰ অধিনায়ক পদলৈ, দশম আৰক্ষী বেটেলিয়নৰ অধিনায়ক গৌতম বৰাক মহানগৰ আৰক্ষীৰ ডিচিপি হিচাপে, নীলোৎপল ডেকাক নুনমাটিৰ এচিপি পদলৈ, নুনমাটিৰ এচিপি জিকিৰাণী মহন্তক মান্দাকাটাৰ কমাণ্ডো বেটেলিয়নৰ সহঃ অধিনায়ক পদলৈ, বঙাইগাঁৱৰ উপ–আৰক্ষী অধীক্ষক মৈত্রেয়ী ডেকাক পাণবজাৰৰ এচিপি পদলৈ, জালুকবাৰীৰ এচিপি জয়ন্ত বৰুৱাক বিআইই’ৰ উপ–আৰক্ষী অধীক্ষক পদলৈ, জ্যোতিপ্রসাদ পেগুক জালুকবাৰীৰ এচিপি হিচাপে, অৰুণিমা ভূঞাক চতুর্থ অসম আৰক্ষী বেটেলিয়নৰ সহঃ অধিনায়ক হিচাপে, ৰ’জী তালুকদাৰক পাণবজাৰ মহিলা আৰক্ষী থানাৰ এচিপি পদলৈ, ৰুদ্র কলিতাক বৰপেটাৰ ডিএছপি (ব’ডাৰ) আৰু হেমেন দাসক উত্তৰ শালমাৰাৰ এছডিপি’ হিচাপে বদলি কৰা হৈছে৷