কৃষক নেতা অখিল গগৈ সহ কাৰাবন্দীক মুক্তিৰ দাবীত নগাঁৱত যুৱ-ছাত্ৰৰ মানৱ শৃংখল
নিয়মীয়া বাৰ্তা, ৯ জুলাই : কৃষক নেতা অখিল গগৈ সহ কা বিৰোধী আন্দোলনত জড়িত কাৰাবন্দী লোকসকলক শীঘ্ৰে মুক্তিৰ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাওঁ জিলা সমিতিয়ে। কাৰাবন্দী লোকসকলৰ মুক্তিৰ দাবীত যুৱ ছাত্ৰ পৰিষদৰ সদস্য সকলে আজি সামাজিক দূৰত্ব বজাই ৰাখি নগাওঁ চহৰত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে।
পৰিষদৰ সদস্য সকলে বিভিন্ন শ্লোগান দি পৰিস্থিতি উত্তাল কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা যুৱ ছাত্ৰ পৰিষদৰ নগাওঁ জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়াৰ লগতে আৰিফ হুছেইন, কুলদ্বীপ বৰা, আছিফ আলি, বাবলু বৰদলৈ, জাকিৰ এ হাজৰিকা, ধ্ৰুৱ জ্যোতি বৰা, নয়ন জ্যোতি শইকীয়া, কাশ্যপ ফুকন, বিচিত্ৰ দাসক আটক কৰে।