নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমচৈত উপপথ নিৰ্মাণৰ নামত ভেঁকো-ভাওনা

নিয়মীয়া বাৰ্তা, ১১ জুলাইঃ আমচৈ অঞ্চলৰ মৰিগাঁও জিলাৰ অন্তৰ্গত বৰবড়ী গাৱঁৰ মছজিদৰ ওচৰত দাপনিবড়ী বৰবড়ী সংযোগী পকী পথত আজি প্রায় এবছৰ কাল ধৰি নিৰ্মাণ কার্য স্থগিত হৈ থকা পকী দলঙখনৰ ঠিকাদাৰে স্থানীয় মানুহৰ সুবিধাৰ্থে উপপথটোও ঠিকাদাৰে ভালদৰে নিৰ্মাণ কৰি দিয়া নাই। এই বিষয়ে ‘নিয়মীয়া বাৰ্তা’ত বাতৰি প্ৰকাশ পোৱাৰ পিছত ঠিকাদাৰে আহি বাঁহৰ সাঁকো নিৰ্মাণ কৰি মাটি পেলাই উপপথটো নিৰ্মাণ কৰে যদিও প্ৰয়োজন অনুযায়ী ওখ নকৰাৰ বাবে বৰষুণ দিলেই উপপথটোৰ দুয়োফালে পথৰ পানী উঠি যায়। উপপথটো নিৰ্মাণ কৰা নকৰা একেই কথা হৈ পৰিছে। স্থানীয় লোকৰ মতে উপপথটোৰ দুয়ো পাৰে উপপথটো কমেও আৰু তিনি ফুটমান ওখ নকৰিলে বাৰিষাৰ পানী জমা হৈ মানুহ অহা-যোৱা কৰিব নোৱাৰা অৱস্থা হ’ব। সেয়েহে স্থানীয় ৰাইজে অচিৰেই উপপথটো মাটি তুলি পুনৰ ওখ কৰিবলৈ ঠিকাদাৰক দাবী জনাইছে।

You might also like