নিয়মীয়া বাৰ্তা, ১৩জুলাইঃ ছিপাঝাৰত কৰণাত আক্ৰান্ত হৈছে প্ৰথমগৰাকী আৰক্ষী।ছিপাঝাৰ থানাৰ বেটেলিয়ান ৰমেশ চহৰীয়াৰ দেহত ধৰা পৰিছে কভিড১৯।অৱশ্যে ছোৱাব দিয়াৰ পিছত ছুটি লৈ জোৱান গৰাকী লোজোৰাৰ নিজৰ ঘৰত আছিল।গতিকে ছিপাঝাৰ থানা কিছু পৰিমাণে শংকা মুক্ত যদিও নিজৰ গৃহত থকা অৱস্থাত বেটেলিয়ান গৰাকীয়ে সম্পূৰ্ণকৈ মানি চলা নাছিল হোম কোৱাৰেন্টাইনৰ নীতি নিয়ম।যাৰ বাবে উক্ত অঞ্ছলত স্বাভাৱিকতে সৃষ্টি হৈছে আতংকিত পৰিবেশৰ।আনহাতে লোকজনৰ দেহলৈ কৰ পৰা কেনেকৈ কভিডৰ বীজাণু সংক্ৰমণ হল সেয়াও বৰ্তমানে পোহৰলৈ অহা নাই।ইফালে দৰঙ জিলাত দিনক দিনে বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা । জিলা স্বাস্থ্য বিভাগে প্ৰকাশ কৰগ মতে সোমবাৰে পুনৰ ১০ জন লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিড – ১৯ ৰ উপস্থিতি । এই আক্ৰান্ত লোককেইজনৰ ভিতৰত বিকাশ নাথ আৰু বৃন্দাবন শৰ্মা জিলা বন বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰী । আনহাতে ৰমেশ চহৰীয়া এগৰাকী আৰক্ষীৰ লোক । বাকীসকল বহি: ৰাজ্যৰ পৰা অহা আৰু কন্টেইনমেন্ট জ’নৰ বাসিন্দা । এই লোককেইজনক ধৰি দৰঙত আক্ৰান্ত লোকৰ সংখ্যা ৪৪০ জনলৈ বৃদ্ধি পালে।