নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বানৰ ভয়াৱহতা, উটুৱাই নিলে ৪৬টাকৈ গৰু

নিয়মীয়া বাৰ্তা, ১৩ জুলাইঃজোনাইত পাহাৰীয়া নদী সমূহৰ পানী শুকাইছে যদিও চিয়াং ব্ৰহ্মপুত্ৰ,লালী, বুঢ়ীসূঁতি নদীৰ পানী সামান্য পৰিমাণে শুকাবলৈ লৈছে। জোনাইৰ বান পৰিস্থিতিৰ আজিও শোচনীয় হৈ আছে। চিয়াঙৰ বলিয়া বানত বেৰা চাপৰি অঞ্চলৰ ৫০খনতকৈ অধিক ঘৰ উঠুৱাই নিয়াৰ লগতে বেৰা ন গাওঁ নামে এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়খনো সম্পূৰ্ণ বাবে খহাই নিয়ে৷ ইফালে ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকাৰী বান- খহনীয়াই ডিব্ৰুগড় জিলাৰ লাহোৱাল বিধানসভা সমষ্টিৰ হিলৈদাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ বক্ষত থকা চৰ অঞ্চলৰ কেবাটাও গৰু খুটিৰ মুঠ ৪৬ টা গৰু উটুৱাই নিয়ে। চমকঙ গাওঁ পঞ্চায়তৰ চেঙাজান গোৱালা গাঁৱৰ কানহায়া যাদৱৰ ৭ জনী গাই,৫ জনী চেউৰী,৪ টা পোৱালি ,ৰাজনাথ যাদৱৰ ১০ জনী গাই, ৫ টা দমৰা,৪ জনী চেউৰী, ৭ টা পোৱালি, ৰাজকুমাৰ যাদৱৰ এজনী চেউৰী আৰু ধুৰণ যাদৱৰ ৩ জনী গাই ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকাৰী বানে উটুৱাই নিয়ে । ডিব্ৰুগড় জিলাৰ চৰ অঞ্চল চিৰিআলি চাপৰিৰ ৰামবসন যাদৱ, শ্ৰীকান্ত যাদৱৰ ঘৰভেটি বান-খহনীয়াত উছন গৈছে । কেবাটাও খুঁটি পৰহি দিনৰ ভাগত আৰু কালি নিশা ব্ৰহ্মপুত্ৰৰ বানে খহাই লৈ যায়। প্ৰতিকূল বতৰ আৰু ব্ৰহ্মপুত্ৰত সৃষ্টি হোৱা প্ৰকাণ্ড ঢৌৰ বাবে পশু পালক সকলে দুদিন ধৰি খুঁটি থকা ঠাইলৈ যাব পৰা নাছিল ।আজি বিভিন্ন অঞ্চলত অভিযান চলাই কিছুমান গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও গাই,দমৰা, পোৱালিৰে সৈতে ৪৬ টা গৰু উদ্ধাৰ হোৱা নাই। ব্ৰহ্মপুত্ৰৰ পানী সামান্য পৰিমাণে কমিছে যদিও বিপদমুক্ত হোৱা নাই মেচাকি চাপৰি। চৰ অঞ্চলৰ আটাইকেইখন গাওঁ আজিও জলমগ্ন হৈ আছে ।ইপিনে লালী নদীৰ বাঢ়নী পানী পাঁচ ইঞ্চিমান কমিছে যদিও গালি চিকাৰী গাওঁ পঞ্চায়তৰ কেবাখনো আজিও জলমগ্ন হৈ আছে । বাহিৰ জোনাইৰ বেৰাচাপৰি অঞ্চলৰে সোমাই অহা চিয়াং-লালী বাঢ়নী পানীয়ে খহনীয়া সৃষ্টি কৰি জোনাইমুখ গালীঘাট সংযোগী মঠাউৰিটোৰ গালীঘাট অঞ্চলৰ জীয়াঢল অংশত ছিঙি পেলায়। বৰং অঞ্চলৰ বান পৰিস্থিতি শংকামুক্ত হোৱা নাই ।লালী নদীৰ বাঢ়নী পানীয়ে গালীঘাটৰ পৰা কৃঞ্চপুৰ হৈ কৰ্ণপুৰ সংযোগী লালী নদীৰ মঠাউৰিটোৰ গালীঘাটৰ পৰা বৰং কৃঞ্চপুৰলৈকে ছিন্ন ভিন্ন কৰি পেলোৱাৰ ফলত বৰং অঞ্চলৰ কেবাখনো গাওঁ ক্ষতিগ্ৰস্ত হৈ পৰিছে ।লালী,বুঢ়ীসূঁতি আদি নদীৰ বানত বিধ্বস্ত হৈ পৰিছে মিছামৰা গাওঁ পঞ্চায়তৰ নাওকাটা, নলবাৰী, ৰুয়াদ, বিল্লাম, তুল্লাদ, কাংকান চাপৰি আদি কেবাখনো বানপীড়িত গাওঁ ।মিছামৰা তিনিআলিৰ পৰা নলবাৰী সংযোগী পথছোৱাৰ ২ নং আৰু ৩ নং নাওকাটা অঞ্চলত কেবাঠাইত ছিন্ন ভিন্ন হৈছে বানৰ কবলত । চমকঙ গাওঁ পঞ্চায়তৰ লাম্বা মিচিং, লাম্বা মিলন, অপ্সৰা আদি গাওঁ সমূহ লালী নদীৰ বানত জলমগ্ন হৈ আছে । চেঙাজান গোৱালা, সৌৰাংশ্ৰী গাওঁ দুখনৰ অধিকাংশ পৰিয়াল ব্ৰহ্মপুত্ৰ,লালী নদীৰ বানত প্লাৱিত হৈ আছে । জোনাই মহকুমা প্ৰশাসনে চৰকাৰী ভাৱে স্থাপন কৰা মুৰ্কংচেলেক বালিকা বিদ্যালয়, জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়, জোনাই প্ৰানন্সিলিয়াল হাই স্কুল আৰু চমকং হাই স্কুল আৰু এচ বি বড়ো হাইস্কুল এই ৫টা আশ্ৰয় শিৱিৰত প্ৰায় পাচঁ শতাধিক লোক আশ্ৰয় লৈছে৷ ইয়াৰ উপৰিও বানাক্ৰান্ত লোক সকল থাকিবলৈ গাঁৱসমূহৰ ওখভেটিত তিৰ্পাল যোগান ধৰি  গালিঘাটত ৪ টা , মেচাকিত ৪টা মুঠতে প্ৰায় ১০ টা আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিছে ৷

You might also like